নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিনীহিয়েকৰ লগত পলাল খুলশালিৰ পত্নী, ঘটনা বকো মন্দিৰাৰ

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত মন্দিৰা এন চি গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ভিনীহিয়েকে পলুৱাই নিলে খুলশালিৰ পত্নীক। জানিব পৰা মতে মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত মন্দিৰা এন চি গাঁৱৰ নুৰ জামালৰ পত্নী কদভানু বেগমৰ সৈতে ভিনীহিয়েক ছাদেক আলীৰ আছিল দীৰ্ঘদিনীয়া পৰকীয়া প্ৰেমৰ সম্পৰ্ক। এটা সন্তানৰ মাতৃ কদভানু বেগমৰ প্ৰেমৰ সম্পৰ্ক ইমানেই গভীৰ হৈছিল শেহতীয়াকৈ স্বামীৰ নিজ ভিনীহিয়েক ছাদেক আলীৰ লগত যোৱা ১০ ডিছেম্বৰত ঘৰত কোনো নথকাৰ সুযোগত পলাই গ’ল কোনোবা অজ্ঞাত স্থানলৈ। জানিব পৰা মতে ইটা ভাটাত কৰ্মৰত ছাদেক আলীৰ পুৰ্বৰ দুটা পত্নী আছে। তৎসত্তেও ছাদেক আলীয়ে নিজ খুলশালীৰ পত্নীৰ লগত গঢ়ি তুলিছিল পৰকীয়া প্ৰেমৰ সম্পৰ্ক। ইফালে ভিনীহিয়েকৰ লগত পলাই যোৱা কদভানু বেগম ছাদিয়া আত্মসহায়ক গোটৰ সম্পাদিকা আছিল বুলি জানিব পৰা গৈছে। সেইবাবে আত্মসহায়ক গোটৰ সকলো নথিপত্ৰৰ লগতে ১৫ হাজাৰ টকা আৰু স্বামীৰ সাঁচতীয়া ধন ১৫ হাজাৰ মুঠ ৩০ হাজাৰ টকা লৈ ভিনীহিয়েক ছাদেক আলীৰ লগত পলাই যায়। প্ৰাপ্ত খবৰ মতে প্ৰেমিক ছাদেক আলী দুটা কন্যা সন্তানৰ পিতৃ আনহাতে ছাদিয়া আত্মসহায়ক গোটৰ সম্পাদিকা কদভানু বেগমৰ দুটা ১৪ বছৰীয়া আৰু ৮ বছৰীয়া দুটা পুত্ৰ সন্তানৰ মাতৃ। দুয়োৰে পৰকীয়া প্ৰেমৰ বাবে ঘোৰ অমানিশা নামি আহিছে প্ৰেমিক ছাদেক আলীৰ ঘৰত আৰু কদভানু বেগমৰ ঘৰত। পত্নীৰ সন্ধান বিচাৰি স্বামীয়ে অৱশেষত আশ্ৰয় ললে মন্দিৰা আৰক্ষী চকীত। মন্দিৰা আৰক্ষীয়ে ইতিমধ্যে প্ৰেমিক যুগলক বিচাৰি চলাইছে অভিযান। প্ৰেমিক প্ৰেমিকাৰ দুয়োটা পৰিয়ালে ন্যায় বিচাৰি সম্প্ৰতি আৰক্ষীলৈ বাট চাইছে। উল্লেখ্য যে ইতিপূৰ্বেও দুয়ো প্ৰেমিক প্ৰেমিকাৰ অবৈধ সম্পৰ্কৰ বিষয়ে স্থানীয় লোকে পঞ্চায়ত বহি দুয়োকে সতৰ্ক কৰি দিছিল বুলি কদভানু বেগমৰ স্বামীয়ে সাংবাদিক আগত জানিবলৈ দিয়ে।
প্ৰেৰক জমিৰ আল হাছান
You might also like