নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ প্ৰায় ২৫খন চাহ বাগিচা আৰু বটলিফ ফেক্টৰীয়ে নীতি বৰ্হিভূতভাৱে গেছৰ সংযোগ কৰাত ৬১ বছৰ অতিক্ৰম কৰা অসম চৰকাৰৰ লাভজনক গেছভিত্তিক উদ্যোগ প্ৰতিষ্ঠান অসম গেছ কোম্পানী লিমিটেডে শেহতীয়াকৈ দুটা বছৰত যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। এই কথা অকপট স্বীকাৰ কৰিছে অসম গেছ কোম্পানীৰ অধ্যক্ষ বলীন চেতীয়াই। যোৱা ১৪ আগষ্টত দুলীয়াজানস্থিত অসম গেছ কোম্পানীৰ বিষয়াৰ বিনোদন কেন্দ্ৰত সন্ধিয়া ভাগত অনুষ্ঠিত সংবাদ মেলত কোম্পানীটোৰ অধ্যক্ষ গৰাকীৰ লগতে উপাধ্যক্ষ ইন্দ্ৰ গগৈ, পৰিচালন সঞ্চালক গকুলচন্দ্ৰ স্বৰ্গীয়াৰী আৰু গাণনিক বিভাগৰ মহাপ্ৰৱন্ধক হৰেণ মহন্ত উপস্থিত থাকি বিগত সময়ৰ পৰা সন্মুখীন হৈ অহা সমস্যাৰাজি দাঙি ধৰাৰ লগতে গেছ কোম্পানীৰ ভৱিষ্যত প্ৰকল্পসমূহৰ ওপৰতো এক খতিয়ান দাঙি ধৰে। সংবাদমেলত ব্যক্ত কৰা অনুসৰি উদ্যোগ প্ৰতিষ্ঠানটোৱে বৰ্তমান ৪৮৪ খন চাহ বাগিচাত গেছৰ যোগান ধৰি আছে আৰু ঘৰুৱা সংযোগ পঞ্চাশ হাজাৰ অতিক্ৰম কৰিছে। ঘৰুৱা সংযোগৰ ক্ষেত্ৰত উদ্যোগটোৱে বিশেষ অসুবিধাৰ সন্মুখীন হোৱা নাই যদিও একাংশ চাহ বাগিচাই গেছ চুৰি, মিটাৰ টেম্পাৰিং কৰাৰ ফলতেই এই লোকচানৰ সন্মুখীন হৈছে। এই সংক্ৰান্তত অসম গেছ কোম্পানীয়ে এখন উচ্চস্তৰীয় অনুসন্ধান কমিটি গঠন কৰি বিশেষজ্ঞৰ দ্বাৰা অনুসন্ধান চলাই অইল ইণ্ডিয়া লিমিটেডৰ পৰা অসম গেছ কোম্পানীয়ে ক্ৰয় কৰা গেছ আৰু অসম গেছ কোম্পানীয়ে চাহ বাগিছাৰ মাজত বিতৰণ কৰা গেছৰ মাজত বৃহৎ পাৰ্থক্য ধৰা পেলাই। উজনিৰ প্ৰায়সমূহ চাহ বাগিছাতে এই অনুসন্ধান অব্যাহত ৰাখিছে যদিও বৰ্তমান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ কেইবাখনো চাহ বাগিছা আৰু বটলিফ ফেক্টৰীত নীতি বৰ্হিভূত গেছ সংযোগৰ নিশ্চিত তথ্য অসম গেছ কোম্পানীয়ে লাভ কৰি উক্ত চুৰি কাৰ্যৰে জড়িত বাগিচাসমূহলৈ ইতিমধ্যে সতৰ্কতা জাননী জাৰী কৰিছে। সংবাদমেলত সদৰী কৰা অনুসৰি অসম গেছ কোম্পানীৰে হোৱা চুক্তি অনুসৰি প্ৰত্যেক মাহে বাগিচাসমূহে ব্যয় কৰা ব্যৱসায়িক গেছৰ তথ্য দাখিল কৰিব লাগে অসম গেছ কোম্পানীক। অনুৰূপধৰণে টী-ব’ৰ্ডকো একে তথ্য দাখিল কৰাটো বাধ্যতামূলক । কিন্তু এইক্ষেত্ৰত অসম গেছ কোম্পানী আৰু টী-ব’ৰ্ডক দাখিল কৰা তথ্য আকাশ-পাতালৰ প্ৰভেদ পোহৰলৈ আহে। ইয়াৰ পৰিপ্ৰেক্ষিতত গেছ কোম্পানীয়ে অইল ইণ্ডিয়া লিমিটেডৰ পৰা ক্ৰয় কৰা গেছৰ প্ৰায় ৩.৫ শতাংশ লোকচান ভৰিবলগা হৈছে। ইতিমধ্যে বহুকেইটা ফেক্টৰীয়ে নিজৰ ভুল স্বীকাৰ কৰি অসম গেছ কোম্পানীক প্ৰকৃত তথ্য প্ৰদান কৰিছে আৰু বিসংগতি পূৰ্ণ বিলসমূহ পৰিশোধ কৰা লগতে যি কেইখন বাগিচাই অত্যাধিক মাচুল পৰিশোধ কৰিবলগীয়া হৈছে উক্ত বাগিচা সমূহক কিস্তি কিস্তি কৈ ধন আদায় দিবলৈ গেছ কোম্পানীয়ে নিৰ্দেশ জাৰি কৰিছে। অনুসন্ধান কমিটিৰ দ্বাৰা প্ৰাথমিক তদন্তত এই লোকচানৰ পৰিমাণ প্ৰায় ৩০ কোটি টকা বুলি সংবাদমেলত প্ৰকাশ কৰিছে। আনহাতে অসম গেছ কোম্পানীয়ে উপভোক্তাই ব্যৱহাৰ কৰি অহা মিটাৰৰ পৰিৱৰ্তে প্ৰাৰম্ভিক পৰ্যায়ত পৰীক্ষামূলক ভাৱে দুই হাজাৰ প্ৰি-পেইড স্মাৰ্ট মিটাৰ স্থাপন কৰিবলৈ আগবাঢ়িছে। উল্লেখযোগ্য যে ব্যৱসায়িক ভিত্তিত প্ৰাকৃতিক গেছ বিতৰণ আৰু সৰবৰাহ কৰা দেশৰ ভিতৰতে প্ৰথমটো গেছভিত্তিক প্ৰতিষ্ঠান অসম গেছ কোম্পানী লিমিটেডে দৈনিক ৬.০ মিলিয়ন মেট্ৰিক টন ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ (MMSCM) গেছ সৰবৰাহ কৰি আছে । ইতিমধ্যে নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেছন, লাকুৱা থাৰ্মেল পাৱাৰ ষ্টেছন, নীপকো, বিভিএফচিএল, এপিএলৰ উপৰি গেছ কোম্পানীৰ প্ৰায় পঞ্চাশ হাজাৰ ঘৰুৱা পাইপ গেছ সংযোগ, এক হাজাৰ বাণিজ্যিক গেছ সংযোগ, উজনি অসমৰ প্ৰায় পাঁচশ চাহ বাগিছাৰ লগতে চি এন জি ষ্টেছনতো গেছ সৰবৰাহ কৰি আছে অসম গেছ কোম্পানীয়ে। ইয়াৰোপৰি প্ৰদূষণ ৰোধ আৰু ব্যয় সংকোচনেৰে দুলীয়াজান, ডিব্ৰুগড়, টেঙাখাট, ডিমৌ, গোলাঘাটৰ হাজাৰী গাঁৱত দুটাকৈ চি এন জিৰ মাডাৰ ষ্টেছন আৰু পাঁচটাকৈ চি এন জি ইন্ধনৰ খুচুৰা বিক্ৰী কেন্দ্ৰ ইতিমধ্যে সম্পূৰ্ণৰূপত গঢ়ি তোলা হৈছে যদিও পেট্ৰ’লিয়াম এণ্ড এক্সপ্ল’চিভচ চেফটি অৰ্গেনাইজেচন (PESO) ৰ অনুমোদনৰ প্ৰয়োজন । ইফালে অহা ডিচেম্বৰ মাহৰ ভিতৰত অসম গেছ কোম্পানীয়ে ৩০ টাকৈ চি এন জি প্ৰকল্প সম্পূৰ্ণ কৰি তুলিব । একেদৰে শদিয়া সমষ্টিত অসম গেছ কোম্পানীয়ে ১২০০ বিঘা মাটিত সৌৰ প্ৰকল্প গঢ়ি তোলাৰ বাবে চৰকাৰী অনুমোদন লাভ কৰি প্ৰাৰম্ভিক কাম কাজসমূহ আগবঢ়াইছে । অসম গেছ কোম্পানীয়ে কাৰ্যশীল মূলধন নীতিৰে উত্তৰ পূব খণ্ডত প্ৰত্যক্ষ আৰু যুটীয়া উদ্যমেৰে গেছভিত্তিক উদ্যোগিক বিকাশত আগবঢ়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ হাইড্ৰ’কাৰ্বন ভিজন-২০২৩ তো অনুৰূপ অংশীদাৰীত্বৰে আগুৱাবলৈ প্ৰয়াস কৰিছে । ইফালে সংবাদমেলত সদৰী কৰামতে ২০১৯–২০ বিত্তীয় বৰ্ষত অসম গেছ কোম্পানীয়ে কৰপশ্চাদ লাভ কৰিছে ৮২.৫৫ কোটি টকা, ২০২০–২১ ত কৰপশ্চাদ লাভ ৬৪.৬১ কোটি টকাৰ বিপৰীতে ২০২১–২২ বিত্তীয় বৰ্ষত ৪৮.৯৩ কোটি টকা কৰপশ্চাদ লাভ কৰিছে। একেদৰে অসম চৰকাৰক ইয়াৰ লভ্যাংশ ২০১৯-২০ বিত্তীয় বৰ্ষত ৩.৪ কোটি টকা প্ৰদানৰ বিপৰীতে শেহতীয়াকৈ দুটা বিত্তীয় বৰ্ষত মুঠ ১০ কোটি ১৪ লাখ টকা প্ৰদান কৰিছে অসম গেছ কোম্পানী লিমিটেডে।
প্ৰেৰক কৃষ্ণা গগৈ