নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৈক্ষিক দিশত দেশৰ ভিতৰত ষষ্ঠ স্থানত গুৱাহাটী আইআইটি

নিয়মীয়া বাৰ্তা ৯ জুনঃ দেশৰ শ্রেষ্ঠ শিক্ষানুষ্ঠানসমূহৰ তালিকাত উজলি উঠিছে আই আই টি, গুৱাহাটী৷ ২০১৯–২০ বর্ষৰ নেচার্ছ ইনডেক্স অনুসৰি শৈক্ষিক দিশত দেশৰ ভিতৰত ষষ্ঠ স্থানত আছে ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী, গুৱাহাটী৷ সমীক্ষাটোৰ মতে ৰসায়ন বিজ্ঞানৰ প্রতিষ্ঠান হিচাপে দেশৰ উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহৰ তালিকাত পঞ্চম স্থানত আছে আই আই টি, গুৱাহাটী৷ একেদৰে ফিজিকেল ছায়েন্স ক্ষেত্রত সপ্তম আৰু লাইভ ছায়েন্সৰ ক্ষেত্রত দেশৰ ভিতৰত নৱম স্থানত আছে অসমৰ এই শিক্ষা প্রতিষ্ঠানখন৷ আনহাতে, নেচার্ছ ইনডেক্সৰ বার্ষিক সমীক্ষা অনুসৰি সমগ্র বিশ্বৰ শিক্ষানুষ্ঠানসমূহৰ ৰেংকিঙত আই আই টি, গুৱাহাটীৰ স্থান হ’ল ৩৫০৷ উল্লেখ্য যে নেচার্ছ ইনডেক্সে আই আই টি, গুৱাহাটীৰ গৱেষণামূলক শ্রেষ্ঠ ৫টা প্রবন্ধৰ বিষয়েও উল্লেখ কৰে৷ স্বাভাৱিকতে আই আই টি, গুৱাহাটীৰ এই সাফল্যই শৈক্ষিক মানচিত্রত অসমকো উজলাই তুলিছে৷

You might also like