নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ ৰাংগাপানীত স্বামীৰ বিৰুদ্ধে পত্নী হত্যাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ কামৰূপৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত ৩নং দক্ষিণ ৰাংঙ্গাপানী গাঁৱত যোৱানিশাৰ ভাগত সংঘটিত হয় এক চাঞ্চল্যকৰ কাণ্ড৷ স্থানীয় ৰাইজে জনিব দিয়া মতে ৩নং দক্ষিণ ৰাংঙ্গাপানী গাঁৱৰ ৰবিউল হুছেইনৰ পুত্ৰ নিলচান্দ আলীয়ে দুই বছৰ মানৰ পূৰ্বে নগৰবেৰাৰ বদলাপথাৰৰ টিয়াপাৰা গাঁৱৰ বাহাৰ আলীৰ কন্যা স্বাহাতন নেচাৰ সতে প্ৰেমৰ সম্পৰ্ক গঢ়ি পলুৱাই নি বিয়া পাতিছিল যদিও বিয়াৰ পাছৰে পৰা যৌতুকজনিত ঘটনাক কেন্দ্ৰ কৰি প্ৰায়ে শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ উপৰি মহিলাগৰাকীক মাৰপিট কৰাৰো অভিযোগ। একাধিকবাৰ এনেধৰণৰ সমস্যা সমাধান কৰিবলৈ সামাজিকভাৱে ৰাইজমেল পাতি দুয়ো পৰিয়ালৰ সমস্যাসমূহ সমাধান কৰি দিছিল, তাৰ মাজতেই নিলচান্দে শহুৰ পক্ষৰ পৰা ৪৫০০০ টকাও আদায় লৈছিল, কেইবামাহ সুকলমে সংসাৰ চলি থকাৰ মাজতেই হঠাৎ যোৱা বুধবাৰৰ নিশাৰ ভাগত যৌতুকজনিত ঘটনাক কেন্দ্ৰ কৰি পুনৰাই স্বামী নীলচান আৰু পত্নী স্বাহাতন নেচাৰ মাজত মতানৈক্য হয় আৰু স্বামীৰ লগতে স্বামী পৰিয়ালে পৰিকল্পিতভাবে হত্যা কৰি ঘৰৰ মূধচৰ চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাই যদিও স্থানীয় ৰাইজে ঘটনাৰ উমান পাই ঘটনাস্থলী উপস্থিত হোৱাত পোহৰলৈ আহে সমগ্ৰ ঘটনা৷ যৌতুকৰ বাবেই পত্নী হত্যাৰ ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ লগতে চেপা উত্তেজনা বিৰাজ কৰে৷ ঘটনাৰ খৱৰ পাই সোণতলী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণৰ যাৱতীয় দিহা কৰে। ঘটনাৰ মাৰাথন তদন্ত অব্যাহত ৰাখিছে সোনতলী আৰক্ষীয়ে। ইপিনে উত্তেজিত ৰাইজে হত্যাকাণ্ড সংঘটিত কৰি আত্মহত্যাৰ ৰূপ দি ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰা পাষণ্ড স্বামী নীলচান্দ আলী আৰু তেওঁৰ পিতৃ ৰবিউল হুছেইনক আটক কৰি সোণতলী আৰক্ষীক চমজাই দিয়ে ৷

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like