নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিমলীতোলাত অবৈধ বাংলা ইটা ভাতা উচ্ছেদ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : গোৱালপাৰা জিলাৰ ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত শিমলীতোলাত আজি কেইবাটাও অবৈধ বাংলা ইটা ভাতাত প্ৰশাসনে উচ্ছেদ অভিযান চলায় | ৰংজুলি ৰাজহ চক্ৰ বিষয়া ছোভিয়া পেগুৰ নেতৃত্বত আৰু কাননগো অমৃত হাজোৱাৰীৰ লগতে লাট মণ্ডলসকলে আজি এই উচ্ছেদ অভিযান পৰিচালনা কৰে | অবৈধ ইটা ভাতাৰ বিৰুদ্ধে বৃহৎ অভিযান চলাই নেপালীপাৰা, গেৰুৱা, কামাৰপোতা, বঙালীপাৰা শ্মশান ঘাট আদি অঞ্চলত বহুকেইটা জ্বলি থকা ইটা ভাতা দুখনকৈ জেচিবি লগাই ভাঙি পেলোৱাৰ উপৰি লাখ লাখ কেঁচা ইটাও নষ্ট কৰা হয় |দুখনকৈ জেচিবিৰে ভাঙি চূৰমাৰ কৰে লাখ লাখ বাংলা ভাতাৰ ইটা। ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে জনোৱা মতে, জিলা প্ৰশাসনৰ নিৰ্দেশত এই অভিযান চলে আৰু আগলৈও অভিযান অব্যাহত থাকিব | স্মৰ্তব্য যে ৰংজুলি, মাটিয়া আৰু নগৰবেৰা ৰাজহ চক্ৰৰ ভিন্ন স্থানত একাংশ ব্যৱসায়ীয়ে বছৰ বছৰ ধৰি অবাধ গতিত চলাই গৈছে এই বাংলা ভাতাৰ অবৈধ ব্যৱসায়। ইটা ভাতাৰ ক’লা ধোঁৱাই প্ৰদূষিত কৰিছে অঞ্চলসমূহৰ পৰিৱেশ | তেনে ক্ষেত্ৰত ৰংজুলি ৰাজহ চক্ৰ কাৰ্যালয়ৰ এই তৎপৰতাক ৰাইজে শলাগিছে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like