নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিষিদ্ধ ড্ৰাগছৰ কবলত মাৰ্ঘেৰিটা : ড্ৰাগছসহ আটক দুই

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়োৰ নেতৃত্বত অব্যাহত ড্ৰাগছবিৰোধী অভিযান। আজি পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজনক আটক কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পমখেদি অভিযান চলাই বৰগোলাইৰ জামাদাৰবস্তিৰ পৰা আটক কৰে দুজন ড্ৰাগছ ব্যৱসায়ীক। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন হ’ল ক্ৰমে বৰগোলাইৰ পদুম ছেত্ৰী আৰু বৰডুমছাৰ ৰাতুল কুৰ্মী। আৰক্ষীয়ে যুৱক দুজনৰ পৰা কেইবা লাখ টকাৰ ড্ৰাগছ সহ এ এছ ২৩ এক্স ৪৯১২ নম্বৰৰ এখন মটৰ চাইকেল আৰু এখন ব্যক্তিগত গাড়ী জব্দ কৰে। মাৰ্ঘেৰিটা আৰক্ষীয়ে দুয়োকে সোধা পোচা অব্যাহত ৰাখিছে। গুৰুত্বপূৰ্ণ কথা আৰক্ষীৰ নিয়মিত অভিযানত ড্ৰাগছসহ ব্যৱসায়ী গ্ৰেপ্তাৰ হৈ আহিছে যদিও ড্ৰাগছৰ প্ৰচলন হ্ৰাস পোৱা নাই। ক্ৰমাৎ অধিক অঞ্চললৈ ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাৰ লগতে আসক্তৰ সংখ্যা বাঢ়িছে । ইয়াক লৈ সচেতন মহল চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like