নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সময়ৰ আহ্বানলৈ সঁহাৰি জনাই মই নিজৰ ঘৰখনলৈ ঘূৰি আহিলোঁ : ৰিপুণ বৰা

🔹 চৰাইদেউত পুনৰ কংগ্রেছত যোগদান তৃণমূল কংগ্রেছত্যাগী বৰাৰ

বিশেষ বার্তা, ৮ ছেপ্টেম্বৰ : দেশ আৰু অসমৰ সাম্প্রতিক যি পৰিস্থিতি, তাৰ প্রেক্ষাপটত মই পুনৰ মোৰ নিজৰ ঘৰখনলৈ ঘূৰি আহিলোঁ বুলি আজি চৰাইদেউ জিলাৰ মাইবেলাস্থিত গ্রাম্য ক্রীড়া প্রকল্পত অনুষ্ঠিত অসম প্রদেশ কংগ্রেছ কমিটীৰ বর্ধিত কার্যনির্বাহক সভাত দলটোত যোগদান কৰাৰ পূর্বে সংবাদ মাধ্যমৰ আগত কয় ৰাজ্যিক তৃণমূল কংগ্রেছৰ সভাপতি পদ তথা প্রাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰা ৰিপুণ বৰাই ৷ আজি পুৱা সভাখন আৰম্ভ হোৱাৰ পূর্বে সভাথলীত উপস্থিত হোৱা বৰাক কংগ্রেছ দললৈ পুনৰ ঘূৰি অহা সন্দর্ভত সাংবাদিকে মতামত বিচৰাত তেওঁ কয় যে মই আঢ়ৈ বছৰ কংগ্রেছ দলৰ পৰা আঁতৰি ৰাজ্যখনত তৃণমূল কংগ্রেছক নেতৃত্ব দি আছিলোঁ৷ কিন্তু সাম্প্রতিক অসমৰ যি পৰিস্থিতি, তাৰ তাগিদাত মই নিজৰ ঘৰ অর্থাৎ কংগ্রেছ দললৈ উভতি অহাৰ সিদ্ধান্ত গ্রহণ কৰিলোঁ৷ অসমত বিজেপি দলৰ উগ্র সাম্প্রদায়িকতাবাদ, দুর্নীতি, ভ্রষ্টাচাৰে ছানি ধৰিছে, এনে সময়ত বিৰোধী ৰাজনৈতিক শক্তি ভাগ ভাগ হৈ থাকিলে বিৰোধী শক্তি দুর্বল হৈ পৰিব আৰু সাম্প্রদায়িক বিজেপি দলক ৰাজ্যৰ ৰাজনীতিত প্রতিহত কৰাটো সম্ভৱপৰ নহ’ব৷ ইফালে, বিগত লোকসভা নির্বাচনৰ ফলাফলৰ দ্বাৰা ভোটাৰে বিজেপি দলক প্রতিহত কৰিবলৈ এটা বার্তা দিছে৷ এই বার্তা আমি গ্রহণ কৰিব লাগিব৷ দেশত এতিয়া ৰাজ্যভেদে বিজেপিৰ বিৰুদ্ধে শক্তিশালী যি দল আছে, এই দলক শাসনলৈ অনাটো ৰাইজে বিচাৰিছে৷ অসমত বিৰোধী দল হিচাপে কংগ্রেছ দল যিহেতু শক্তিশালী, সেই কাৰণে কংগ্রেছ দলৰ হৈ সেৱা আগবঢ়াবলৈ সময়ৰ আহ্বান আহি পৰিছে৷ এই আহ্বানৰ প্রতি সন্মান আৰু সঁহাৰি জনাই মই কংগ্রেছ দলত যোগদান কৰিছোঁ৷ বৰাক ৰাজ্যসভাৰ প্রার্থিত্ব নাপাই কংগ্রেছ দললৈ অহা বুলি সুস্মিতা দেৱৰ মন্তব্য উনুকিয়াই সাংবাদিকে প্রশ্ণ কৰাত তেওঁ কয় যে ৰাজ্যসভাৰ প্রার্থিত্বপ্রত্যাশী হিচাপে তেওঁ আছিল যদিও ইয়াৰ পৰা বঞ্চিত হোৱা বাবে তেওঁ কংগ্রেছ দললৈ উভতি অহা নাই৷ অসমৰ ৰাজনৈতিক প্রেক্ষাপটত কংগ্রেছ দলৰ বাহিৰে বিকল্প শক্তিশালী ৰাজনৈতিক দল নাই বাবেই তেওঁ দলটোলৈ উভতি অহাৰ সিদ্ধান্ত লয় বুলি কয়৷ ইফালে, আগন্তুক উপ–নির্বাচন খেলাৰ প্রতি তেওঁ আগ্রহান্বিত নহয় বুলি বৰাই মন্তব্য আগবঢ়ায়৷ পৰৱর্তী সময়ত অসম প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা, দলটোৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং, এআইচিচিৰ সম্পাদকদ্বয় ক্রমে জিতেন্দ্র বাঘেল আৰু পৃথ্বীৰাজ চাথে, সাংসদ ক্রমে গৌৰৱ গগৈ, প্রদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, বিধানসভাৰ বিৰোধী দলপতি দেৱব্রত শইকীয়াকে আদি কৰি দলটোৰ ৰাজ্যিক বিষয়ববীয়াৰ উপস্থিতিত ৰিপুণ বৰাক জিতেন্দ্র সিং, গৌৰৱ গগৈ আৰু ভূপেন বৰাই আনুষ্ঠানিকভাৱে দলটোলৈ আদৰণি জনায়৷ মন কৰিবলগীয়া এয়ে যে ৰিপুণ বৰাৰ সৈতে ৰাজ্যিক স্তৰৰ লগতে উজনি অসমৰ কেইবাখনো জিলাৰ তৃণমূল কংগ্রেছৰ নেতৃত্বই কংগ্রেছ দলত যোগদান কৰাটো নিশ্চিত হৈছে৷ পৰৱর্তী সময়ত গুৱাহাটীৰ ৰাজ্যিক কার্যালয়ত এইসকল কর্মকর্তাক দলটোৰ মজিয়ালৈ আদৰণি জনোৱা হ’ব বুলি প্রদেশ কংগ্রেছৰ সভাপতি বৰাই প্রকাশ কৰিছে৷

You might also like