নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত চলিল হাইড্র’জেনচালিত বাছ

🔹 দেশৰ পৰিবহণ ব্যৱস্থাত নতুন যুগৰ সূচনা

বিশেষ বার্তা, ১১ আগষ্ট : দেশৰ পৰিবহণ ব্যৱস্থাৰ ইতিহাসত এক নতুন যুগৰ সূচনা কৰি  যোৰহাটত মুকলি কৰা হয় প্রথমখন হাইড্র’জেন গেছচালিত অত্যাধুনিক বাছ৷ ভাৰতবর্ষৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্রীয় অন্বেষণ আৰু উৎপাদন কোম্পানী অইল ইণ্ডিয়া লিমিটেডৰ নার্চাৰিং, এনেৱলিং এণ্ড হেণ্ড হল্ডিং (এছএনইএইচ) শীর্ষক কার্যসূচীৰ অধীনত ওম ক্লিনটেক প্রাইভেট লিমিটেডে হাইড্র’জেনচালিত বাছখন পুণেত নির্মাণ সম্পূর্ণ কৰাৰ পিছত যোৰহাটলৈ পৰীক্ষামূলকভাৱে অনা হৈছে৷ হাইড্র’জেন গেছচালিত এই অত্যাধুনিক বাছখন যোৰহাটৰ পৰা কাজিৰঙা আৰু যোৰহাটৰ পৰা দুলীয়াজানলৈ চলাচল কৰিব৷ কালি যোৰহাট চাৰিগাঁও অইল পাম্পিং ষ্টেচনত আযোজন কৰা এখন সংবাদ মেলত এই কথা সদৰী কৰিছে অইলৰ বিষয়াই৷ ভাৰত চৰকাৰৰ হাইড্র’জেন মিছন এই প্রকল্পৰ অধীনত হাইড্র’জেন গেছক ইন্ধন হিচাপে ব্যৱহাৰ কৰি বাছখন চলোৱা হৈছে৷ কিয়নো সম্পূর্ণ প্রদূষণমুক্ত এই গেছে প্রকৃতিৰ ওপৰত কোনো প্রভাৱ নেপেলায়৷ হাইড্র’জেন গেছৰ পৰা ফুৱেল চেল কমিকেল ৰোডৰে বৈদ্যুতিক শক্তি উলিয়াই বেটাৰী চার্জ কৰি এই বাছখন চলোৱা হ’ব বুলি কোৱা হৈছে৷ এই অত্যাধুনিক বাছখন যোৰহাটলৈ অনাৰ একমাত্র কাৰণ হৈছে যে যোৰহাটৰ চাৰিগাঁও পাম্পিং ষ্টেচনত সেউজ হাইড্র’জেনৰ এটা প্রকল্প গঢ়ি তোলা হৈছে, যিটো ইতিমধ্যে সম্পূর্ণ হৈ উঠিছে৷ সেয়ে এই বাছখন অইলৰ পাম্পিং ষ্টেচনত ৰাখি প্রাৰম্ভিক অৱস্থাত কম দূৰত্ব আৰু পৰৱর্তী সময়ত দীর্ঘ দূৰত্বলৈ চলাচল কৰিব বুলি উল্লেখ কৰি অইল বিষয়াই সংবাদ মেলত আৰু কয় যে ভাল সঁহাৰি লাভ কৰিলে বাছখনৰ জৰিয়তে বাণিজ্যিক সেৱা আগবঢ়োৱা হ’ব৷ ৬০ কিলোৱাট পিইএম ফিডৱেল ইঞ্জিনেৰে নির্মিত ৯ মিটাৰ দীঘল বাছখনে ইলেক্ট্রিক শক্তিৰ জৰিয়তে ন্যূনতম ৪০০ কিলোমিটাৰ পর্যন্ত চলাচল কৰিব৷ প্রতি কিলোৱাট শক্তিৰ বিপৰীতে বাছখনে ১০ কিলোমিটাৰ অতিক্রম কৰিব বুলি সংবাদ মেলত কোৱা হৈছে৷ বাছখনৰ ওপৰত আছে তিনিটাকৈ হাইড্র’জেন গেছযুক্ত চিলিণ্ডাৰ৷ ২১ কেজি গেছ অতিৰিক্তভাৱে মজুত থকা বাতানুকূল বাছখনত হুইল চেয়াৰৰ পৰা আৰম্ভ কৰি সকলো সুবিধা উপলব্ধ৷ সংবাদ মেলখনত দুলীয়াজান অইলৰ জন পৰিক্রমা বিভাগৰ মহাপ্রবন্ধক দেৱাশিস বৰা, চাৰিগাঁও অইল পাম্পিং ষ্টেচনৰ মুৰব্বী তথা মহাপ্রবন্ধক পি ভি আৰ মূর্তি, অইলৰ কার্যবাহী সঞ্চালক তথা মুখপাত্র ভৈৰৱ ভূঞা, অইলৰ পৰিবহণ বিভাগৰ মহাপ্রবন্ধক এছ আৰ সামাদাৰ উপস্থিত আছিল৷

প্ৰেৰক ৰঞ্জিত ভূঞা

You might also like