নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘এক ডাঙৰ ষড়যন্ত্রৰ বলি হৈছোঁ, মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সত্যতা নাই’ 

📌 লখিমপুৰ মহাবিদ্যালয়ৰ বিতৰ্কিত প্ৰবক্তা হেমন্ত শৰ্মাৰ প্ৰতিক্ৰিয়া

বিশেষ বাৰ্তা, ২৪ জুলাই : ‘মই এক ডাঙৰ ষড়যন্ত্রৰ বলি হৈছোঁ। সময়ৰ হাতত এই সকলোবোৰ এৰি দিছোঁ। সময় নিৰপেক্ষ বিচাৰক। সময়ে ইয়াৰ সঠিক বিচাৰ কৰিব।’ শিক্ষার্থীক শাৰীৰিক-মানসিক আতিশয্য চলোৱাৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী প্ৰবক্তা ড০ হেমন্ত শৰ্মাৰ এয়া প্ৰথম প্ৰতিক্ৰিয়া। যোৱানিশা সদৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা প্ৰবক্তাজনক স্বাস্থ্য পৰীক্ষাৰ বাবে থানাৰ পৰা উলিয়াই নিয়াৰ সময়ত তেওঁ সাংবাদিকৰ আগত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগক নসাৎ কৰি তেওঁ কয়- মৰমেৰে ছাত্র-ছাত্রীৰ পাঠদান কৰাতো অপৰাধ হব নোৱাৰে। যদি অপৰাধ হয় তেন্তে সেয়া শিক্ষক সমাজৰ বাবে অপমানৰ বিষয়। তেওঁ উচিত ন্যায় বিচাৰৰ কামনা কৰি কয়- শ্ৰেণীত মদ্যপান কৰি প্ৰৱেশ কৰাৰ কথা একেবাৰে অসত্য। যদি তেনে কৰাৰ প্ৰমাণ আছিল, তেনে অৱস্থাত তেওঁক কিয় লগে লগেই স্বাস্থ্য পৰীক্ষা কৰি তেতিয়াই ব্যবস্থা গ্রহণ কৰা নহ’ল। পাছত মদ্যপান কৰাৰ অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র ৰচনা কৰা হৈছে বুলি প্ৰবক্তাজনে খেদ প্ৰকাশ কৰে। তেওঁৰ আতিশয্যত শিক্ষার্থীয়ে কলেজ এৰাৰ কথাও সত্য নহয় বুলি কয়। প্ৰাক্তন বহু ছাত্র-ছাত্রীৰ লগতে অধ্যয়নৰত বহু ছাত্র-ছাত্রীয়ে তেওঁৰ ব্যৱহাৰ সন্দৰ্ভত সঠিকভাৱে ক’ব বুলি দৃঢতাৰে কয় অভিযুক্ত প্ৰবক্তাজনে। বাৰে বাৰে তেওঁ ষড়যন্ত্রৰ বলি হোৱা বুলি উল্লেখ কৰি তেওঁ কেৱল সময়ৰ হাতত সকলো এৰি দি সময়ে সঠিক বিচাৰ কৰিব বুলি কয়।

প্ৰেৰক জীৱন গোস্বামী

You might also like