নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তান জিন্দাবাদ ধ্বনি সত্য প্রমাণিত হ’লে জে’ললৈ যাব আজমল

ভৱানীপুৰত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস

নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ অসমত পুনৰ বিজেপি চৰকাৰ গঠন হ’লে মুছলিম মা–ভগ্ণীক ধর্ষণ কৰিব বুলি বদৰুদ্দিন আজমলে উত্তেজনাৰ সৃষ্টি কৰিব বিচাৰিছে৷ নির্বাচনৰ সময়ত এনেধৰণৰ মন্তব্য কৰি আজমলে সংখ্যালঘুৰ ভোট ল’ব বিচাৰিছে৷ কিন্তু আজমলে যিমানে উত্তেজনাৰ সৃষ্টি নকৰক কিয়, সংখ্যালঘুসকলে এইবাৰ বিজেপিকেই ভোট দিব৷ –এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ৷ দেওবাৰে ভৱানীপুৰত মণ্ডল বিজেপিৰ কার্যালয় উদ্বোধন আৰু গোৱর্ধনাত নৱনির্মিত শক্তি প্রকল্প এটা উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত সভাপতি দাসে এইদৰে কয়৷ সভাপতি দাসে কয় যে ধর্মীয় সংখ্যালঘু লোকসকল এতিয়া শিক্ষিত হৈছে৷ তেওঁলোকেও এতিয়া ইণ্টাৰনেট চাই কথাবোৰ বুজি পায়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল চৰকাৰে গ্রহণ কৰা সর্বব্যাপী আঁচনিসমূহে তেওঁলোককো চুই গৈছে৷ বিজেপি চৰকাৰৰ দিনত কোনোধৰণৰ সাম্প্রদায়িক সংঘর্ষ হোৱা নাই৷ আজমলে পূর্বে বিজেপি আহিলে মছজিদ–মোক্তাব ভঙাৰ কথা কৈছিল৷ এতিয়া মা–ভনীক ধর্ষণ কৰাৰ কথা কৈছে৷ এনে বক্তব্যৰে আজমলে যিমানে উত্তেজনাৰ সৃষ্টি নকৰক কিয়, সংখ্যালঘুসকলেও এইবাৰ বিজেপিকে ভোট দিব৷ সেইদৰে আজমলৰ উপস্থিতিত শিলচৰত পাকিস্তান জিন্দাবাদ ধ্বনি সন্দর্ভত সভাপতি দাসে কয় যে অনুসন্ধানত সেয়া সত্য প্রমাণিত হ’লে আজমল জে’লত যাব লাগিব৷ ইপিনে, বিপিএফৰ সভাপতি তথা প্রাক্তন বিটিচিপ্রধান হাগ্রামা মহিলাৰীক কটাক্ষ কৰি দাসে কয় যে হাগ্রামাই বিপিএফৰ অক্সিজেনত বিজেপি চৰকাৰ চলি থকা বুলি কৈছে৷ কিন্তু বিপিএফে অক্সিজেন দিয়া দূৰৈৰ কথা, এইবেলি বিটিচি নির্বাচনত হাগ্রামাই বুজি পাব বিজেপিৰ প্রতি ৰাইজৰ আস্থা কিমান৷ বিটিচিত পূর্বে যথেষ্ট বৈষম্য হৈছিল৷ মানুহে যিমানখিনি পাব লাগিছিল পোৱা নাই৷ বিটিচিত এমজি এনৰেগাকে ধৰি জবকার্ড আদিৰ ক্ষেত্রত বহু দুর্নীতি সংঘটিত হৈছে৷ জবকার্ডসমূহ ভিচিডিচিৰ পৰা সংগ্রহ কৰি পোনে পোনে হিতাধিকাৰীৰ হাতত ধন পোৱাকৈ দিবলৈ আমি চৰকাৰক অনুৰোধ জনাইছোঁ৷ এইবাৰ ৰাইজে পৰিৱর্তন বিচাৰিছে৷ বিটিচিৰ চাৰিওখন জিলাৰ বাসিন্দাই এইবাৰ বিপিএফক নিঃশেষ কৰাৰ পথ প্রশস্ত কৰি লৈছে৷ বিপিএফে এইবাৰ ক্ষমতা হেৰুওৱাৰ উপক্রম হৈছে বাবেই হাগ্রামা মহিলাৰীয়ে ভয় খোৱাটো স্বাভাৱিক৷ তেওঁ ভয় খাব নালাগে৷ ভাল কাম কৰিলে অদূৰ ভৱিষ্যতে হাগ্রামাক ৰাইজে পুনৰ আঁকোৱালি ল’ব৷ তেওঁ আৰু কয় যে কার্বি আংলং, উত্তৰ কাছাৰ, ঠেঙাল কছাৰী, সোণোৱাল কছাৰী, দেউৰীকে ধৰি বিভিন্ন স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ লোক বিজেপিৰ লগত থকাৰ দৰে বিটিচিৰ বাহিৰত ১০ লাখ বড়ো জনগোষ্ঠীক প্রতিনিধিত্ব কৰা ইউবিপি’ নামৰ সংগঠনটোৱেও বিজেপিক সমর্থন জনাব৷ গতিকে বড়োসকলো এইবাৰ বিজেপিৰ লগতে থাকিব৷ বিটিচিতো বিজেপিয়েই চৰকাৰ গঠন কৰিব৷ ভৱানীপুৰ মণ্ডল বিজেপিৰ কার্যালয় উদ্বোধন অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ মুখপাত্রদ্বয় মনোজ বৰুৱা, ফণী পাঠক, বজালী জিলা বিজেপিৰ সভাপতি নগেন চৌধুৰী, ৰাজ্যিক কার্যনির্বাহক সদস্য গোপীৰাম নাথ, বজালী জিলা মহিলা মর্চাৰ সভানেত্রী ধীৰুমণি ৰয়, বজালী জিলা অনুসূচিত জনজাতি মর্চাৰ সভাপতি মনোজ বসুমতাৰী আদি উপস্থিত থাকে৷ তদুপৰি পুৱাৰ ভাগতে সভাপতি দাসে ভৱানীপুৰৰ সমীপৱর্তী নমাটি সত্র আৰু ঐতিহ্যমণ্ডিত ধূপগুৰি সত্র প্রাংগণত অসম চৰকাৰে প্রদান কৰা অসম দর্শন আঁচনিৰ পুঁজিৰে নির্মাণ হ’বলগা জিৰণী গৃহৰ আধাৰশিলাও পৃথকে পৃথকে স্থাপন কৰে৷ সেইদৰে বাক্সা–বৰপেটাৰ সীমামূৰীয়া গোৱর্ধনাত নৱনির্মিত শক্তি প্রকল্প এটাৰ উদ্বোধনী অনুষ্ঠানটোত বৰপেটাৰ উপায়ুক্ত মুনীন্দ্র শর্মা, চিজিএম দীপক কুমাৰ শর্মা, জীৱেশ্বৰ ডেকা আদিও উপস্থিত থাকে৷

You might also like