নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইমানুৱেলৰ পাছত হাগ্রামাৰ সংগ এৰিলে জ্যেষ্ঠ নেতা হেমেন্দ্রনাথ ব্রহ্মই

নিয়মীয়া বাৰ্তা ৯ জুনঃ খহনীয়া আৰম্ভ হৈছে বি পি এফ দলত৷ বি পি এফ দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক ইমানুৱেল মোছাহাৰীয়ে ‘তেওঁ আৰু বি পি এফত নাই’ বুলি ঘোষণা কৰাৰ পাছতেই সোমবাৰে তাৎপর্যপূর্ণভাৱে বি পি এফৰ জ্যেষ্ঠ নেতা, প্রাক্তন বিধায়ক তথা অসম ফুটবল সন্থাৰ সম্পাদক হেমেন্দ্রনাথ ব্রহ্মই বি পি এফ দল ত্যাগ কৰি ইউ পি পি এল দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ কোকৰাঝাৰস্থিত ইউ পি পি এলৰ মুখ্য কার্যালয়ত সোমবাৰে ইউ পি পি এলৰ সভাপতি প্রমোদ বড়ো আৰু উপদেষ্টা তথা ৰাজ্যসভাৰ প্রাক্তন সাংসদ উর্খাও গৌৰা ব্রহ্মৰ উপস্থিতিত হেমেন্দ্রনাথ ব্রহ্মই শতাধিক সমর্থকক লৈ আনুষ্ঠানিকভাৱে ইউ পি পি এল দলত যোগদান কৰে৷ বি পি এফ দলত খহনীয়া সৃষ্টি কৰি ক্রমাগতভাৱে বি পি এফৰ নেতা–কর্মীসকলে ইউ পি পি এল দলত যোগদান কৰা কার্যই ৰাজনৈতিক ধুমুহা সৃষ্টি হৈছে৷ ইউ পি পি এল দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পাছতেই বি পি এফৰ জ্যেষ্ঠ নেতা, প্রাক্তন বিধায়ক তথা অসম ফুটবল সন্থাৰ সম্পাদক হেমেন্দ্রনাথ ব্রহ্মই কয় যে তেওঁ কাকো বেয়া পাই দল ত্যাগ কৰা নাই৷ বি পি এফ দলত থাকোঁতে অহৰহ বি পি এফৰ উন্নতিৰ বাবে দেহেকেহে খাটিছিলোঁ৷ ৰাইজৰ কথা চিন্তা কৰি কোনোবা ৰাষ্ট্রীয় দলত যাব পাৰে, কিন্তু সকলোৱে যদি ৰাষ্ট্রীয় দললৈ যায়, তেনেহ’লে বি টি আৰ কোনে চাব বা বি টি আৰ চুক্তি ৰূপায়ণত প্রমোদ বড়োক কোনে সহায় কৰিব বুলি মন্তব্য কৰি হেমেন্দ্রনাথ ব্রহ্মই বেলেগৰ দোষ খুঁচৰাটো তেওঁৰ স্বভাৱ নহয় বুলি মন্তব্য কৰি সামাজিক সম্পর্কক ৰাজনীতিৰ পৰা দূৰৈত ৰখাৰ পোষকতা কৰিছে৷ তদুপৰি ইউ পি পি এলত যোগদানৰ সুযোগ দিয়াৰ বাবে প্রমোদ বড়ো আৰু উর্খাও গৌৰা ব্রহ্মৰ প্রতি কৃতজ্ঞতা জ্ঞাপন কৰে হেমেন্দ্রনাথ ব্রহ্মই৷ আনহাতে, ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে সমাজৰ বাবে ভাল চিন্তা কৰিব পৰা মানুহবোৰ হয়তো আৰু বি পি এফ দলত নাথাকিব বুলি সন্দেহ ব্যক্ত কৰি বিগত ১৭ বছৰে বি পি এফৰ শাসনে কোনো জনগোষ্ঠীকে সুখী কৰি তুলিব পৰা নাই বুলি মন্তব্য কৰিছে৷ বি পি এফ দল গণতান্ত্রিক মতাদর্শৰে পৰিচালিত নহৈ হয়তো একনায়কত্ববাদেৰে পৰিচালিত হৈছে বুলি মন্তব্য কৰি বিগত ১৭ বছৰে দাদাগিৰিৰে চলা বি পি এফ দলে এতিয়াও কিছু কিছু অঞ্চলত ধমকি দিব বিচাৰিছে যদিও এইবেলি পৰিৱর্তন নিশ্চিত আৰু ইউ পি পি এল দলে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে প্রমোদ বডোৱে৷ আনহাতে, বি পি এফৰ অবাধ দুর্নীতিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰি প্রমোদ বড়োৱে জীৱনতকৈ নির্বাচন ডাঙৰ নহয় যদিও জনতাক সুৰক্ষিত কৰি ৰাখি যদিহে নির্বাচন পতাৰ উপায় চৰকাৰৰ হাতত আছে, তেনেহ’লে নির্বাচন পতাত ইউ পি পি এলৰ আপত্তি নাই বুলিও মন্তব্য কৰিছে প্রমোদ বড়োৱে৷

You might also like