বিশেষ বাৰ্তা, ২৪ ফেব্ৰুৱাৰী: লখিমপুৰ জিলাৰ একাংশ নদ-নদীৰ বক্ষত সম্প্ৰতি অবাধে বালি খনন কার্য অব্যাহত আছে। এনে অবৈধ বালি কোৱেৰীবোৰৰ পৰা নিতৌ বহু ট্রেক্টৰে বালি সৰবৰাহ কৰি আহিছে যদিও প্রশাসন অথবা বন বিভাগে ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই। জিলাখনৰ ৰঙানদীৰ বক্ষত বিশেষকৈ পশ্চিম তেলাহী অঞ্চলত এতিয়া ৰঙানদী মথাউৰিৰ ওপৰেৰে বিভিন্ন ঠাইত বালি সৰবৰাহ অব্যাহত আছে। ৰঙানদীৰ কদমীয়াল, খাৰকাটি, পশ্চিম তেলাহী আদিত এতিয়া অবৈধভাৱে ৰঙানদীৰ বক্ষ বিদাৰি নিতৌ বালি খনন অব্যাহত আছে। সেয়েহে এই কাৰ্য ৰোধ কৰি নৈপৰীয়া লোকসকলক ৰক্ষা কৰিবলৈ প্রকৃতিপ্রেমী তথা নৈপৰীয়া লোকসকলে বন বিভাগ আৰু জিলা প্রশাসনক আহ্বান জনাইছে। এনেদৰে অবাধে বালি সৰবৰাহ কৰি অহাৰ ফলত ৰঙানদীৰ মথাউৰিৰ প্ৰতি ভাবুকি অহাৰ লগতে চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাব লগা হৈছে।
প্ৰেৰক নিতুল বৰা