নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাওখোৱা অভয়াৰণ্যত অবৈধ বেদখলকাৰীৰ দপদপনি

🎯 অভয়াৰণ্যৰ মাটি বেদখল কৰি খান্দিছে বৃহৎ বৃহৎ পুখুৰী

নিয়মীয়া বাৰ্তা, ৮ জুলাইঃ লাওখোৱা অভয়াৰণ্যত চলিছে অবৈধ বেদখলকাৰীৰ দপদপনি৷ বেদকলকাৰীয়ে একাংশ অৰ্থলিপ্সু বন বিষয়া আৰু কৰ্মীৰ লগত অবৈধ মিতিৰালিৰে অভয়াৰণ্যৰ ভূমি বেদখল কৰি খান্দিছে বৃহৎ বৃহৎ পুখুৰী৷ লাওখোৱা অভয়াৰণ্যৰ দন্দুৱা বন শিবিৰৰ  পৰা কঠালগুটিলৈ প্ৰায় হাজাৰ বিঘা ভূমিত অবৈধভাৱে পুখুৰী খান্দি ৰমৰমীয়া মাছৰ ব্যৱসায় চলাই গৈছে বেদখলকাৰীয়ে৷ বনৰক্ষীয়ে গিজগিজাই থকা অভয়াৰন্যখনৰ ভূমি অতি ৰহস্যজনকভাবে দুষ্টচক্ৰটোৱে বেদখল কৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ দন্দুৱা বন শিবিৰৰ পৰা মাত্ৰ তিনিশ মিটাৰ নিলগত অবৈধ বেদখলকাৰী দুষ্টচক্ৰটোৱে অভয়াৰন্যৰ হাজাৰ হাজাৰ বিঘা ভূমি বেদখল কৰি বৃহৎ বৃহৎ ফিচাৰিৰ পাৰ বান্ধি মাছৰ ব্যৱসায় চলাই থকাটোৱে বেদখলকাৰীৰ কবলত পৰি অভয়াৰন্যখনৰ অস্তিত্ব দিনক দিনে বিপদাপন্ন আৰু শেহতীয়াকৈ অতি ভযাবহ পৰিবেশ, পৰিস্থিতি য়ে বিৰাজমান কৰাটোৱেই প্ৰমান কৰিছে৷ অবৈধ বেদখলকাৰীৰ কবলৰ পৰা লাওখোৱা অভয়াৰন্য উদ্বাৰৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহন নকৰিলে অভয়াৰন্যখন নি:শেষ হবলৈ যে বেছিদিন নালাগিব সেয়া নিশ্চিত৷ উল্লেখ্য যে মাত্ৰ কিছুদিন পূৰ্বে জুৰীয়াৰ ধিংবৰীচাপৰি গাৱঁৰ দুই ভাতৃ জলিল উদ্দিন আৰু ছমিৰ উদ্দিনক চোৰাং মাছমৰীয়াৰ অভিযোগ উত্থাপন কৰি গুলীয়াই হত্যা কৰি বীৰত্ব প্ৰদৰ্শন কৰা বিয়াগোম বন বিভাগৰ চকুৰ সন্মুখত অভয়াৰণ্যৰ ভূমি কি দৰে বেদখল হৈ আছে সেয়া এক ৰহস্যজনক বিষয়। এইক্ষেত্ৰত স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে।

প্ৰেৰক জহিৰুল ইছলাম

You might also like