বজালী জিলাৰ পাটাছাৰকুছি সমষ্টিত গুৰুত্বপূৰ্ণ পথ-দলঙৰ আধাৰশিলা স্থাপন
নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ দীৰ্ঘদিন ধৰি পথৰ কদৰ্যময় অৱস্থাৰ বাবে বজালী জিলাৰ কেইবাখনো ৰাজহ গাঁৱৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভোগ কৰি অহাৰ পাছত আজি জিলাখনৰ পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত কেইবাটাও গুৰুত্বপূৰ্ণ গড়কাপ্টানী পথৰ কাম আৰু দলঙৰ আধাৰশিলা স্থাপন কৰা হয়। গড়কাপ্টানী বিভাগৰ ভৱানীপুৰ-পাটাছাৰকুছি-সৰুক্ষেত্ৰী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ উদ্যোগত অনুষ্ঠিত এই আধাৰশিলা স্থাপনে উক্ত অঞ্চলৰ ৰাইজৰ মাজত আশাৰ সঞ্চাৰ কৰিছে। আজি পুৱা প্ৰথমতে পাটাছাৰকুছি সমষ্টিৰ টিহুৰ পৰা বেজকুছি-বৰসাহান হৈ বনগাঁওলৈ যোৱা পথটো চৰকাৰৰ আৰাইডিএফ আঁচনিৰ জৰিয়তে পকীকৰণৰ আধাৰশিলা স্থাপন কৰে অঞ্চলটোৰ বৰ্ষীয়ান বিশিষ্ট সমাজকৰ্মী প্ৰভাত ৰয়ে। আধাৰশিলা স্থাপনৰ উদ্দেশ্যে ভৱানীপুৰ-পাটাছাৰকুছি-সৰুক্ষেত্ৰী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ইনামুল ইছলামে আঁত ধৰা আৰু কাৰ্যবাহী অভিযন্তা পৰেশ হালৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰে। আধাৰশিলা অনুষ্ঠানটোত পূব বজালী জিলা পৰিষদৰ সদস্য ৰঞ্জিত শালৈ, বিজেপিৰ যুৱ নেতা ৰাহুল দেৱ বশিষ্ট, কুলদীপ দাস, ঠিকাদাৰ কুসুম্বৰ তালুকদাৰ আদি লোক উপস্থিত থাকে। ইয়াৰ পুৰ্বে কাউৰেহাগীৰ পৰা মাগুৰী পথৰ দলঙৰ আধাৰশিলা স্থাপন কৰে জিলা পৰিষদৰ সদস্য ৰঞ্জিত শালৈ। ইয়াৰ পিছতে টিহু ডুমুনী পথ সংযোগী গৰেমাৰীৰ পৰা নতুন বগাপাৰালৈ যোৱা পথৰ আধাৰশিলা স্থাপন কৰে উত্তৰ বজালী জিলা পৰিষদৰ সদস্য ভণিতা ৰয় বড়োই। ইয়াৰ পিছত ঘেলেংপাৰা- বগাপাৰা পথৰ ওপৰত থকা এখন দলঙৰ আধাৰশিলা স্থাপন কৰা হয়৷
প্ৰেৰকঃ কল্যাণ কলিতা