অসমত কয়লা চুপাৰি–আফুগুটিৰ ছিণ্ডিকেট নাই
নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ অসমত কয়লা–চুপাৰি–আফুগুটী আদিৰ কোনো ধৰণৰ ছিণ্ডিকেট চলা নাই৷ –আজি সদনত এই মন্তব্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ৷ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ এক লিখিত প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রীৰ হৈ মন্ত্রী পাটোৱাৰীয়ে সেই উত্তৰ দি কয় যে সময়ে সময়ে কয়লা–চুপাৰি আদি সৰবৰাহ সংক্রান্তত কিছুমান অবৈধ কার্যকলাপ চলি থকাৰ বিষয়ে চৰকাৰ অৱগত৷ কয়লাৰ অবৈধ খনন, পৰিবহণ আৰু অবৈধ চুপাৰি সৰবৰাহৰ ঘটনা সম্পর্কত চৰকাৰে বিধি মতে ব্যৱস্থা লোৱাৰ কোনো শিথিলতা প্রদর্শন কৰা নাই৷ অপৰাধত জড়িত ব্যক্তিৰ প্রতি চৰকাৰে সদায় কঠোৰ স্থিতি গ্রহণ কৰি আহিছে৷ ২০১৭ চনৰ জানুৱাৰী মাহৰ পৰা ২০১৯ চনৰ ৩১ ডিচেম্বৰলৈ অবৈধভাৱে কয়লা সৰবৰাহৰ ক্ষেত্রত ৰাজ্যখনত মুঠ ২৫৩টা মোকর্দমা ৰুজু কৰা হয় আৰু ৬৭২খন বাহন জব্দ কৰা হয়৷ এই সংক্রান্তত ৩৯৩জন লোকক গ্রেপ্তাৰ কৰা হয়৷ অবৈধভাৱে চুপাৰি সৰবৰাহৰ অপৰাধত মুঠ ১৬টা গোচৰ ৰুজু কৰা হয়৷ সদনত তেওঁ আৰু কয় যে বৰাক উপত্যকাত কোনো ধৰণৰ কয়লা ছিণ্ডিকেটৰ অৱস্থিতি সন্দর্ভত চৰকাৰৰ হাতত তথ্য নাই৷ বৰাক উপত্যকাৰ জনপ্রতিনিধিৰ বিৰুদ্ধেও এই সংক্রান্তত কোনো ধৰণৰ গোচৰ কোনো থানাত ৰুজু হোৱা নাই৷