🔹 খহনীয়াত ১৩বাৰকৈ স্থানান্তৰিত গড়লা সুঁতি প্ৰাথমিক বিদ্যালয়
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অধীনস্থ কনৰা গাঁৱত ব্ৰহ্মপুত্ৰ নদীৰ বক্ষত অবৈধ খনন। উপায়হীন হৈ অবৈধ মাটি খনন কাৰ্যৰ বিৰুদ্ধে এইবাৰ তীব্ৰ প্ৰতিবাদত নামিল ০১১৬৩০১ নং গড়লা সুঁতি প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকল। বিদ্যালয়খনৰ পৰা প্ৰায় ১০০ মিটাৰ নিলগতে চলিছে এই অবাধ খনন কাৰ্য। উল্লেখযোগ্য যে ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি ইতিমধ্যে উক্ত গড়লা সুঁতি প্ৰাথমিক বিদ্যালয়খন বিগত সময়ছোৱাত তেৰবাৰকৈ স্থানান্তৰিত কৰাত পুনৰ এনে অবৈধ খননৰ ফলত বিদ্যালয়খন খহনীয়াৰ কবলত পৰাৰ আশংকাত ভুগিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে স্থানীয় নৈপৰীয়া ভুক্তভোগী ৰাইজ । সেয়ে এনে অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে এতিয়া বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদৰ জৰিয়তে অবৈধ নদী খনন বন্ধ কৰক, আমাৰ বিদ্যালয় ৰক্ষা কৰক, প্ৰশাসনে অবৈধ খনন বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । এনে অবৈধ খনন কাৰ্য বন্ধ কৰাত এতিয়া ৰহস্যজনকভাৱে নীৰৱ বৰপেটাৰ বন বিভাগ। সমান্তৰালকৈ বাঘবৰ আৰক্ষী থানা আৰু মন্দিয়া আৰক্ষী চকীৰ এলেকাধীন বিভিন্ন অঞ্চলত দিনে-নিশাই অবৈধভাৱে বালি কঢ়িয়াই নিয়া ট্ৰেক্টৰৰ দৌৰাত্ম্য ৰোধ কৰাত সম্পূৰ্ণৰূপে আৰক্ষীও ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে এই প্ৰতিবেদন প্ৰকাশ হোৱাৰ পিছত বন বিভাগ তথা নিষ্ক্ৰিয় আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়াহে হ’ব লক্ষণীয় বিষয়।
প্ৰেৰক আব্দুল আজিজ আহমেদ