🔹 আৱাসিক গৃহৰ গেটত সংস্থাপন কৰা হ’ব QR কোড
🔹 ৰাজহুৱা স্থানত আৱর্জনা পেলালে ভৰিব লাগিব জৰিমনা
বিশেষ বাৰ্তা, ১৫ ডিচেম্বৰ : জনসেৱাৰ স্বাৰ্থত আৰু গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ আৱৰ্জনা ব্যৱস্থাপনাৰ সুবিধার্থে প্রথম পর্যায়ত মহানগৰীৰ ১০টা ৱাৰ্ডৰ বাবে এক নতুন ব্যৱস্থা গ্রহণ কৰা হৈছে। এই নতুন ব্যৱস্থাটো ১৫ ডিচেম্বৰৰ পৰা কাৰ্যকৰী কৰা হ’ব। পৌৰ নিগমৰ এখন জাননীৰ দ্বাৰা জনোৱা হয় যে পৌৰ নিগমৰ আৱৰ্জনা ব্যৱস্থাপনা নাগৰিক আৰু জি এম চি ৰ এক সামূহিক দায়িত্ব। সেয়েহে জি এম চিয়ে ১৮, ২৮, ২৯, ৩১, ৩২, ৩৩, ৩৬, ৪৮, ৪৯, আৰু ৫৯নং ৱাৰ্ডৰ নাগৰিকসকলক নতুন আৰু উন্নত আৱর্জনা সংগ্রহ ব্যৱস্থাটোক সমর্থন কৰিবলৈ অনুৰোধ জনায়। জাননীখনত প্ৰকাশ কৰা নতুন ব্যৱস্থাৰ উল্লেখযোগ্য দিশসমূহ হ’ল প্রতিটো আৱাসিক গৃহ (হল্ডিং)ৰ গেটত এটা QR কোড সংস্থাপন কৰা হ’ব। এই QR কোডসমূহ জি এম চিৰ অনুমোদিত কৰ্মচাৰীয়ে গেটত সংলগ্ন কৰি ৰাখিব। এই QR কোডসমূহ সম্পত্তি কৰ হোল্ডিং নম্বৰ তথ্যৰাজিৰ সৈতে সংযুক্ত হৈ থাকিব। দ্বিতীয়তে, জি এম চিৰ দ্বাৰা অনুমোদিত এজন আৱর্জনা সংগ্ৰহকাৰী কৰ্মচাৰীয়ে প্ৰতিদিনে প্ৰতিটো হল্ডিঙলৈ আহি পূর্বনির্ধাৰিত নির্দিষ্ট সময়ত আৱৰ্জনা সংগ্ৰহ কৰিব। আৱাসিক গৃহ (হল্ডিং)ৰ পৰা আৱৰ্জনা সংগ্ৰহ কৰাৰ পাছত কৰ্মচাৰীয়ে QR কোড স্কেন কৰিব। তৃতীয়তে, আৱৰ্জনা সংগ্ৰহকাৰী কৰ্মচাৰীয়ে কেৱল সেইবোৰ আৱৰ্জনাহে গ্ৰহণ কৰিব যিবোৰক দুটা ভাগত পৃথক কৰা হ’ব, ভিজা আৰু শুকান। ভিজা আৱর্জনা মানে সকলো জৈৱ পচনশীল আৱৰ্জনা যিবোৰ পচন সাৰলৈ ৰূপান্তৰিত কৰিব পাৰি। ভিজা আৱর্জনাত খাদ্য, পাত, ফুল, বাগিচাৰ অৱশিষ্ট আদি অন্তর্ভুক্ত। শুকান আৱর্জনা মানে জৈৱ অপচনশীল আৱৰ্জনা, যিবোৰ মাটিত মিহলি হৈ নাযায়। শুকান আৱৰ্জনা ভিতৰত ৰবৰ, কাগজ, ধাতু, প্লাষ্টিক, জোতা, চেনিটেৰী নেপকিন আৰু ডায়েপাৰ ইত্যাদি। তদুপৰি অভিযোগৰ সমাধান ক্ষেত্ৰত পৌৰ নিগমে জাননীখনত উল্লেখ কৰা ব্যৱস্থাৱলী হ’ল নাগৰিকে ঘৰত স্থাপন কৰা QR কোড স্কেন কৰি মোবাইল এপ্লিকেচনৰ জৰিয়তে অভিযোগ উত্থাপন কৰিব পাৰিব। অভিযোগ উত্থাপনৰ পাছত উপলব্ধ টিকট নম্বৰটো নাগৰিকে ভৱিষ্যতে ব্যৱহাৰৰ বাবে ভালকৈ ৰখাটো জৰুৰী, কিয়নো পৰৱৰ্তী সময়ত অভিযোগ নিষ্পত্তিৰ বিষয়ে সোধা-পোছা কৰাত ই সহায়ক হ’ব। দ্বিতীয়তে নাগৰিকে আৱৰ্জনা ব্যৱস্থাপনা সেৱা সন্দর্ভত অভিযোগ উত্থাপন কৰিবলৈ জি এম চি হেল্পলাইন নম্বৰ ৮৮১১০০৭০০০, ৭০৮৬০৫৩৯৪১ আৰু ৭০৮৬০২৮৩৩৯ ত যোগাযোগ কৰিব পাৰে। তদুপৰি সেৱা মাচুল সন্দৰ্ভত জাননীখনত প্ৰকাশ কৰা মতে আৱাসিক গৃহ (হল্ডিং)ৰ বাবে এই মুহূৰ্তত আৱৰ্জনা সংগ্ৰহৰ বাবে কোনো সেৱা মাচুল নাই। ‘আৱাসিক গৃহ’ৰ বাহিৰে আন সম্পত্তিৰ সেৱা মাচুলৰ কোনো পৰিৱৰ্তন নহয়। এই আৱাসিক গৃহসমূহৰ পৰা অধিসূচনা অনুসৰি ইতিমধ্যে চলি থকা হাৰতে মাচুল সংগ্রহ হ’ব। ৱাৰ্ডকেইটাৰ সকলো নাগৰিকক আৱৰ্জনাসমূহ কেৱল জি এম চিৰ অনুমোদিত আৱৰ্জনা সংগ্রাহক কৰ্মচাৰীকহে গতাই দিবলৈ অনুৰোধ জনায়। যদিহে নাগৰিকে ৰাজহুৱা স্থানত আৱর্জনা পেলায়, তেতিয়া GMC Act, 1971 আৰু Solid Waste Management Rules 2016 অনুসৰি জৰিমনা ভৰিব লাগিব।