নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত সক্রিয় নকল সোণ–জালনোটৰ বৃহৎ চক্র

বিধানসভাৰ গৃহ বিভাগৰ ষ্টেণ্ডিং কমিটীৰ উদ্বেগজনক তথ্য

নিয়মীয়া বাৰ্তা ৩০ আগষ্টঃ সমাজবিৰোধী শক্তিৰ ৰম্যভূমি হৈ পৰিছে অসম৷ ৰাজ্যখনৰ সর্বত্র সমাজবিৰোধী শক্তিসমূহে জাতিটোক নিচাগ্রস্ত কৰাৰ লগতে অর্থনৈতিক খণ্ডতো বৃহৎ আঘাত হানি সকলো দিশৰ পৰা নিশকতীয়া কৰাৰ অঘোষিত প্রতিযোগিতাত নামি পৰিছে৷ ড্রাগ্ছৰ দৰে বৰবিহে অসমৰ সমাজ জীৱনক যিধৰণে গ্রাস কৰিছে, বর্তমানৰ চৰকাৰখনে দায়িত্বভাৰ গ্রহণ কৰাৰ পৰা ইয়াৰ বিৰুদ্ধে আৰম্ভ কৰা সফল অভিযানে সেই ছবিখন অতি পৰিস্ফুটভাৱে উন্মোচিত কৰিছে৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত অসম আৰক্ষীয়ে প্রতিদিনে ৰাজ্যখনৰ ভিন্ন প্রান্তৰ পৰা বৃহৎ পৰিমাণৰ ড্রাগ্ছ উদ্ধাৰৰ লগতে সৰবৰাহকাৰী গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ড্রাগ্ছৰ বিৰুদ্ধে চলা এই অভিযানৰ সময়তে অসমত নকল সোণ, জালনোট, অবৈধ লটাৰী, জুৱা, তীৰ খেল, জীৱ–জন্তুৰ চোৰাং সৰবৰাহ, অবৈধ অৰুণাচলী সুৰাৰ বেহা চলি থকাৰ ভয়ংকৰ ছবি উন্মোচন কৰিছে অসম বিধানসভাৰ গৃহ বিভাগৰ ষ্টেণ্ডিং কমিটীয়ে৷

বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাক অধ্যক্ষ হিচাপে লৈ গঠিত উক্ত ষ্টেণ্ডিং কমিটীৰ শেহতীয়া প্রতিবেদনত ৰাজ্যখনত নকল সোণ, জালনোট, অবৈধ লটাৰী, জুৱা, তীৰ খেল, জীৱ–জন্তুৰ চোৰাং সৰবৰাহ, অবৈধ অৰুণাচলী সুৰাৰ বেহা চলি থকাৰ তথ্য পোহৰলৈ আহিছে৷ ষ্টেণ্ডিং কমিটীয়ে প্রতিবেদনত উল্লেখ কৰা অনুসৰি ৰাজ্যখনত বিশেষকৈ লখিমপুৰ জিলাৰ বঙালমৰা অঞ্চলত নকল সোণ আৰু জাল নোটৰ এক বৃহৎ চক্র আছে৷ অসম আৰক্ষীয়ে এই নকল সোণ আৰু জালনোটৰ চক্রৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ আৰু ব্যৱস্থা ল’ব লাগে৷ বঙালমৰা অঞ্চলত জালনোট প্রস্তুত কৰা মেচিন পর্যন্ত আছে বুলি প্রতিবেদনত উল্লেখ কৰি নকল সোণ আৰু জালনোট চক্রটোৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ লগতে জালনোট প্রস্তুত কৰা মেচিনসমূহ জব্দ কৰিবলৈ পৰামর্শ দিয়ে৷

সেইদৰে ৰাজ্যখনৰ ভিন্ন প্রান্তৰ লগতে বৰপেটাৰোড, বজালী, ভৱানীপুৰ আদি অঞ্চলত বহু অবৈধ লটাৰী, জুৱা, তীৰ খেলৰ ছিণ্ডিকেটৰ বাবে বহু পৰিয়াল ধ্বংস হোৱাৰ দিশৰ বিষয়ে উনুকিয়াই প্রতিবেদনখনত গৃহ বিভাগক অবৈধ লটাৰী, জুৱা, তীৰ খেলৰ ছিণ্ডিকেট সম্পূর্ণৰূপে বন্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্রহণৰ পৰামর্শ আগবঢ়ায়৷ আনহাতে, নিশাৰ ভাগত ব্রহ্মপুত্রৰে জীৱ–জন্তুৰ চোৰাং সৰবৰাহ হৈ থকাৰ কথা উল্লেখ কৰি আজাৰাত নদী আৰক্ষী আউট পোষ্ট স্থাপন কৰি সেই অবৈধ কার্য ৰোধৰ ব্যৱস্থা ল’বলৈ চৰকাৰক পৰামর্শ দিয়ে৷ একেদৰে অৰুণাচল প্রদেশৰ পৰা অসমলৈ সৰবৰাহ হৈ থকা অবৈধ অৰুণাচলী সুৰাৰ বাবেই ৰাজ্যখনে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুওৱাৰ বিষয়ে প্রতিবেদনখনত উল্লেখ কৰি গৃহ বিভাগক আবকাৰী বিভাগৰ সৈতে সু–সমন্বয় স্থাপন কৰি অবৈধ অৰুণাচলী সুৰাৰ সৰবৰাহ বন্ধ কৰাৰ ক্ষেত্রত পদক্ষেপ ল’বলৈ পৰামর্শ আগবঢ়ায়৷

ইপিনে ভিজিলেঞ্চ আৰু এণ্টি কৰাপ্চন সঞ্চালকালয়ত খালী হৈ থকা পদসমূহ পূৰণ কৰি বিভাগটোক শক্তিশালী আৰু সুচল কৰাত ষ্টেণ্ডিং কমিটীয়ে গুৰুত্ব আৰোপ কৰি কয় যে উক্ত সঞ্চালকালয়ত নিয়োজিত বিষয়াসকলৰ সঘন বদলিৰ বাবে অনুসন্ধান প্রক্রিয়াত যথেষ্ট জটিলতা সৃষ্টি হৈ আহিছে৷ সেয়ে ষ্টেণ্ডিং কমিটীয়ে ভিজিলেঞ্চ আৰু এণ্টি কৰাপ্চন সঞ্চালকালয়ত তৎকালে কাৰিকৰী বিষয়া, আইনী বিষয়া আৰু গাণনিক বিষয়া নিয়োগ কৰাৰ বাবে চৰকাৰক পৰামর্শ আগবঢ়ায়৷ তদুপৰি অনুসন্ধান প্রক্রিয়া যাতে সুচলভাৱে সম্পন্ন হয়, তাৰ প্রতি লক্ষ্য ৰাখি বিষয়াসকলৰ বদলিৰ ক্ষেত্রতো এক সুনির্দিষ্ট সময় স্থিৰ কৰিবলৈ পৰামর্শ দিয়ে৷ ৰাজ্যখনত চলি থকা তেনেধৰণৰ অবৈধ সমাজবিৰোধী কার্যকলাপে এফালে যিদৰে ইটোৰ পাছত সিটো পৰিয়াল ধ্বংসৰ গৰাহলৈ ঠেলি দিছে, আনফালে ৰাজ্যৰ অর্থনীতিতো বৃহৎ আঘাত হানিছে৷ নকল সোণ আৰু জালনোটৰ সৰবৰাহৰ আঁৰত আন্তঃৰাষ্ট্রীয় দেশবিৰোধী চক্র জড়িত থকাৰ সম্ভাৱনাও এইক্ষেত্রত নুই কৰিব নোৱাৰি৷

ড্রাগ্ছৰ বিৰুদ্ধে সম্প্রতি অসম আৰক্ষীয়ে যি শূন্য সহনশীলতাৰে দৃঢ় অভিযান চলাই আছে, একেদৰে নকল সোণ আৰু জালনোটৰ বিৰুদ্ধে অভিযান চলিলেহে আঁৰৰ চক্রসমূহ পোহৰলৈ আহিব৷ গৃহ বিভাগৰ ষ্টেণ্ডিং কমিটীয়ে প্রতিবেদনখনত লখিমপুৰ জিলাৰ বঙালমৰা অঞ্চলটোৰ পৰা সেই কার্য চলি আহিছে বুলি স্পষ্টভাৱে উল্লেখ কৰাৰ পাছতো আজি পর্যন্ত আৰক্ষীয়ে সেই চক্রটোক উৎখাত কৰিবলৈ সক্ষম নোহোৱা ঘটনাই ৰাইজৰ মনত বিভিন্ন প্রশ্ণৰ অৱতাৰণা কৰিছে৷ অনুৰূপ ধৰণে ৰাজ্যৰ বৃহৎ আৰক্ষী বাহিনীৰ অজ্ঞাতে অবৈধ লটাৰী, জুৱা, তীৰ খেলৰ ছিণ্ডিকেট চলি থকাটোৱে আৰক্ষীৰ দায়িত্ব আৰু কর্তব্য সম্পর্কতো ৰাইজৰ মনত সন্দেহ উপজিছে৷ ৰাইজে আশা কৰিছে ড্রাগ্ছৰ বিৰুদ্ধে সম্প্রতি অসম আৰক্ষীয়ে যি সামাজিক দায়বদ্ধতা প্রদর্শন কৰি সফল অভিযান চলাই আছে, একেই সামাজিক দায়বদ্ধতাৰে আৰক্ষীয়ে নকল সোণ, জালনোট, অবৈধ লটাৰী, জুৱা, তীৰ খেল আদি অসামাজিক কার্যকলাপৰ বিৰুদ্ধেও শূন্য সহনশীলতাৰে অভিযান চলাই অসমক অসামাজিক কার্যকলাপৰ ৰম্যভূমিৰ পৰা উদ্ধাৰ কৰক৷

You might also like