নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিজিলেঞ্চৰ জালত ধুবুৰীৰ খঁকুৱা সহকাৰী কাৰ্যবাহী বিষয়া ইমতিয়াজ মণ্ডল

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা পৰিষদৰ কাৰ্যালয়ত আবেলি অতৰ্কিতে উপস্থিত হয়। জিলা পৰিষদৰ কাৰ্যালয়ত উপস্থিত হৈয়ে ঘোচ লোৱা অৱস্থাত সহকাৰী কাৰ্যবাহী বিষয়া ইমতিয়াজ মণ্ডলক হাতে-লোটে ধৰা পেলায়। জানিব পৰা মতে, জল জীৱন মিছনৰ কামৰ বিল আদায় দিয়াৰ নামত বিষয়াগৰাকীয়ে বিভিন্ন ঠিকাদাৰৰ সোঁৱে-বাঁৱে উৎকোচ লৈ আহিছে। আজিও জিলা পৰিষদৰ সহকাৰী কাৰ্যবাহী বিষয়াগৰাকী জল জীৱন মিছনৰ কামৰ বিলৰ বাবদ উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ দল এটাই গ্ৰেপ্তাৰ কৰে। বিষয়াগৰাকীয়ে দীৰ্ঘদিন ধৰি বিভিন্ন চৰকাৰী কামৰ বাবে গাওঁ পঞ্চায়ত প্ৰতিনিধি, আঞ্চলিক পঞ্চায়ত প্ৰতিনিধি আৰু জল জীৱন মিছন আঁচনিৰ ঠিকাদাৰৰ পৰা বিভিন্ন অজুহাত দেখুৱাই উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। জিলা পৰিষদৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ দলে জিলা পৰিষদৰ সহকাৰী কাৰ্য্যবাহী বিষয়া ইমতিয়াছ মণ্ডলক জেৰা অব্যাহত ৰখাৰ বিপৰীতে আন এটা দলে ইমতিয়াজ মণ্ডলৰ মানকাচৰৰ ঝাউডাংগাস্থিত বাসগৃহতো উপস্থিত হৈ অভিযান চলায়। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে বাতৰি লিখাৰ পৰলৈকে এই বিষয়ে একো মন্তব্য কৰা নাই।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like