নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত বিএছএফ জোৱানৰ বাসগৃহৰ পৰা অবৈধ সুৰা জব্দ

নিয়মীয়া বাৰ্তা, ১৪ জুন : নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শিঙিয়া কেকুৰাচুক চুক অঞ্চলত যোৱানিশা নগাঁও আবকাৰী বিভাগ আৰু চামগুৰি থানাৰ আৰক্ষীয়ে যৌথ অভিযান চলাই বহু পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে নগাঁও আবকাৰী বিভাগ আৰু চামগুৰি থানাৰ এটা আৰক্ষী দলে যোৱানিশা এক গোপন খবৰৰ ভিত্তিত শিঙিয়া কেকুৰাচুক গাঁৱৰ নিবাসী তথা বি এছ এফ বাহিনীৰ জোৱান ৰঞ্জন বৰাৰ বাসগৃহত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায়৷ পৰৱৰ্তী সময়ত অভিযানকাৰী দলটোৱে ১৮ কাৰ্টুন বিলাসী সুৰাৰ লগতে বহু পৰিমাণৰ বিলাসী সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত অভিযুক্তজন ঘৰত নাছিল বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে৷ যোৱানিশা উদ্ধাৰ কৰা অবৈধ সুৰাখিনি মেঘালয়ৰ পৰা আনিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যদিও এইক্ষেত্ৰত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

You might also like