আইআইটি গুৱাহাটীৰ ছাত্ৰী নিৱাসতে চিপ লৈ আত্মহত্যা এম টেকৰ শিক্ষাৰ্থীৰ
নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ দেশৰ এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ গুৱাহাটীৰ দিচাং নামৰ ছাত্ৰী হোষ্টেলত এগৰাকী ছাত্ৰীয়ে চিপ লৈ আত্মহত্যা কৰা ঘটনাই গোটেই আই আই টি কেম্পাচত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমিনগাঁও আৰক্ষীৰ পৰা জানিব পৰা মতে আজি পুৱা প্ৰায় ১০ মান বজাত ছাত্ৰীগৰাকীয়ে নিজৰ কোঠাত চিপ লৈ আত্মহত্যা কৰে। হোষ্টেলৰ লগৰ বান্ধৱীকেইজনী ক্লাছত যোৱাৰ সুযোগ লৈ তেওঁ কোঠাত অকলে থাকি আত্মহত্যা কৰে। আজি আত্মত্যা কৰা ২৩ বছৰীয়া ছাত্ৰীগৰাকী আই আই টি গুৱাহাটীত এম টেকত অধ্যয়নৰত আছিল আৰু তেওঁৰ নাম চমিয়া বুলি জানিব পৰা গৈছে।তেওঁৰ ঘৰ উত্তৰ প্ৰদেশত। ঘটনাস্থলীত আমিনগাঁও আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ পোষ্ট মৰ্টেমৰ কাৰণে ৰাখি থৈছে। ইতিমধ্যে উত্তৰ প্ৰদেশত থকা অভিভাৱকলৈ খবৰ দিয়া হৈছে আৰু কাইলৈ পৰিয়ালৰ লোক আহিলেই পোষ্টমৰ্টেম কৰা হ’ব বুলি আৰক্ষীয়ে জনাইছে। উল্লেখযোগ্য যে গুৱাহাটী আই আই টিত প্ৰায় প্ৰতিবছৰে এনেকুৱা আত্মহত্যাৰ ঘটনা ঘটিয়েই থাকে। ইয়াৰ আগতেও আই আই টি গুৱাহাটীৰ হোষ্টেলত বহুকেইটা এনেকুৱা আত্মহত্যাৰ ঘটনা ঘটি গৈছে। এতিয়ালৈ আত্মত্যাৰ কাৰণ জানিব পৰা হোৱা নাই বুলি আৰক্ষী সূত্ৰই জানিব দিছে।
প্ৰেৰক মুনীন ডেকা