নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ডিব্ৰুগড়ত কবৰৰ পৰা উলিয়াব ফাইজানৰ মৃতদেহ!

বিশেষ বাৰ্তা, ২২ মেঃ কাইলৈ ডিব্ৰুগড় চহৰৰ আমোলাপট্টি কবৰস্তানত আই আই টি খড়গপুৰৰ ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহটো কবৰৰ পৰা উলিয়াব। ইয়াৰ বাবে কিছু আনুস্থানিকতা আজি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। পশ্চিমবংগৰ খড়গপুৰ সদৰ থানাৰ পৰা এক বিশেষ তদন্তকাৰী এক ৪ জনীয়া দল আহি ডিব্ৰুগড়ত উপস্থিত হৈছেহি। য’ত পৰিদৰ্শক বিশ্বৰঞ্জন বেনাৰ্জী (তদন্তকাৰী বিষয়া), মনোজ কুমাৰ সিং, প্ৰশান্ত বৰ্মন আৰু পুৰুষোত্তম পাণ্ডেয়ে কলকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত কালি নিশা পলমকৈ ডিব্ৰুগড়ত উপস্থিত হয় আৰু তেওঁবিলাকৰ উপস্থিতেই কবৰ খনন সমাপন হোৱাৰ কথা। যোৱা ২৫ এপ্ৰিলত কলকতা উচ্চ ন্যায়ালয়ে কলকতাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰিবলৈ আই আই টি খড়গপুৰৰ ছাত্ৰ ফাইজানৰ মৃতদেহ তেওঁৰ কবৰৰ পৰা উলিয়াই অনাটো প্ৰয়োজনীয় বুলি উল্লেখ কৰি এক বিৰল নিৰ্দেশ জাৰি কৰিছিল। ফাইজান আহমেদ অসমৰ তিনিচুকীয়াৰ বাসিন্দা হোৱাৰ লগতে বিগত বৰ্ষৰ ১৬ অক্টোবৰত ডিব্ৰুগড় চহৰৰ আমোলাপট্টি কবৰস্তানত তেওঁৰ মৃতদেহ সমাধিস্থ কৰা হৈছিল। শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াই কয় যে, কালিলৈ (২৩ মে’) মৃতদেহটো কবৰৰ পৰা উলিওৱাৰ কথা। সেই মৰ্মে খড়গপুৰ সদৰ থানাৰ পৰা তদন্তকাৰী এটা চাৰিজনীয়া দল আহিছে। তেওঁলোকে ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতৰ পৰা কবৰৰ খননৰ বাবে অনুমতি বিছাৰিছে আৰু এই খনন কাৰ্য্য ফৰেনছিক দলে কৰিব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াই উল্লেখ কৰে। জানিব পৰা মতে, পশ্চিমবংগৰ পৰা অহা বিশেষ তদন্তকাৰী দলটোৱে মৃতদেহটো খনন কৰিবলৈ গুৱাহাটীৰ ফৰেনছিক বিশেষজ্ঞৰ সহায় বিচাৰিছে। কিন্তু ইয়াৰ পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে উল্লেখ কৰিছিল যে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ফৰেনছিক বিভাগে খনন প্ৰক্ৰিয়া সম্পন্ন কৰিব।অৱশ্যে সন্ধিয়ালৈকে পশ্চিমবংগৰ পৰা অহা বিশেষ তদন্তকাৰী দলটোৱে অসম মেডিকেল কলেজ কৰ্তৃপক্ষৰ সৈতে কোনো যোগাযোগ কৰা নাই বুলি এ এম চি এইচৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই জানিব দিয়ে। আনহাতেদি বংগৰ পৰা অহা বিশেষ তদন্তকাৰী দলটোৱে ডিব্ৰুগড় বিমানবন্দৰৰ বিষয়াসকলকো সাক্ষাৎ কৰে।কিয়নো আই আই টি ফাইজান আহমেদৰ মৃতদেহটো বিমানেৰে কলকতালৈ লৈ যোৱা হ’ব আৰু কলকতাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা কৰা হ’ব।দলটোৱে আজি ফাইজান আহমেদৰ মৃতদেহ সমাধিস্থ কৰা আমোলাপট্টি কবৰস্থানতো পৰিদৰ্শন কৰে। দলটোৱে আমোলাপট্টি কবৰস্থানৰ সমিতিৰ সদস্যসকলক সাক্ষাৎ কৰি সহযোগিতা বিছাৰে।উল্লেখ্য যে ফাইজানৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ পুত্ৰক হত্যা কৰা বুলি অভিযোগ কৰি কলকতাৰ উচ্চ ন্যায়ালয়ত ৰিট আবেদন দাখিল কৰাৰ পাছত ন্যায়াধীশ ৰাজশেখৰ মন্ঠাই যোৱা ২৫ এপ্ৰিলত দিয়া আদেশত কয় যে, ‘এই আদালতৰ মতে দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰাটো প্ৰয়োজনীয়।অসমত মুছলমান ৰীতি-নীতি অনুযায়ী মৃতদেহ সমাধিস্থ কৰা হৈছে।ফাইজান আহমেদৰ মৃতদেহ খনন কৰা হওক।বিষয়টোৰ তদন্তকাৰী বিষয়াই অসম আৰক্ষীৰ সৈতে সমন্বয় সাধনৰে মৃতদেহ খনন কৰি ৰাজ্য আৰক্ষীয়ে কলকতালৈ আনি সতেজ মৰণোত্তৰ পৰীক্ষা কৰাটো নিশ্চিত কৰিব লাগিব।আদালতৰ আদেশত উল্লেখ কৰা হৈছে যে আদালতে নিযুক্তি দিয়া ফৰেনছিক বিশেষজ্ঞৰ ফৰেনছিক প্ৰতিবেদনৰ তিনিটা মূল তথ্যৰ ওপৰত ভিত্তি কৰি সতেজ মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশনা দিয়া হৈছে, যিয়ে ২০২২ চনৰ অক্টোবৰ মাহত কৰা প্ৰথম মৰণোত্তৰ পৰীক্ষাত বহু ত্ৰুটিৰ ইংগিত বহন কৰিছিল আৰু ছাত্ৰজনৰ পৰিয়ালে মৃতদেহটো খনন কৰিবলৈ সন্মতি দিছিল বুলি আদেশত কোৱা হৈছিল।

প্ৰেৰক বিভাস দুৱৰা

You might also like