অসমআঞ্চলিক নাৰায়ণপুৰৰ দ্ৰোপাং নৈত শিল-বালিৰ অবৈধ খনন By নিয়মীয়া বাৰ্তা On Oct 14, 2023 Share 🔹 বন বিভাগত চৰম অৰাজকতা 🔹 দৈনিক কৰফাঁকি দি শ শ ট্ৰেক্টৰ-ডাম্পাৰেৰে সৰবৰাহ বালি নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰ : অসম চৰকাৰৰ বিয়াগোম বন বিভাগত সম্প্ৰতি চৰম অৰাজকতাই বিৰাজ কৰিছে । লখিমপুৰ জিলাৰ নামনি অঞ্চলৰ অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা দ্ৰোপাং নৈত বিভাগীয় নীতি-নিয়ম উলংঘা কৰি শিল-বালিৰ মহলদাৰে দীৰ্ঘদিন ধৰি চলাই আহিছে শিল-বালিৰ অবৈধ খননকাৰ্য । জিলাখনৰ হাৰমতী আঞ্চলিক বন সংমণ্ডলৰ অধীনৰ নাৰায়ণপুৰৰ দ্ৰোপাং কোৱেৰীত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড । কোৱেৰীটোত দীৰ্ঘদিন ধৰি অবৈধভাবে চলোৱা শিল-বালি খননৰ ফলত তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৭ কোটি ৭৭ লাখটকীয়া শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ সেতুৰ লগতে কাষৰীয়া গাঁওসমূহলৈ । অবৈধভাৱে কোনো চালান নোহোৱাকৈ দৈনিক সৰবৰাহ হৈছে শ শ ট্ৰেক্টৰ, ডাম্পাৰ । বুলড’জাৰেৰে নৈখনত হোৰাহোৰে বালি খন্দাৰ ফলত খহিছে পাৰ। নদীত উটি গ’ল শিলৰ স্পাৰ। বন বিভাগে দিয়া সীমাৰেখা অতিক্ৰম কৰি বিভাগক বুঢ়া আঙুলি দেখুৱাই বীৰদৰ্পে শিল-বালি মাফিয়া চক্ৰই চলাই গৈছে খনন। উপায়হীন হৈ দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত ৰাইজে গাঁঠিৰ ধন ভাঙি নদীৰ গতিপথ সলনি কৰিবৰ বাবে বাঁহেৰে মাৰিলে ভেটা। জানিব পৰা মতে, বিভাগীয় নিয়ম অনুসৰি দলংখনৰ পৰা উজনিৰ অংশত ২০০ মিটাৰ আৰু নামনিৰ অংশত ৫০০মিটাৰ পৰ্যন্ত কোনো খনন কাৰ্য চলাব নোৱাৰে। কিন্তু দুৰ্ভাগ্যজনক কথা যে বিভাগীয় নীতি-নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি দলংখনৰ তলতে জে চি বিৰে অবৈধভাৱে দীৰ্ঘদিন ধৰি সংঘটিত কৰি আহিছে খনন কাৰ্য ।এই খননৰ ফলত দলংখনৰ দুয়োপাৰে থকা গাইড বান্ধ দুটাও ইতিমধ্যে নদীৰ কোবাল সোঁতে খহাবলৈ আৰম্ভ কৰাত দলংখনৰ প্ৰতি তীব্র ভাবুকি কঢ়িয়াই আনিছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগত থকা গোপন বুজাবুজিৰ ফলতে দীৰ্ঘদিন ধৰি মহলদাৰে অবৈধভাৱে এই খনন কাৰ্য অব্যাহত ৰাখিছে । আনহাতে, এই কাৰ্যৰ ফলত বৃহৎ পৰিমাণৰ ৰাজহো হেৰুৱাব লগা হৈছে বন বিভাগে । ফলত এই কাৰ্যত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । প্ৰেৰক চন্দন শইকীয়া Featured Share