নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমন্ত বিটিচিত সোমাইছে, অহাবাৰ মই জালুকবাৰীত সোমাম

গোৰেশ্বৰ–নাওকাটাত হাগ্রামা

নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ আমি বিজেপিৰ সৈতে মিত্রতাত আছিলোঁ আৰু বিগত বিধানসভা নির্বাচনত আমি সমর্থন দিয়াৰ বাবেহে অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু এতিয়া সময় সলনি হ’ল৷ এতিয়া আমাৰ বিজেপিৰ সৈতে ডাইৰেক্ট ফাইট আৰম্ভ হৈছে৷ –এই মন্তব্য বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী তথা বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীৰ৷ আজি বাক্সা জিলাৰ ২৯নং শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিৰ অন্তর্গত নাওকাটাত শুক্লাই–ছেৰফাং ব্লক সমিতি মহিলা কোষৰ উদ্যোগত অনুষ্ঠিত মহিলা সবলীকৰণ সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি এনেদৰে কয় মহিলাৰীয়ে৷ নিজ স্বভাৱসুলভ খুহুতীয়া ভাষণ প্রসংগত তেওঁ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ওদালগুৰিৰ হৰিশিঙাৰ এক সভাত তেওঁক উদ্দেশ্যি হাগ্রামা এণ্ড কোম্পানীয়ে বিটিচিৰ কোটি কোটি টকা আত্মসাৎ কৰি উন্নয়নমূলক কাম কৰিব নোৱাৰা বুলি কৰা মন্তব্যৰ প্রত্যুত্তৰত কয় যে সম্প্রতি বিটিচিত নির্বাচনৰ গৰম বতাহ চলি আছে৷ নির্বাচনত জিকাৰ স্বার্থত বিভিন্ন দলে বিভিন্ন কথা কয়, কিন্তু বিপিএফৰ বাদে অইন দলে ৰাইজৰ স্বার্থত কাম নকৰে৷ মন্ত্রী ড০ হিমন্ত বিশ্বই কোৱাৰ দৰে দিছপুৰৰ পৰা অনা টকা চৰকাৰৰ নহয় এয়া ৰাইজৰ টকা৷ কেন্দ্রীয় চৰকাৰে বিটিচি উন্নয়নৰ বাবে আবণ্টন দিয়া পুঁজিৰ শতকৰা ১২.১৯ টকাৰ পৰিৱর্তে ৩.৬ টকাহে বিটিচিয়ে লাভ কৰি আহিছে৷ বাকী থকা পুঁজি কাৰ পকেটলৈ যায় বুলি প্রশ্ণ উত্থাপন কৰি তেওঁ কয় যে দাদাইহে ডকাইতি কৰি আমাৰ টকা খাইছে আমি খোৱা নাই৷ বিজেপি চৰকাৰে ঘোষণা কৰা সোণৰ আঁচনি ক’ত হেৰাল বুলি প্রশ্ণ উত্থাপন কৰি তেওঁ পুনৰ কয় যে বিজেপিয়ে বিটিচি দখল কৰাৰ যি সপোন দেখিছে সেয়া হাগ্রামা মহিলাৰী থকালৈ কেতিয়াও পূৰণ নহয়৷ তেওঁক জে’লত ভৰালেহে পূৰণ হ’ব বুলি তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷ আনহাতে বিটিচিত থকা বিজেপিৰ কর্মী ভিতৰে ভিতৰে তেওঁৰ লগতহে আছে বুলি কৈ বিজেপিয়ে বিটিচিত এখনো আসন নাপায় বুলি দৃঢ়তাৰে মত পোষণ কৰে৷ মিত্রতাৰ ধর্ম বিজেপিয়ে পালন নকৰাৰ অভিযোগ উত্থাপন কৰি মহিলাৰীয়ে অহা বিধানসভা নির্বাচনত বিজেপিৰ ঘণ্টা বজাই দিব বুলি মন্তব্য কৰি উপস্থিত ৰাইজক আমোদ দিয়ে৷ শুক্লাই–ছেৰফাং মহিলা বিপিএফৰ সভানেত্রী দীপান্বিতা ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্রী চন্দন ব্রহ্মই বিভিন্ন অভাৱ–সমস্যাৰ মাজেৰে আজিৰ উন্নত বিটিচি সৃষ্টি হোৱা বুলি উল্লেখ কৰি এই বিটিচি দখল কৰাৰ বাবেই আজি ৰাষ্ট্রীয় পর্যায়ৰ দলসমূহ উঠিপৰি লগা বুলি কৈ বিজেপিয়ে বিপিএফক ৰাজনীতিৰ মিউজিয়ামত ৰাখিব বিচৰাৰ অভিযোগ কৰে৷ সভাত ভাষণ ৰাখি বিপিএফ প্রার্থী গণেশ কছাৰীয়ে তেওঁৰ কার্যকালতহে শুক্লাই–ছেৰফাং ৰেহৰূপ সলনি হোৱা বুলি উল্লেখ কৰি জনসিঞ্চন মন্ত্রী ভৱেশ কলিতাক আক্রমণৰ লক্ষ্য কৰি লয়৷ আনহাতে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত হাগ্রামা মহিলাৰীয়ে কৌশলপূর্ণভাৱে বিপিএফৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিজেপি গমনৰ চর্চাক এৰাই চলি বিপিএফৰ চৰকাৰ আহিলে প্রথমে মাটিৰ পট্টা প্রদানৰ কাম কৰাৰ লগতে বিভিন্ন জনগোষ্ঠীক লগত লৈ জনগোষ্ঠীয় সমস্যাসমূহ সমাধানৰ ক্ষেত্রত কাম কৰি যাব বুলি উল্লেখ কৰে৷

আনহাতে সোমবাৰে বাক্সা জিলাৰ গোৰেশ্বৰৰ বেঙেনাহাটী ৰাজহুৱা প্রেক্ষাগৃহত বিপিএফৰ এখন বিশাল নির্বাচনী সভাত হাগ্রামা মহিলাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি অসমৰ বিত্ত তথা শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ডকাইত বুলি আখ্যা দি কয় যে অসম চৰকাৰৰ মন্ত্রী হিমন্ত বিশ্ব শর্মাই বিটিচি চৰকাৰক এক হাজাৰ কোটি টকা দিয়া বুলি কৈছিল৷ কিন্তু এক হাজাৰ নহয় আমাক ৬৫০ কোটি টকাহে দিছিল৷ বাকী টকাখিনি হিমন্ত বিশ্ব শর্মাই আত্মসাৎ কৰিছিল৷ সেই কাৰণে তাক আমি ডকাইত বুলি কৈছেছা৷ গোৰেশ্বৰ ব্লক বিপিএফৰ উদ্যোগত মহিলা সবলীকৰণ সন্দর্ভত অনুষ্ঠিত সভাখনত হাগ্রামা মহিলাৰীয়ে হিমন্ত বিশ্ব শর্মাক লক্ষ্য কৰি পুনৰ কয় যে বিটিচিত বিপিএফে চৰকাৰ গঠন কৰিব৷ আৰু আমি যিদিনাই শপত গ্রহণ ল’ম সেইদিনা হিমন্ত বিশ্ব শর্মাক নিমন্ত্রণ দিয়া নহয়৷ বিটিচিত মই থকালৈকে হিমন্তই সোমাই লাভ নাই৷ বিটিচিত শান্তিপূর্ণভাৱে ৰাইজে বসবাস কৰি আছে৷ গতিকে অশান্তিৰ বীজ ছটিয়াব আহিব নালাগে৷ তেওঁ কয় যে হিমন্তই যেনেদৰে এইবাৰ বিটিচি নির্বাচনত সোমাইছে ময়ো অহা বিধানসভা নির্বাচনত জালুকবাৰী সমষ্টিত সোমাম৷ জালুকবাৰী সমষ্টিত বহু বডো আৰু বাঙালী ভোট আছে৷ সেইবোৰ ভোট ময়ো বিভাজন কৰিম বুলি কয়৷ লগতে কয় যে জালুকবাৰী সমষ্টিত থকা বডোসকলে এতিয়াও মদ বিক্রী কৰি জীৱন নির্বাহ কৰি আছে৷ সেইসকলক চকু দিয়ক বুলি কটাক্ষ কৰে৷ সভাত অংশগ্রহণ কৰি অসম চৰকাৰৰ মন্ত্রী চন্দন ব্রহ্মই কয় যে নাঙলৰ মুঠিত ধৰিয়ে বিজেপিয়ে চৰকাৰ গঠন কৰিলে৷ আৰু এতিয়া হিমন্তই নাঙলকে সমালোচনা কৰিব আৰম্ভ কৰিছে৷ হিমন্তৰ কথা মতে বিটিচি নচলে৷ বিটিচিবাসীয়ে হাগ্রামা মহিলাৰীৰ মতে চলে বুলি কয় মন্ত্রী চন্দন ব্রহ্মই৷ দিনৰ ২ বজাৰ পৰা আৰম্ভ হোৱা সভাত বিপিএফৰ কেন্দ্রীয় সম্পাদিকা অঞ্জলি দৈমাৰী, ই এম মহেশ্বৰ বসুমতাৰী, কৌতুক অভিনেতা বিপুল ৰাভাকে ধৰি কেইবাজনো নেতা তথা প্রায় ২ সহস্রাধিক লোকে অংশগ্রহণ কৰে৷

You might also like