নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোগালীৰ প্ৰাকক্ষণত অঘটন : লিডুৰ অবৈধ কয়লা ক্ষেত্ৰত যুৱকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰী : ভোগালীৰ প্ৰাকক্ষণত পুনৰ অঘটন। এজন যুৱকৰ কৰুণ মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। লিডু আৰক্ষী চকীৰ অন্তৰ্গত টিৰাপ কলিয়ৰী ভাৰত পেট্ৰল পাম্পৰ কাষত থক এটা কয়লা ডিপোত এজন যুৱকৰ কৰুণ মৃত্যু হয় । অবৈধ কয়লা ব্যৱসায়ৰ সৈতে জড়িত জনৈক ৰাণা-ভাস্কৰ নামৰ দুজন ব্যক্তিৰ কয়লা ডিপোত মহৰি ৰূপে কৰ্মৰত চেগুনবাৰী অঞ্চলৰ পাপু বৰুৱা (২৮) নামৰ যুৱকজনৰ কালি নিশা উক্ত কয়লা ডিপোতে ডাম্পাৰৰ পৰা জেচিবিৰে তেলৰ বেৰেল নমাই থকাৰ সময়তে জেচিবিখন ১১শ কেবিৰ বিদ্যুতৰ তাঁ‌ৰত লগাত জেচিবিখনৰ কাষতে থকা পাপু বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু হয়। ইতিমধ্যে যুৱকজনৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিছে। এই সমগ্ৰ ঘটনাক অন্য ৰূপ দিবলৈ একাংশ কয়লা মাফিয়া-ব্যৱসায়ীয়ে উঠি-পৰি লাগিছে বুলি সূত্ৰত প্ৰকাশ। পেটৰ তাড়নাত অবৈধ কয়লা ক্ষেত্ৰত কৰ্ম কৰিবলৈ গৈ মৃত্যু হোৱা পাপু বৰুৱাৰ পৰিয়ালে প্ৰকৃত ন্যায় পাবনে, সেয়া এতিয়া ডাঙৰ প্ৰশ্ন ? সমগ্ৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে লিডু আৰক্ষী চকীৰ ছত্ৰছায়াত একাংশ চোৰাং কয়লা চোৰে কাঠফুলাৰ দৰে লিডু, টিৰাপ, টিকক আদি অঞ্চলত গঢ়ি তোলা কয়লাৰ ডিপোৱে বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চললৈ অশনি সংকেত কঢ়িয়াই অনাৰ লগতে অপৰাধীৰ ভূস্বৰ্গলৈ ৰূপান্তৰিত হৈছে। এইক্ষেত্ৰত প্ৰশাসন তথা চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন হৈছে।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like