নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনীয়া বিশ্বকাপ জয়ী দলৰ প্ৰাইজমানী ঘোষণা আইচিচিৰ

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰ : ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব আইচিচি এদিনীয়া বিশ্বকাপ-২০২৩। একে সময়তে আই চি চিয়ে ঘোষণা কৰিছে বিশ্বকাপৰ পুৰস্কাৰ ধন। আচলতে বিশ্বকাপ জয়ী হোৱা দলটোৱে লাভ কৰিব ৪০ লাখ মাৰ্কিন ডলাৰৰ পুৰস্কাৰৰ ধন। আনহাতে চূড়ান্ত মেচত পৰাস্ত হোৱা দলটোৱে অৰ্থাৎ ৰানাৰ্ছ আপ দলটোৱে ২০ লাখ মাৰ্কিন ডলাৰ লাভ কৰিব। পুৰস্কাৰৰ ধন ভাৰতীয় টকাৰ হিচাপত বিশ্বকাপৰ চেম্পিয়ন দলটোৱে পাব প্ৰায় ৩৩ কোটি ১৭ লাখ টকা। আনহাতে ফাইনেলত পৰাজিত দলটোৱে প্ৰায় ১৬ কোটি ৫৮ লাখ টকা পুৰস্কাৰ হিচাপে লাভ কৰিব। বিশ্বকাপৰ গ্ৰুপ মেচত জয়ী হোৱাৰ বাবে লাভ কৰিব ৪০ হাজাৰ ডলাৰ। আনহাতে গ্ৰুপ পৰ্যায়ৰ পিছত বাহিৰ হোৱা দলটোৱে ১ লাখ ডলাৰ পাব। বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা দলটোৱে লাভ কৰিব ৮ লাখ ডলাৰ। এইদৰে প্ৰায় সকলো দলতে টকাৰ বৰষুণ পৰিব। উল্লেখযোগ্য যে ২০২৩ চনৰ বিশ্বকাপত ভাৰতকে ধৰি মুঠ ১০টা দলে খেলিব। এই প্ৰতিযোগিতাৰ প্ৰথমখন খেল ৫ অক্টোবৰত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ৪ অক্টোবৰত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব। একে সময়তে ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন খেলৰ জৰিয়তে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব। ৮ অক্টোবৰত চেন্নাইত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ মেচ। ইয়াৰ পিছত ভাৰতীয় দলটোৱে ১১ অক্টোবৰত আফগানিস্তানৰ বিৰুদ্ধে খেলিব। ১৪ অক্টোবৰত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তানৰ দল। একে সময়তে ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ ফাইনেল মেচ।

You might also like