নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰা-শিমলীতোলাত অবৈধ বাংলা ইটাৰ ৰমৰমীয়া ব্যৱসায়

🔹 কোনে চলাইছে ছিণ্ডিকেটৰাজ ?

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰ : বছৰ বছৰ ধৰি কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত কেইবাখনো গাঁৱত প্ৰশাসনক মেনেজ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে সদম্ভে চলাই গৈছে অবৈধ বাংলা ইটাৰ ভাতা | হেকৰা, মন্দিৰা, হাবিলাপথাৰ, নিছিলামাৰী মালিবাৰী পথাৰ, জামলাই, হৰিডোবা, চেনীমাৰা, বিদ্যানগৰ, পলাহৰটাৰী, খামেৰী আৰু বহু স্থানত গণনা কৰি শেষ কৰিব নোৱাৰাকৈ কেইবাশ ইটা ব্যৱসায়ীয়ে জনবসতি অঞ্চলৰ কাষতেই অবৈধভাৱে এই ইটাৰ কাৰখানা খুলি বহিছে | সংশ্লিষ্ট অঞ্চলৰ গাঁৱৰ গাঁওপ্ৰধানে ব্যৱসায়ীসকলৰ তালিকা প্ৰস্তুত কৰি ৰাজহ চক্ৰ বিষয়াৰ ওচৰত প্ৰতিবছৰে দাখিল কৰাৰ পৰৱৰ্তী সময়ত আকস্মিকভাৱে এদিনৰ বাবে ৰাজহ চক্ৰ বিষয়াই পথাৰে পথাৰে গৈ দুই-এজনৰ তাত ডেৰশ-দুশ কেঁচা ইটা ভাঙি দায়িত্ব সামৰে আৰু পাছলৈ ভয়ত ব্যৱসায়ীসকল কাষ চাপি গোপন বুজাবুজিৰে পাছৰ দিনটোৰ পৰাই যুদ্ধকালীন ক্ষিপ্ৰতাৰে পুনৰ নামি পৰে একেই কৰ্মত | পাকে-প্ৰকাৰে প্ৰশাসনৰ সেউজ সংকেততে পাছলৈ ব্যৱসায়ীসকলৰো মনোবল দ্বিগুণ বৃদ্ধি পায় আৰু কাৰো অভিযোগ-অসুবিধালৈও কেৰেপ নকৰা হয় | এইদৰেই বছৰ বছৰ ধৰি জনস্বাস্থ্যলৈ পিঠি দি গোপন বুজাবুজিৰে নগৰবেৰাৰ উল্লেখিত অঞ্চলসমূহত গঢ়ি উঠিছে কেইবাশ ইটাৰ ভাতা | জানিব পৰা মতে, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰ (Livestock Research Station)ৰ নামত ৰাজহ বিভাগে আবণ্টন কৰা প্ৰায় ছয় হাজাৰ বিঘা মাটিৰ কেইবাশ বিঘা মাটিত একাংশই ইটাৰ বাবে নিতৌ মাফিয়া কায়দাৰে ট্ৰেক্টৰ, জেচিবি লগাই অবাধ গতিত খনন চলাই যোৱাত সচেতন ৰাইজৰ মনত বিভিন্ন প্ৰশ্নৰ উদ্ৰেক ঘটিছে | আনহাতে, সকলো দেখি-শুনিও নগৰবেৰা ৰাজহ চক্ৰৰ বিষয়াগৰাকীয়ে এইক্ষেত্ৰত ৰহস্যজনকভাৱে নীৰৱ হৈ থকাৰো অভিযোগ উত্থাপন হৈছে |একেই পৰিস্থিতি প্ৰতিবেশী গোৱালপাৰা জিলাৰ ৰংজুলি ৰাজহ চক্ৰৰ অধীনস্থ শিমলীতোলা, কানকটা, গেৰুৱা, বৰপথাৰ, জিৱাৰাংগা অঞ্চলতো | এফালে অবৈধ কয়লা ভাতাৰ ধোঁৱাই জনস্বাস্থ্যলৈ ভাবুকি নমোৱাৰ সমান্তৰালকৈ দিনে-নিশাই চৰকাৰী মাটিত চলাই যোৱা খনন কাৰ্যই কিহৰ ইংগিত বহন কৰে বুলিও ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে | চৰকাৰী মাটিত কাৰ উচটনিত মুকলিকৈ চলে এই খনন কাৰ্য ? কিহৰ বাবে নিমাত-নিশ্চুপ সংশ্লিষ্ট ৰাজহ বিভাগ, বন বিভাগ আৰু সংশ্লিষ্ট প্ৰশাসন? কোনে চলাই গৈছে মাফিয়া কায়দাৰে অবৈধ ইটা ভাতাৰ এই ছিণ্ডিকেটৰাজ ? ৰাইজে এনেবোৰ প্ৰশ্নৰ সদুত্তৰ পোৱা নাই |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like