নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত অবৈধ মাতৃত্বৰ বোজা ঢাকিবলৈ জঘন্য কাণ্ড : চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট : ৰূপহীহাটত মানৱৰূপী দানৱৰ জঘন্য কাণ্ড ৷ ৰূপহীহাটৰ ঔ-অনাত এটা মৃত নৱজাতক উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ৰূপহীহাটৰ ঔ-অনাৰ পথাৰত আজি পুৱাৰ ভাগত মোনাৰ ভিতৰত পানীত ওপঙি থকা অৱস্থাত এটা নৱজাতকৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ কোনো পাষাণ মাতৃয়ে অবৈধ মাতৃত্বৰ বোজা ঢাকিবলৈ এই জঘন্য কাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like