নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মই সহায় হাগ্ৰামা মহিলাৰীক শুভেচ্ছা দিয়ে আছোঁ : ধুবুৰীত উৰ্খাও গৌৰা ব্ৰহ্ম

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ “সমষ্টি পুনৰ নিৰ্ধাৰণ এটা সাংবিধানিক প্ৰক্ৰিয়া। ইয়াত ক’বলগীয়া একো নাই। সমষ্টি পুনৰ নিৰ্ধাৰণটো আমি অসমৰ স্বাৰ্থত কিদৰে ভাল কৰিব পাৰি তালৈ সকলোৱে মনোযোগ দিব লাগে।” আজি ধুবুৰীৰ আৱৰ্ত ভৱনত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত সাংবাদিকৰ সন্মুখত এই মন্তব্য আগবঢ়ায় অসম চৰকাৰৰ হস্ত তাঁত, ভূমি সংৰক্ষণ, বড়োলেণ্ড উন্নয়ন মন্ত্ৰী তথা ইউপিপিএল দলৰ নেতা উৰ্খাও গৌৰা ব্ৰহ্মই। ল’গতে তেওঁ আৰু কয় যে, “আমাৰ বিটিআৰ অঞ্চলত কিমান সমষ্টি কৰ্তন যাব, কিমান বৃদ্ধি পাব সেয়া লৈ আমি চিন্তিত নহওঁ। যেতিয়া এক পৰিসৰৰ (coterminous) হৈ যাব, আমাৰ বিটিচি অঞ্চলৰ সীমা যিদৰে নিৰ্ধাৰণ কৰা হৈছে তাৰ অধীনতে আমাৰ বিধানসভা সমষ্টিবোৰ নিৰ্ধাৰিত কৰা হ’ব আৰু লোকসভা সমষ্টিও নিৰ্ধাৰিত হ’ব। সেই হিচাপত যদি যায় বিটিআৰ অঞ্চলত দুটা লোকসভা সমষ্টি আহিব লাগে আৰু তাৰ ভিতৰত ১৪টা বিধানসভা সমষ্টি আহিব লাগে।” ইয়াতে পুনৰ্নিমান হ’বলগীয়া “ব্ৰহ্ম বৰ্ডিং” নামৰ আবাসগৃহৰ স্থানখিনিৰ জিলা উপায়ুক্তৰে চৰজমিন পৰ্য্যবেক্ষণ কৰিবলৈ আজি ধুবুৰীলৈ অহা বুলি সাংবাদিকৰ সন্মুখত উল্লেখ কৰি ১৯০৩ চনতেই স্থাপিত হোৱা সেই গৃহটোৰ পুৰণি সমৃদ্ধিশালী ইতিহাস ৰোমন্থন কৰে মন্ত্ৰী গৰাকীয়ে। এই বৰ্ডিংটোৰ পৰাই বড়ো সকলৰ মাজত শিক্ষাৰ প্ৰসাৰৰ সংস্কাৰমুখী আন্দোলনৰ আৰম্ভ হোৱা বুলিও উনুকিয়ায় তেওঁ। কেৱল বড়ো বুলিয়েই নহয়, অসমৰ জনজাতি সকলৰ মাজত বৰ্তমানে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰখনত যি সংস্কাৰ আহিছে সেয়া এই “ব্ৰহ্ম বৰ্ডিং”ৰ পৰা গুৰুদেৱ কালীচৰণ ব্ৰহ্মই আৰম্ভ কৰা সংস্কাৰমুখী আন্দোলনৰ পৰিণাম বুলিও সাংবাদিকৰ সন্মুখত উল্লেখ কৰে মন্ত্ৰী ব্ৰহ্মই আৰু এই বৰ্ডিংটোৰ বিষয়টো লৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও কথাবতৰা হোৱা বুলি জনায়। আনহাতে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ সদায় হাগ্ৰামা মহিলাৰীক শুভেচ্ছা দিয়ে আছে বুলি বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য গৰাকীক কটাক্ষ কৰি কয় যে, “তেওঁ আকৌ সক্ৰিয় হওক। ২৪ x ৭, ২৪ ঘন্টাই ৰাজনীতিত আছিল যদিও মন-চন ভাঙি থাকিব নালাগে: ২৪ ঘন্টাই ৰাজনীতিয়ে কৰক। পিছে কেতিয়াবা তেওঁ মন-চন ভাঙি বহি যায়।” তেওঁ আৰু কয় যে, “আমাৰ বিৰোধী দল যদি শক্তিশালী হয়, হাগ্ৰামা যদি অলপ সক্ৰিয় হয়, আমাৰ কাৰণে ভাল। কিয়নো এক তৰফীয়া ভাৱে এটা দলে ইয়াত বিৰোধী নোহোৱাকৈ ৰাজনীতি কৰি থকাটো আকৰ্ষণীয় হৈ নাথাকে আৰু। আমি বিৰোধী শক্তিশালী হোৱাটো বিচাৰি। কিন্তু কথাটো হ’ল বিপিএফৰ আজি যিটো অৱস্থা, সেই অৱস্থাটো যিটো দেখা গেছে যে আগন্তুক ১০ বছৰলৈ তেওঁলোক আৰু ক্ষমতাত নাহে। ” উল্লেখ্য যে, আজি ধুবুৰীৰ মাজমজিয়াৰ “ব্ৰহ্ম বৰ্ডিং”ৰ স্থানখিনি পৰিদৰ্শনৰ সময়ত বিধায়ক লৰেঞ্চ ইছলামীৰ উপৰিও ধুবুৰী জিলাৰ উপায়ুক্ত দিবাগত নাথ প্ৰমুখ্যে জিলা প্ৰশাসনৰ আন কেইবাগৰাকী শীৰ্ষ বিষয়াও সংগ দিয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like