নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ জিলা আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ আইএএছ বৰ্ণালী ডেকাৰ

বিশেষ বাৰ্তা, ২ আগষ্ট : নলবাৰীৰ জীয়ৰী তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ এগৰাকী শীৰ্ষ আমোলা বৰ্ণালী ডেকাই আজি নলবাৰীৰ প্ৰথম গৰাকী জিলা আয়ুক্ত অৰ্থাৎ ২৮সংখ্যক জিলা প্ৰশাসনৰ মুৰব্বী হিচাপে যোগদান কৰি কাৰ্যভাৰ গ্ৰহন কৰে।নলবাৰী জিলাৰ নৱনিযুক্ত আয়ুক্ত হিচাপে তথা একেলেঠাৰীয়ে নলবাৰী জিলা প্ৰশাসনৰ তৃতীয় গৰাকী মহিলা মুৰব্বী হিচাবে কাৰ্য্যভাৰ গ্ৰহণ কৰে বিষয়া গৰাকীয়ে। উল্লেখ্য যে পূৰ্বৰ জিলা উপায়ুক্ত গীতিমনি ফুকনে  ২৮ জুলাইত কার্যভাৰ সামৰাৰ পাছত ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত হিচাবে দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত বেদাংগ তালুকদাৰৰ পৰা আজি আই.এ.এছ. বৰ্ণালী ডেকাই কাৰ্য্যভাৰ গ্ৰহণ কৰে। জানিব পৰা মতে, ২০২০ চনৰ ৬ জুনত দায়িত্বভাৰ গ্ৰহন কৰা নলবাৰীৰ প্ৰথমগৰাকী মহিলা জিলা উপায়ুক্ত পুৰৱী কোঁৱৰৰ পিছত ২০২১ চনৰ ২৪ মে’ৰ পৰা আন এগৰাকী মহিলা গীতিমণি ফুকনে উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহন কৰে। ব্যতিক্ৰমী প্ৰশাসক হিচাপে চৰ্চিত আই এ এছ বৰ্ণালী ডেকাৰ পৰা ৰাইজে সুফল পাৱ বুলি চৰ্চা চলিছে। নৱনিযুক্ত আয়ুক্তগৰাকীয়ে সভাখনতেই সকলো বিষয়া-কৰ্মচাৰীক নিজৰ কৰ্তব্যৰ প্ৰতি দায়িত্বশীল, অধ্যাৱসায়ী হোৱাৰ লগতে উৎসৰ্গিত মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনায় আৰু এটা দল হিচাবে মিলাপ্ৰীতিৰে সক্ৰিয়ভাৱে কাম কৰি নলবাৰী জিলা প্রশাসনক আৰু অধিক ৰাইজৰ ওচৰ চপাই নিয়াৰ ক্ষেত্ৰত সকলোৰে পৰা পূৰ্ণ সহযোগিতা কামনা কৰে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like