নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বৰলুইত-গদাধৰৰ পাৰঘাটে পাৰঘাটে অবাধ বেদখল

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ : ৰাজ্য চৰকাৰখনে অবৈধ বেদখলকাৰীৰ বিৰূদ্ধে বাজ্যজুৰি কঠোৰ স্থিতি গ্রহণ কৰাৰ বিপৰীতে ধুবুৰী চহৰৰ বিভিন্ন অঞ্চলৰ পাৰঘাটৰ চৰকাৰী খাচ মাটিত অবাধে দোকান- পোহাৰ গঢ়ি উঠিবলৈ লোৱা দেখা গৈছে। উল্লেখ্য যে, ধুবুৰী চহৰখনৰ এফালে বৰলুইত বৈ যোৱাৰ বিপৰীতে আনফালে আছে গদাধৰ নৈ। চহৰখনত এই নৈ দুখনৰ আছে বহু কেইটা পাৰঘাট। খৰালি নৈ দুখনৰ পানী গুকাই যোৱাৰ ল’গে ল’গে সেই পাৰঘাটবোৰৰ একাংশ বিস্তীর্ণতা বৃদ্ধি পাই বিশাল ৰূপ ধৰে। তাৰেই সুযোগ লৈ চৰকাৰী খাচ মাটি তথা পাৰঘাটবোৰৰ অধিকাংশই কাৰ্যতঃ বজাৰ সদৃশ ৰূপ লয়। আনকি সময় বাগান লগে লগে এই একাংশ পাৰঘাটত নিৰ্মাণ কৰা হয় সৰু-বৰ বিভিন্ন দোকান। এইদৰে চৰকাৰী খাচ মাটিত থকা দোকান বোৰৰ পৰা কিন্তু ৰাজহ ৰূপে এপইচাও নাহে ৰাজকোষলৈ। ইয়াতে উল্লেখ্য যে, ধুবুৰী চহৰৰ ১নং ৱাৰ্ডস্থিত খোদ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ বৰলুইতৰ পাৰঘাটৰ এচোৱাত আছে সৰু-বৰ অসংখ্য দোকান। ফলত স্বাভাবিক ভাবেই অফিচ-কাচাৰি খোলা থকা দিনত পুৱাৰ পৰা আবেলিলৈকে সেই অঞ্চলটোৰ বজাৰ সদৃশ ৰূপ লয়। কিন্তু চৰকাৰী খাচ মাটিত এইদৰে বিনা বাধায় নিজৰ খেয়ালখুচি মতে খোলা দোকানবোৰৰ কিন্তু নাই পৌৰসভাৰ ব্যৱসায়িক অনুজ্ঞাপত্ৰকে ধৰি চৰকাৰী কোনো ধৰণৰ অনুমোদনো। ইপিনে, বেলি ডুবিলেই ধুবুৰী চহৰৰ মাজমজিয়াৰ বিশেষ কেইখনমান পাৰঘাটৰ হোটেল সুৰাপায়ীৰ আড্ডাস্থল হৈ পৰাটো সৰ্বজনবিদিত। আনকি, নিশা এনে কিছুমান দোকান ড্ৰাগছ আসক্ত যুবককে ধৰি সমাজ বিৰোধীৰ আড্ডাস্থল হৈ পৰাৰো আশংকা প্ৰকাশ কৰি আহিছে বহুতেই। কিন্তু, এইদৰে চৰকাৰী খাচ মাটিৰ অবাধ দখলৰ বিষয়টোলৈ চকুমুদা কুলীৰ ভাওত ধুবুৰী পৌৰসভাকে ধৰি প্ৰশাসন যন্ত্ৰও।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like