বাৰ্তা ব্যুৰ’, ৬ জানুৱাৰী : মূলত অৰুণাচলকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তলৈ অৱৈধ শিশু সৰবৰাহ অব্যাহত আছে তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ৷ বিশেষকৈ “মেডাম“ হিচাবে পৰিচিত এগৰাকী মহিলাই বৃহত জাল তৰি এই শিশু সৰবৰাহ অব্যাহত ৰাখিছে৷ তিনিচুকীয়াৰ পৰা ধেমাজি, জোনাই, বান্দৰদোৱা, দুলিয়াজান, মাজুলিলৈ ব্যাপি থকা তেনে এটি দলক তিনিচুকীয়া আৰক্ষীয়ে ব্যাপক অভিযানৰ পাছত আটক কৰিবলৈ সক্ষম হোৱাৰ পাছতে পোহৰলৈ আহে এই কুখ্যাত চক্ৰটিৰ অপৰাধৰ কথা৷ ইতিমধ্যে জিলাখনৰ এনে কেবাটিও শিশুক এক লাখৰ পৰা ডেৰলাখ টকালৈ কাষৰীয়া অৰুণালৰ ইটানগৰকে ধৰি বিভিন্ন প্ৰান্তত বিক্ৰী কৰিছে৷ শেষতীয়াকে তিনিচুকীয়া জিলাৰ গুইজান থানাৰ অন্তগত নখৰাই গাওৰ পৰা দুগৰাকী ন আৰু তেৰ বছৰীয়া কনমানিক অপহৰণ কৰাৰ পাছতে সমগ্ৰ বিষয়তো আৰক্ষীৰ তদন্তত পোহৰলৈ আহে৷ আৰক্ষীৰ তথ্য মৰ্মে বিগত মাহৰ ২৬ তাৰিখে বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকাৰ সময়তে দুয়োগৰাকী শিশুৰ ঘৰৰ ওচৰৰে দুগৰাকী মহিলাই দুই কনমানিক এখন বাহনত উঠাই অজ্ঞাত স্হানলৈ লৈ যায় মেডাম নামে পৰিচিত শিশু অপহৰণৰ মূল লিডাৰগৰাকীৰ ওচৰলৈ আৰু তাৰে পৰা দুয়োজনী কনমানিক এজনীক অৰুণাচলৰ ইটানগৰ আৰু আনজনীক নাহৰলগুনৰ অৰুণাচলী ব্যক্তিৰ ঘৰত গায়েপতি এক লাখকৈ টকাত বিক্ৰী কৰি দিয়ে৷ তিনিচুকীয়াৰ আৰক্ষী অধিক্ষকৰ নেতৃত্বত তিনিচুকীয়াৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক,তিনিচুকীয়াৰ সদৰ আৰক্ষী থানাৰ প্ৰভাৰী আৰু গুইজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই লগত এটি বৃহৎ আৰক্ষী দল লৈ মাজুলিকে ধৰি দুলিয়াজান,বান্দৰদোৱা, আৰু নখৰাই অঞ্চলৰ পৰা মুঠ সাত গৰাকী অপৰাধীক আটক কৰে ৷ ইয়াৰে ভিতৰত ৰিজুমণি টায়ে নামৰ মহিলা গৰাকীয়ে হল এই শিশু অপহৰণৰ মূল মাষ্টাৰমাইণ্ড৷ শিশু চক্ৰটিত সকলোৱে উক্ত মহিলা গৰাকীক বিভিন্ন নামৰ ওপৰি “মেডাম” বুলিহে চিনি পায়৷ তথ্য মৰ্মে এই মেডামেই তিনিচুকীয়াৰ অসামৰিক চিকিৎসালৰ পৰা এটি শিশু অপহৰণ জড়িত আছিল কেইবছৰমান পূবে৷ আৰক্ষীয়ে ইতিমধ্যে এই অপহৰণ বা সমগ্ৰ অপহৰণত এজেণ্ট হিচাবে কাম কৰা নখৰাই গাওৰ সীতা ভূমিজ,সুনীতা বৰ্মণ লগতে দুয়োগৰাকীৰ স্বামী, মেডামৰ লগত যোগাযোগ ৰখাৰ মধ্যমণি পংকজ দলে,অপহৰণত ব্যৱহাৰ কৰা গাড়ি খনৰ চালক তথা“মেডাম”ৰ প্ৰাক্তন স্বামী বীৰেণ টাইড, দুলিয়াজানৰ দ্বীপ শৰ্মাকে ধৰি সাত গৰাকীক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ যদিও এই শিশু অপহৰণৰ সৈতে জড়িত আন কেবাজনো বৰ্তনমানো পলাতক হৈ আছে৷ তিনিচুকীয়া জিলা আৰক্ষীয়ে ইতিমধ্যে জিলাখনত এনেদৰে নিখোজ হৈ থকা কেবাটিও শিশুৰ তথ্য লাভ কৰাৰ লগতে অৰুণাচলৰ বিভিন্ন প্ৰান্তত শিশু শ্ৰমিক হিচাবে কাম কৰি থকাৰ তথ্যও লাভ কৰিছে ৷ যদিও সমান্তৰালকৈ এনে শিশুক অবৈধ ভাৱে লোৱা লোক সকলে আৰক্ষীৰ চকুত ধুলি দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে৷ নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তাই এই বাতৰিৰ তথ্য সংগ্ৰহ কৰিব যাওতে ইয়াকো জানিব পাৰে যে শিশু অপহৰণ এই চক্ৰটিত জড়িত এজেণ্টসকলে দুই হাজাৰৰ পৰা পাচ হাজাৰহে কমিচন লাভ কৰে বাকী উক্ত ধনৰ সিংহভাগ পকেস্হ কৰে মেডাম ওৰফে ৰিজুমণি টায়ে৷ তিনিচুকীয়াৰ আৰক্ষীয়ে ইতিমধ্যে অৱৈধ শিশু সৰবৰাহৰ সমগ্ৰ বিষয়টিত আৰু অধিক তথ্য উদ্ধাৰ তথা অভিযানত নামি পৰিছে ৷ সুত্ৰ মৰ্মে এই শিশু অপহৰণ কাৰী সকলে জিলাখনৰ বিভিন্ন প্ৰান্তত সিচৰিত হৈ থকা অতি দুখীয়া, কেউকিছু নথকা,পিতৃ বা মাতৃহীনা লোকৰ শিশু সকলকে লক্ষ্য কৰি অপহৰণৰ নাটক ৰচে। কাৰণ এনে লোক সকলে সততে আৰক্ষীৰ ওচৰ চাপিব নিবিচাৰে আৰু ইয়াৰে সুযোগ লয় অপহৰণকাৰী সকলে৷ সমগ্ৰ ৰাজ্য তথা দেশজুৰি শিশু অপহৰণ অমানবীয় ঘটনা ৰোধ কৰিবলৈ চৰকাৰে কঠোৰ আইনী ব্যৱস্হা হাতত লৈছে যদিও এচাম অপৰাধীয়ে বিভিন্ন নতুন নতুন কৌশল অৱলম্বন কৰি এই নাৰকীয় কায্য অব্যাহত ৰাখিছে আৰু একাংশ ভব্যগব্য লোকে এনে শিশুসকলক শিশু শ্ৰমিক হিচাবে ব্যৱহাৰ কৰি সমগ্ৰ অপৰাধটিক সাৰপানী যোগাইছে ৷