নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–পাকৰ মেচ বাতিলৰ দাবী

জম্মু–কাশ্মীৰত সন্ত্রাসবাদীৰ হিংসাত্মক কার্যত উদ্বিগ্ণ কেন্দ্রীয় মন্ত্রী

নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ ক্রিকেটৰ পথাৰত চিৰবৈৰী ভাৰত–পাকিস্তানৰ মুখামুখি উপভোগ কৰিবলৈ বিশ্বৰ অগণন ক্রিকেট অনুৰাগীয়ে উৎকণ্ঠাৰে অপেক্ষা কৰাৰ সময়তে এই বহু প্রত্যাশিত মেচ বাতিলৰ দাবী উত্থাপিত হৈছে৷ জম্মু–কাশ্মীৰত পাকিস্তান সমর্থিত সন্ত্রাসবাদীয়ে চলাই থকা হিংসাত্মক কার্যকলাপৰ প্রতি লক্ষ্য ৰাখি বি চি চি আয়ে পাকিস্তানৰ বিৰুদ্ধে বিশ্বকাপত মেচ খেলাৰ পৰা বিৰত থকাৰ দাবী উত্থাপন কৰিছে কেন্দ্রীয় মন্ত্রী গিৰিৰাজ সিঙে৷ সময়ে সময়ে বিভিন্ন বিতর্কিত মন্তব্যৰে বাতৰিৰ শিৰোনাম দখল কৰি অহা কেন্দ্রীয় মন্ত্রীগৰাকীয়ে  সংবাদ মাধ্যমৰ আগত কয় যে জম্মু আৰু কাশ্মীৰত হিন্দুৰ ওপৰত হৈ থকা আক্রমণৰ প্রতি লক্ষ্য ৰাখি ভাৰত–পাকিস্তানৰ সমাগত মেচখনৰ কথা পুনৰ বিবেচনা কৰা উচিত৷ কিয়নো, দুয়োখন দেশৰ মাজত সম্প্রতি সম্পর্কৰ অধিক অৱনতি ঘটিছে৷ বি চি চি আয়ে বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰি মেচখনৰ কথাটো পুনৰ বিবেচনা কৰিব লাগে৷

উল্লেখ্য যে চিৰবৈৰী ভাৰত আৰু পাকিস্তানৰ মেচৰ ওপৰত সমগ্র বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ থাকে৷ বিশ্বৰ চুকে–কোণে থকা অগণন ক্রিকেট অনুৰাগীয়ে ভাৰত–পাকিস্তানৰ হাইভল্টেজ মেচৰ ৰোমাঞ্চ আৰু উত্তেজনা উপভোগ কৰিবলৈ দীর্ঘদিনৰ পৰা অপেক্ষা কৰি থকা দেখা যায়৷ ইউ এ ইত আৰম্ভ হোৱা টি–২০ বিশ্বকাপত ভাৰতে এইবাৰ চিৰবৈৰী দেশখনৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব৷ অহা ২৪ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ টিকট কেইটামান ঘণ্টাৰ ভিতৰতে শেষ হৈ গৈছিল৷

মন কৰিবলগীয়া যে বিশ্বকাপৰ ইতিহাসত ভাৰতে প্রতিবাৰেই পাকিস্তানৰ বিৰুদ্ধে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে৷ ২০১৭ৰ আই চি চি চেম্পিয়নছ ট্রফীৰ ফাইনেলত ভাৰত আৰু পাকিস্তান অন্তিমবাৰৰ বাবে ক্রিকেটৰ পথাৰত মুখামুখি হৈছিল৷ ইফালে বি চি চি আইৰ উপ–সভাপতি ৰাজীৱ শুক্লাই ভাৰত–পাকিস্তানৰ মেচ বাতিলৰ দাবী সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰিছে৷ জম্মু আৰু কাশ্মীৰত চলি থকা সন্ত্রাসবাদীৰ হিংসাত্মক কার্যকলাপক তীব্র ভাষাৰে গৰিহণা দি তেওঁ কয় যে বিশ্বকাপৰ মেচ বাতিল কৰাটো তেওঁলোকৰ বাবে সম্ভৱ নহয়৷ এয়া আন্তঃৰাষ্ট্রীয় পর্যায়ৰ প্রতিশ্রুতি আৰু আই চি চিয়ে কোনোপধ্যে এইধৰণৰ সিদ্ধান্তক সমর্থন নকৰে৷

You might also like