নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত অবৈধ ইটাভাতা : শিশু শ্ৰমিক আইন উলঙ্ঘা বণিক গোষ্ঠীৰ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বদলা-টিয়াপাৰাত স্থানীয় প্ৰশাসনৰ জ্ঞাতসাৰেই পূৰ্ণদ্যমে চলিছে অবৈধ বাংলা ইটাভাতা। নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বদলা টিয়াপাৰাৰ একাংশ লোকে অবাধ গতিত অবৈধ ভাবে চলাই গৈছে বাংলা ইটাৰ ব্যৱসায়। এই ইটাভাতা স্থাপন কৰাৰ বাবে দাঁতিকাষৰীয়া জনবসতিপূৰ্ণ বৃহৎ অঞ্চলৰ বহু পৰিয়ালৰ ভীষণ সমস্যা হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। এই লৈ ভূক্তভোগী পৰিয়ালৰ তৰফৰ পৰা বাৰাম্বাৰ অভিযোগ দিয়া হৈছে কিন্তু সংশ্লিষ্ট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বনশ্ৰী মালাকাৰৰ নীৰৱ ভূমিকাত সচেতন মহল চিন্তিত হৈ পৰিছে। ইফালে অবৈধ ইটা ভাটাৰ নিচেই কাষতে চৰকাৰী বিদ্যালয়, বহু পৰিয়ালৰ গৃহ থকাৰ পিছতো সমীপতে অবৈধভাৱে ইটাভাতা গঢ়ি তুলিছে যদিও অভিযোগৰ পিছতো কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। উল্লেখ্য যে চৰকাৰী শিক্ষানুষ্ঠানৰ গাতে সৰ্বমুঠ পাঁচটাকৈ অবৈধ ইটাভাতা কাঠফুলাৰ দৰে গঢ়ি উঠিছে যদিও ইয়াৰে পাঁচটাকৈ ভাটা পুৰা শেষ যদিও নতুনকৈ আৰু চাৰি-পাঁচটা জ্বলাবলৈ প্ৰায় সাজু কৰা হৈছে৷ আনহাতে অবৈধ বাংলা ইটাভাতাৰ প্ৰদূষিত ধোৱা আৰু দূৰ্ঘন্ধই অঞ্চলটোৰ পৰিবেশ বিনষ্ট কৰাৰ লগতে জীৱকুলৰ বাবে চৰম ভাবুকি কঢ়িওৱাৰ ফলত অঞ্চলবাসী ৰাইজ অঞ্চলটোত থাকিবলৈ টান হৈ পৰাৰ উপৰি ওচৰৰ শিক্ষানুষ্ঠানটিৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰো যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। ইয়াৰোপৰি ইটাভাটাত শ্ৰমিক হিচাপে নিয়োজিত হৈছে একাংশ শিশুশ্ৰমিক। এই ক্ষেত্ৰত চৰকাৰৰ শিশু শ্ৰমিক আইনকো উলঙ্ঘা কৰিছে বণিক গোষ্ঠীয়ে। তৎস্বত্তেও কাণষাৰ নাই প্ৰশাসনৰ, ভুক্তভোগীয়ে অভিযোগ কৰাৰ পাছত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব। এই ক্ষেত্ৰত সততে জনতাৰ সমস্যাৰ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ প্ৰশাসনিক সেৱাৰ বিষয়াই ভংগ কৰিছে চৰকাৰৰ শূণ্য সহনশীলতাৰ নীতি। চৰকাৰৰ সততাৰ নীতিক ধোঁৱাচাঙত তোলা পৰিলক্ষিত হৈছে স্থানীয় প্ৰশাসনে। বাংলা ইটাভাটাৰ বিৰুদ্ধে সংবাদ মাধ্যমত সবিস্তাৰে অভিযোগৰ বাতৰি প্ৰকাশ হোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰে স্থানীয় প্ৰশাসনে। আনহাতে অবৈধ ইটাভাটাৰ পৃষ্ঠপোষক সকলোৰ লগত হলিগলি কৰিছে নেকি প্ৰশাসন যন্ত্ৰই? তেনে প্ৰশ্ন আজি সচেতন নাগৰিকৰ মনত। পিছে আমাৰ এই প্ৰতিবেদনৰ পাছত নগৰবেৰাৰ টিয়াপাৰা অঞ্চলত চৰকাৰৰ নীতিনিয়মক বুঢ়া আঙুলি দেখুৱাই চৰকাৰী ৰাজহ ফাঁকিৰে কাঠফুলাৰ দৰে গঢ়ি তোলা অবৈধ বাংলা ইটা ভাটাৰ মালিক পক্ষ বা ভাটাৰ বিৰুদ্ধে নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বনশ্ৰী মালাকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষণীয় | ৰাজহ চক্ৰ বিষয়া ইটা ভাতা উচ্ছেদৰ নামত ঠায়ে ঠায়ে নাটক চলোৱাৰো সৰৱ চৰ্চা চলিছে সচেতন ৰাইজৰ মাজত ,প্ৰশ্ন হয় ৰাজহ চক্ৰ বিষয়াই আগলৈ কিবা পদক্ষেপ ল’বনে অবৈধ ইটাৰ ব্যৱসায় বন্ধ কৰাৰ ক্ষেত্ৰত ?

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like