বিশেষ বাৰ্তা, ২৮ মেঃ লখিমপুৰত নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ভৰি থোৱা আজি এসপ্তাহ পূৰ্ণ হল। এই এসপ্তাহত তেও নকল সোণ, জাল নোটৰ বেহাৰ লগত জড়িত ৬২ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। তাৰোপৰি প্ৰায় ত্ৰিশ কিলোগ্রাম ওজনৰ নকল সোণ ৰ নাও, যিচুখ্ৰীষ্টৰ মুৰ্তি, এনে নাও অথবা মুৰ্তি বনোৱা সাচ আদিও উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জিলা খনৰ বঙালমৰা, দলহাট, লালুক, নাওবৈচা আদি এলেকাৰ পৰা এই অপৰাধীসকলক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰে একাংশই আত্মসমর্পণ কৰাৰ বিপৰীতে আন একাংশ ক পোনপটীয়াকৈ গ্ৰেপ্তাৰ কৰা হয়। উল্লেখ্য জিলা খনত নকল সোণ, জালনোটৰ বেহাৰ লগতে প্ৰবঞ্চনা ৰ অভিযোগ ত বিহপুৰীয়া থানাত ৯৬/২০২৩ নম্বৰৰ আৰু ভাৰতীয় দণ্ড বিধি আইনৰ ১২০(বি) /৪০৬/৪২০/৪৮৯(চি)/৪৮৯(ডি)/৩৪ধা ৰাত গোচৰ ৰুজু হৈ আছে। একেখন থানাতে ৯৪/২০২৩ নম্বৰত আৰু ১২০(বি)/৪০৬/৪২০/৪৮৯(এ)/৪৮৯(বি) /৪৮৯(চি)/৩৪ধাৰাত আছে আন এটা গোচৰ। তেনেদৰে লালুক থানাতো ৯৭/২০২৩ নম্বৰত আৰু ৪৮৯(এ)/৪৮৯(চি)/৪২০/৪০৬/১৪/১৫ ধাৰাত গোচৰ ৰুজু হৈ আছে। লখিমপুৰ সদৰ থানাত আছে ১৯২/২০২৩ নম্বৰৰ আৰু ১২০(বি)/৪৮৯(এ)/৪৮৯(চি) /৪২০/৪০৬ ধাৰাৰ এটা গোচৰ। সম্প্ৰতি এই গোচৰ সমুহৰ ভিত্তিতে ৬২ জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে জিলা খনত চলি থকা এই অভিযান ত প্ৰায় ত্ৰিশ কিলোগ্রাম ওজনৰ নকল সোণ ৰ নাও আৰু যিচুখ্ৰীষ্টৰ মুৰ্তি উদ্ধাৰ কৰা হৈছে। এনে সামগ্রী বনোৱা ভালেখিনি সাচ জব্দ কৰা হৈছে। জিলা খনত এই অপৰাধ সাম্ৰাজ্য খন সম্পুর্ণ উৎখাত নোহোৱালৈকে আৰক্ষী ৰ কঠোৰ অভিযান চলি থাকিব আৰক্ষী বিভাগে স্পষ্ট কৰি দিছে। লক্ষ্যণীয় জিলা খনত এইয়া মাথো এসপ্তাহত আৰক্ষীৰ সফলতা। নতুন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জিলা খনত ভৰি থোৱা ৰ এসপ্তাহতে কলা সাম্রাজ্যখনত কপনি উঠিল। বহুতে আত্মসমর্পণ কৰাৰ লগতে একাংশ ক গ্ৰেপ্তাৰ কৰি অনা হল। এনকাউন্টাৰ স্পেচিয়েলিষ্ট বুলি পৰিচিত আনন্দ মিশ্ৰই কিন্তু জিলা খনত এই পৰ্যন্ত এটাও গুলী ফুটুৱা নাই। এটাও গুলী নুফুটুৱাকৈ তেও ধমক দিয়েই কাবু কৰিবলৈ সক্ষম হৈছে মাফিয়া বাহিনীক। দশকৰ পাছত দশক ধৰি জিলা খনত চলি থকা এনে কলা সাম্রাজ্যখনত পূৰ্বৰ আৰক্ষী বিষয়া সকলে সক্ৰিয়ভাবে শক্তি শালী উদ্যোগ গ্রহণ কৰা নাছিল। যাৰ বাবে ভয়ংকৰ ৰূপ ধাৰণ কৰে এই কলা সাম্রাজ্যই।শেহতীয়াকৈ দক্ষ আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰ আগমনতহে কপনি উঠিল অপৰাধ সাম্ৰাজ্য খন ৰ। তেও বিনা ৰক্তপাতে জিলাখনক এনে কলা জগত খনৰ পৰা মুক্ত কৰিবলৈ দিবা নৈশ কৰা প্ৰচেষ্টাক ৰাইজে শলাগ জনোৱাৰ লগতে পূৰ্বৰ আৰক্ষী বিষয়া সকলৰ ভূমিকাক লৈ বহু প্ৰশ্ন ৰ উদয় হৈছে ৰাইজৰ মনত।
প্ৰেৰক জীৱন গোস্বামী