🔹 ঋষিকেশৰ ওপজা দিনতে ভয়ংকৰ কাণ্ড
🔹 সন্ধানহীন পিতৃ জগদীশ হালৈ
নিয়মীয়া বার্তা, ২০ ফেব্রুৱাৰী : কালি নিশাৰ ভাগত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে সমগ্র নলবাৰী জিলা৷ বিশেষভাৱে সক্ষম পুত্রৰ জন্মদিনৰ দিনাই পিতৃয়ে লিপ্ত হ’ল ভয়ংকৰ কার্যত৷ যাৰ পৰিণতিত বিশেষভাৱে সক্ষম ১৫ বছৰীয়া পুত্র ঋষিকেশ কাশ্যপ আৰু মাতৃ কবিতা হালৈয়ে ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লয়৷ ঘটনাৰ স্থান নলবাৰী চহৰৰ চান্দকুছি পথৰ বৰসৰকুছি৷ দিনৰ ভাগত কোনোৱে কল্পনাই কৰিব পৰা নাছিল৷ পিতৃ জগদীশ হালৈ আৰু মাতৃ কবিতা হালৈয়ে আয়োজন কৰিছিল বিশেষভাৱে সক্ষম পুত্র ঋষিকেশ কাশ্যপৰ জন্মদিনৰ৷ হাঁহি–মাতি সকলো ঠিকে–ঠাকেই চলিছিল৷ কিন্তু নিশাৰ ভাগতহে জগদীশ হালৈৰ আত্মীয় তথা ওচৰ–চুবুৰীয়াই প্রকাশ কৰা তথ্যক লৈ সর্বত্র বিয়পি পৰে চাঞ্চল্য৷ কিয়নো জগদীশ হালৈৰ ঘৰৰ শোৱনী কোঠাৰ ভিতৰত ৰহস্যজনকভাৱে উদ্ধাৰ হয় কবিতা হালৈ–ঋষিকেশ কাশ্যপৰ মৃতদেহ৷ চুবুৰীয়াই সদৰী কৰা অনুসৰি দিনৰ ভাগত বিশেষভাৱে সক্ষম পুত্রৰ জন্মদিন আয়োজনক লৈ ব্যস্ত আছিল মাতৃ–পিতৃ৷ কিন্তু সন্ধিয়া প্রায় ৭.৩০ বজাত ঘৰত তলা ওলোমাই নিজৰ স্কুটীৰে ওলাই যায় জগদীশ হালৈ৷ যোৱাৰ সময়ত চোতালতে জগদীশ হালৈয়ে ঘৰৰ চাবি পেলাই থৈ গৈছিল৷ আটাইতকৈ ৰহস্যজনক কথাটো হ’ল জগদীশ হালৈ সম্প্রতি সন্ধানহীন৷ নিজৰ স্কুটীখন নলবাৰীৰ ৰাষ্ট্রীয় ঘাইপথত থকা এখন ধাবাত এৰি যোৱাৰ লগতে চাবিপাটো পেলাই থৈ গৈছে৷ এনে প্রেক্ষাপটত মাতৃ–পুত্রৰ কিদৰে মৃত্যু হ’ল তাক লৈ সর্বত্র উদ্ভৱ হৈছে প্রশ্ণৰ৷ অভিযোগ অনুসৰি ব্যক্তিগত খণ্ডৰ এটা বেংকৰ কর্মচাৰী জগদীশ হালৈয়ে পত্নী আৰু বিশেষভাৱে সক্ষম পুত্রক বিহ খুৱাই হত্যা কৰিছে৷ ইয়াৰ আঁৰত আছে দীর্ঘদিনীয়া অশান্তি৷ বিশেষভাৱে সক্ষম পুত্রই তিনিজনীয়া পৰিয়ালটোত অশান্তিৰ সৃষ্টি কৰি আহিছিল৷ ইফালে, জগদীশ হালৈয়ে বন্ধ কৰি থৈ যোৱা নিজ ঘৰৰ তলা ভাঙি আত্মীয় তথা ওচৰ–চুবুৰীয়াই ঋষিকেশ কাশ্যপ আৰু কবিতা হালৈৰ মৃতদেহ উদ্ধাৰ কৰিছে৷ সমান্তৰালভাৱে অব্যাহত আছে আৰক্ষীৰ তদন্ত৷ আৰক্ষীৰ তদন্ততহে সমগ্র বিষয়টো স্পষ্ট হ’ব বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে৷