বিধানসভা নির্বাচনত টকাৰ বিনিময়ত টিকট দিছে অখিলে
নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ–নির্বাচনক লৈ ৰাজনৈতিক দল আৰু প্রার্থীসকলৰ মাজত তৎপৰতা চলি থকাৰ সময়তে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু কংগ্রেছৰ বিৰুদ্ধে বিস্ফোৰণ ঘটালে প্রাক্তন কংগ্রেছী মন্ত্রী তথা প্রদেশ কংগ্রেছৰ প্রাক্তন সাধাৰণ সম্পাদক মহিবুল হকে৷ সোমবাৰে গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত প্রাক্তন জ্যেষ্ঠ কংগ্রেছ নেতাগৰাকীয়ে যোৱা বিধানসভা নির্বাচনত দলীয় টিকট দিয়াৰ নামত কংগ্রেছৰ লগতে নৱগঠিত ৰাইজৰ দলেও ব্যাপক ধনৰ লেনদেন কৰাৰ গুৰুতৰ অভিযোগ কৰে৷
প্রাক্তন কংগ্রেছী মন্ত্রীগৰাকীয়ে কয় যে তেওঁৰ ভাতৃ ৰছুল হক বাহাদুৰক পাঁচ লাখ টকাৰ বিনিময়ত ৰাইজৰ দলে ধুবুৰী সমষ্টিত দলীয় টিকট দিয়ে৷ সেইদৰে প্রাক্তন বিধায়ক আলী আকবৰ মিঞাই ৩০ লাখ টকাৰ বিনিময়ত বিলাসীপাৰা পশ্চিম সমষ্টিত ৰাইজৰ দলৰ টিকট লাভ কৰে৷ তেওঁৰ ভাতৃ ৰছুল হক বাহাদুৰে ৰাইজৰ দলৰ এজন সাধাৰণ সম্পাদকৰ জৰিয়তে সেই ধন আদায় দিছিল৷ একেদৰে কংগ্রেছ দলতো দলীয় টিকট দিয়াৰ নামত ব্যাপক ধনৰ লেনদেন হোৱাৰ গুৰুতৰ অভিযোগ কৰি কয় যে প্রদেশ কংগ্রেছৰ প্রয়াত সভাপতি অঞ্জন দত্তৰ কার্যকালৰ পূর্বৰে পৰাই টিকটৰ বেচা–কিনা আৰম্ভ হয়৷ ৰিপুণ বৰাৰ আমোলত পঞ্চায়তৰ টিকটপর্যন্ত বিক্রী হয়৷ যোৱা বিধানসভা নির্বাচনৰ সময়ত টিকট দিয়াটো নিবিদাৰ পর্যায়লৈ গৈ পায়৷ যিয়ে সর্বাধিক টকা দিব পাৰিছে, তাকেই টিকট দিয়া হৈছে৷ কংগ্রেছৰ এজন প্রাক্তন মন্ত্রীয়ে দুই কোটি ২০ লাখ টকা আদায় দিও শেষমুহূর্তত দলীয় টিকট লাভ নকৰিলে৷
একেদৰে এ আই চি চিৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙক ৫০ লাখ টকা দিয়াৰ পাছতো ধুবুৰীৰ এজন প্রাক্তন বিধায়কে দলীয় টিকট লাভ কৰিবলৈ সক্ষম নহ’ল৷ কংগ্রেছৰ সেইগৰাকী প্রাক্তন বিধায়কে এ আই চি চিৰ এজন সম্পাদকৰ জৰিয়তে জিতেন্দ্র সিঙক ৫০ লাখ টকা আদায় দিছিল৷ আনকি তেওঁৰ পৰাও এক কোটি টকা টিকটৰ বাবে বিচাৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সেই প্রস্তাৱত তেওঁ সন্মতি দিয়া নাছিল৷ তেওঁৰ সমষ্টিৰে এজন কংগ্রেছীয়ে টিকটৰ নামত টকা দি দি এতিয়া শেষ হৈ গ’ল বুলি মন্তব্য কৰি কয় যে কংগ্রেছৰ টিকটৰ নামত চলা এই ব্যৱসায়ৰ বিষয়ে জিতেন্দ্র সিঙৰ সন্মুখতে দলীয় বৈঠকত অৱগত কৰিছিল৷ কিন্তু সেইবোৰৰ ক্ষেত্রত দলে কোনো ব্যৱস্থা নল’লে৷ সংবাদ মেলখনত প্রাক্তন মন্ত্রী হকে আৰু কয় যে এ আই ইউ ডি এফৰ বিৰুদ্ধেও ধনৰ বিনিময়ত টিকট দিয়াৰ অভিযোগ শুনা যায়৷ কিন্তু বিজেপি, অগপ, ইউ পি পি এল, অজাপ আদি দল এনেধৰণৰ অভিযোগৰ পৰা মুক্ত৷
আনহাতে, সমাগত উপ–নির্বাচনত তেওঁ ভৱানীপুৰ আৰু গোসাঁইগাঁও সমষ্টিত কংগ্রেছ আৰু এ আই ইউ ডি এফৰ বিৰুদ্ধে নির্বাচনী প্রচাৰ চলাবলৈ যাব বুলি জানিবলৈ দি কয় যে তেওঁ সমষ্টি দুটাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত সেই প্রচাৰ চলাব৷ সংখ্যালঘু ৰাইজ আজিও আৱেগিকভাৱে চলে বাবেই তেওঁ এই সিদ্ধান্ত লৈছে৷ উন্নয়নৰ স্বার্থত সংখ্যালঘু ৰাইজক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হাত শক্তিশালী কৰিবলৈ তেওঁ আহ্বান জনাব৷
ইপিনে, আদর্শগত কোনো কংগ্রেছীয়েই বর্তমানৰ কংগ্রেছত থাকিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ দুজন জ্যেষ্ঠ কংগ্রেছী তথা প্রাক্তন মন্ত্রীৰ দুই পুত্রই কালি বিজেপিত যোগদান কৰিছে৷ ইতিমধ্যে দুজন নির্বাচিত বিধায়কেও কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে৷ কংগ্রেছত পূর্বৰ আদর্শ নোহোৱা হৈছে৷ বর্তমানৰ কংগ্রেছ জিনছ কংগ্রেছ হৈছে৷ নিখিল ভাৰত কংগ্রেছ কমিটীৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীয়ে জিনছৰ পেণ্ট আৰু পাঞ্জাবী পিন্ধে৷ প্রদেশ কংগ্রেছৰ দুই কার্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ আৰু কমলাক্ষ দে’ পুৰকায়স্থও জিনছ পিন্ধে৷ অথচ কংগ্রেছৰ এজন সদস্যৰ প্রথম চর্ত হৈছে খাদী পোছাক পৰিধান কৰা৷ সেইদৰে কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীৰ প্রসংগও টানি আনি তেওঁ কয় যে দলৰ সংবিধান অনুসৰি দলীয় অধিৱেশনে সভাপতি নির্বাচিত কৰে৷ যোৱা লোকসভা নির্বাচনত তেতিয়াৰ কংগ্রেছ সভাপতি ৰাহুল গান্ধীয়ে দলীয় বিপর্যয়ৰ বাবে সভাপতি পদ ত্যাগ কৰে৷ সংবিধান অনুসৰি দলীয় সভাপতিৰ পদত্যাগৰ পাছত দলৰ জ্যেষ্ঠ সাধাৰণ সম্পাদক গোলাম নবী আজাদে সভাপতিৰ কাম–কাজ চম্ভালিব লাগিছিল৷ কিন্তু চি ডব্লিউ চিয়ে ছোনিয়া গান্ধীক ভাৰপ্রাপ্ত সভাপতিৰ দায়িত্ব অর্পণ কৰে৷ যোৱা শনিবাৰে চি ডব্লিউ চিৰ বৈঠকত ছোনিয়া গান্ধীয়ে নিজকে দলৰ স্থায়ী সভাপতি বুলি মন্তব্য কৰি দলৰ সংবিধানক চৰম আঘাত কৰাৰ লগতে স্বৈৰাচাৰী আচৰণ কৰিছে৷