নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলে টিকট দিলে মই কাজিৰঙাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম : ৰ’জলীনা তিৰ্কী

বিশেষ বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ আগন্তুক লোকসভা নিৰ্বাচনত কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী হ’ব সৰুপথাৰৰ প্ৰাক্তন বিধায়িকা ৰ’জলীনা তিৰ্কী। আজি গোলাঘাটত সংবাদ মাধ্যমৰ আগত তেওঁৰ এই ইচ্ছা প্ৰকাশ কৰি কয় যে মই ইতিমধ্যে দলীয় নিয়ম কানুন অনুসৰি দলীয় মজিয়াত প্ৰাথিৰ্ত্বৰ বাবে আবেদন কৰিছো। আগন্তুক নিৰ্বাচনত প্ৰতিন্দিতা কৰিবৰ বাবে তেওঁ সম্পূৰ্ণ সাজু বুলিও লগতে প্ৰকাশ কৰে। তেওঁ আৰু কয় যে মূল্যবৃদ্ধি, নিবনুৱা সমস্যাক প্ৰধান ইচ্ছু হিচাপে লৈ আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজৰ কাষলৈ যাব কংগ্ৰেছ দল ৷ পূৰ্বৰ কলিয়াবৰ আৰু বৰ্তমান কাজিৰঙা লোকসভা সমষ্টিটো বহু বছৰ ধৰি কংগ্ৰেছৰ দখলত আছে । এইবাৰো  তাৰ ব্যতিক্ৰম নহয় বুলিও প্ৰাক্তন বিধায়িকা ৰ’জনীলা তিৰ্কীয়ে দৃঢ়তাৰে কয়। কাজিৰঙা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰ’জনীলা তিৰ্কীয়ে ইতিমধ্যে কংগ্ৰেছৰ হৈ প্ৰচাৰ আৰম্ভ কৰিছে ৷ চৰকাৰত নাথাকিলেও ৰাইজৰ আস্থা আৰু বিশ্বাস এতিয়াও কংগ্ৰেছ দলৰ প্ৰতি থকাৰ কথা উল্লেখ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ আনহাতে  কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰা বিস্মিতা গগৈৰ সন্দৰ্ভতো নেত্ৰীগৰাকীয়ে উল্লেখ কৰে যে কোনোবা গ’লেও কংগ্ৰেছ দলৰ কোনো ক্ষতি নহয় ৷ যোৱা স্থানত পুনৰ নতুন লোকক থিয় কৰাই সমষ্টিটোত কংগ্ৰেছ দল শক্তিশালী কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে ৷ মুঠতে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কাজিৰঙা সমষ্টিত কংগ্ৰেছ দলে এঘড়ী যুঁজিবলৈ সম্পূৰ্ণ সাজু বুলিও উল্লেখ কৰে ৰ’জনীলা তিৰ্কীয়ে ৷
প্ৰেৰক দিগন্ত কুমাৰ বৰা
You might also like