🔹 ‘ধুবুৰীত মই লোকেল বাঘ’
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ : বিলাসীপাৰা পৌৰসভাৰ আঠ নম্বৰ ৱাৰ্ডত অৱস্থিত আৱৰ্ত ভৱনত আজি বিয়লি উপস্থিত হয় সাংসদ বদৰুদ্দিন আজমল। সাংসদজনে সাংবাদিকৰ মুখামুখি হৈ কয় যে ড০ হিমন্ত বিশ্ব শৰ্মাই জৰা-ফুঁকা কৰা মানুহক জে’ললৈ প্ৰেৰণ কৰিব বুলি প্ৰকাশ কৰিছে।মুখ্যমন্ত্রীজনৰ এই মন্তব্যত ভয় খাইছে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে। আজমলে কয়- লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত জৰা-ফুঁকা কৰাৰ পৰা বিৰত থাকিম। মই বৃদ্ধ বয়সত আৰু ৰমজান মাহত জে’লত যাব নিবিচাৰোঁ। সেয়ে নিৰ্বাচনৰ ফলাফল ঘোষণা নোহোৱালৈকে জৰা-ফুঁকা নকৰো। উল্লেখ্য যে নিৰ্বাচন আহিলেই চৰ অঞ্চলৰ সংখ্যালঘু মানুহক জৰা-ফুঁকা পানী দি ভোটভিক্ষা কৰি আহিছিল বদৰুদ্দিন আজমলে। এইবেলি আজমলৰ জৰা-ফুঁকাবিহীন ৰাজনীতি দেখিবলৈ পোৱা যাব ধুবুৰী লোকসভা সমষ্টিত। আনফালে চলিত মাহত বিজেপি চৰকাৰে ‘কা’ বলৱৎ কৰাৰ আজমলে তীব্ৰ বিৰোধিতা কৰে। তদুপৰি কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থী ৰকিবুল হুছেইনে নিজকে বাঘ বুলি কোৱাৰ প্ৰত্যুত্তৰত বদৰুদ্দিন আজমলে নিজকে বুঢ়া বাঘ বুলি অভিহিত কৰে।তেওঁ কয়- বুঢ়া বাঘ অতি বিপজ্জনক হয়। মই ধুবুৰী সমষ্টিত বিগত ২০ বছৰৰ পৰা আছোঁ। ২০ বছৰ আমেৰিকাত থাকিলে নাগৰিকত্ব পায়। সেয়ে মই ধুবুৰীৰ বাসিন্দা, মই লোকেল বাঘ। তেনে ক্ষেত্ৰত ৰকিবুলহে চালানী। ইয়াৰ পিছত সাংসদ বদৰুদ্দিন আজমলে সাধুভাষা কাশিয়াবাৰীৰ এখন জনসভাত অংশগ্ৰহণ কৰিবলৈ যায় ।
প্ৰেৰক সমৰেশ শীল শৰ্মাৰ ৰিপোৰ্ট