নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিঞা নেতাক নিয়ন্ত্রণ নকৰিলে কামাখ্যা–বৰদোৱা–কলাক্ষেত্ৰ নাবাচিব

পুনৰ সৰৱ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ ‘কা’ আন্দোলনৰ পৰাই শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র ধ্বংসৰ লক্ষ্য কৰি লৈছে একাংশই৷ শেহতীয়াকৈ মিঞা মিউজিয়ামৰ প্রসংগ উত্থাপন কৰি কলাক্ষেত্রত নীলা লুঙী সংৰক্ষণৰ প্রস্তাৱ দিছে৷ –এই অভিযোগ বিত্ত, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ শেহতীয়াকৈ বদৰুদ্দিন আজমলে কলাক্ষেত্রত সভা অনুষ্ঠিত কৰিব বুলি কৰা মন্তব্যৰ পাছতেই পুনৰ সৰৱ হৈ পৰিছে মন্ত্রী শর্মা৷ বুধবাৰে মন্ত্রীগৰাকীয়ে কয়– অসমৰ ৰাইজে বুজি উঠা উচিত বদৰুদ্দিন আজমল আৰু শ্বেৰমানৰ জৰে মানুহৰ লক্ষ্য কলাক্ষেত্র৷ ‘কা’ আন্দোলনৰ সময়তে কলাক্ষেত্র ভাঙি দিয়াৰ পৰিকল্পনা কৰিছিল৷ কিন্তু আৰক্ষীৰ তৎপৰতাত সেয়া ব্যর্থ হ’ল৷ শ্বেৰমান আলীয়ে মিঞা মিউজিয়ামৰ প্রসংগ উত্থাপন কৰি নীলা লুঙী ৰাখিব বুলি ক’লে৷ তাৰ পাছত ভদ্র ভাষাত আজমলে শিল্পগ্রামৰ পৰা হুংকাৰ দিলে যে কলাক্ষেত্রত সভা কৰিব৷ দৰাচলতে মিঞাসকলৰ মনত শংকৰদেৱ কলাক্ষেত্র সোমাই গৈছে৷ আগতে বৰদোৱা তেওঁলোকৰ মূৰত সোমাই আছিল৷ এইবাৰ শংকৰদেৱ কলাক্ষেত্র মূৰত সোমাইছে৷ এই মিঞা নেতাসকলক যদি আমি নিয়ন্ত্রণ কৰিব নোৱাৰোঁ, তেন্তে কামাখ্যাও নাথাকিব, বৰদোৱা নাথাকিব, শংকৰদেৱ কলাক্ষেত্রও নাথাকিব৷ ইফালে, ড০ শর্মাক বদৰুদ্দিন আজমলে নৰম হৈ থাকিবলৈ দিয়া পৰামর্শ প্রসংগতো আজি মন্ত্রীগৰাকীয়ে কয়– এয়া মোৰ দেশ, মোৰ মাটি, মোৰ পানী৷ ইয়াত মই হাঁহিম–কান্দিম৷ তেওঁলোক য’ৰ পৰা আহিছে, তাত তেওঁলোকে হাঁহিব–কান্দিব৷ ইয়াত মোক পৰামর্শ দিব নালাগে৷ এয়া মোৰ দেশ, মোৰ মাটি, মোৰ জন্মভূমি৷

You might also like