📌 তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ সংবাদ মেল
বাৰ্তা বুৰো, ২৫ মাৰ্চঃ তিৱা ছাত্ৰ সন্থাৰ চেনিৰাম মালাং গোটে দিশপুৰ প্ৰেছ ক্লাৱত ৬ মাৰ্চত এখনি সংবাদ মেল সম্বোধন কৰি উন্মোচন কৰিছিল তিৱা স্বায়ত্ব পৰিষদত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য। অভিযোগ উত্থাপন হৈছিল যে বজাৰ মুল্যতকৈ অধিক মূল্যত ক্ৰয় কৰিছিল পৰিষদৰ ৰাইজৰ বাবে আৱন্তিত সামগ্ৰী। ইয়াৰ পিছতেই তিৱা স্বায়ত্ব পৰিষদত মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে এখনি সংবাদ মেল অনুষ্ঠিত কৰি তিৱা ছাত্ৰ সন্থাৰ চেনিৰাম মালাং গোটে কৰা অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰে। কিন্তু উত্থাপিত অভিযোগ বজাৰ মূল্যতকৈ অধিক মূল্যত সামগ্ৰী ক্ৰয় কৰা সন্দৰ্ভত সঠিক উত্তৰ দিয়াৰ পৰা বিৰত থাকে জীৱন কোঁৱৰে। আনহাতে তেওঁ কৈ যে তিৱা ছাত্ৰ সন্থাৰ নেতা চেনিৰাম মালাঙে উত্থাপন কৰা ৭০ কোটিৰ সামগ্ৰী যোগান কেলেংকাৰী সম্পূৰ্ণ অসত্য আৰু ভিত্তিহীন কাৰণ তেওঁ চাৰি বছৰীয়া কায্যকালত সামগ্ৰী যোগানৰ নামত চৰকাৰী পুঁজি লাভ কৰিছে মাত্ৰ ৮ কোটি ৬৯ লাখ টকাহে। তেওঁ কৈ যে বিত্ত বিভাগ আৰু ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ নীতি নিৰ্দেশনা মতে আবন্তিত পুঁজিৰ ৮০ শতাংশ নিৰ্মান আঁচনি আৰু ২০ শতাংশ সামগ্ৰী যোগান ত ব্যয় কৰা হৈছে। আনহাতে দুৰ্নীতি সম্পৰ্কত কেইবাটাও প্ৰশ্নৰ সঠিক উত্তৰ দিয়াৰ পৰা বিৰত থাকে যদিও সংবাদ মেল ত মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰৰ সৈতে আন এজন নিৰ্বাচিত সদস্য তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী পবন মানটাক একেলগে দেখা গল। উল্লেখ্য ৰাজনৈতিকভাবে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ সৈতে থকা তেওঁৰ বৈৰিতা সৰ্বজন বিদিত যদিও বৰ্তমানৰ মুখ্য কায্যবাহী তথা বিধায়ক ৰমাকান্ত দেউৰী এসময়ৰ ঘনিষ্ঠ জীৱন কোঁৱৰৰ সৈতে একেখন সংবাদ মেলত দেখা পোৱাৰ পিছতে আগন্তুক সময়ত তিৱা পৰিষদত যে পুনৰ এক ক্ষমতাকেন্দ্ৰিক যুজঁ আৰম্ভ হব সেয়া ধুৰূপ বুলি সচেতন মহলে মন্তব্য কৰিছে।
প্ৰেৰক প্ৰাঞ্জল দাস