নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱিষ্যতে চিকিৎসক হোৱাৰ মন ধৃতিৰাজ বাস্তৱ কলিতাৰ

শীৰ্ষ স্থান প্ৰাপ্ত ধৃতিৰাজক লৈ উছাহৰ ধল বৰমপুৰত

নিয়মীয়া বাৰ্তা ৬ মেঃ  আজি ঘোষিত ফলাফলত শীৰ্ষ স্থানদখল কৰি ৰাজ্যৰ ভিতৰতে উজলি উঠিছে ছিপাঝাৰৰ বৰমপুৰ জাতীয় বিদ্যালয়ৰ মেধাবী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতা। দৰং জিলাৰ পশ্চিমাঞ্চলৰ বানেইকুছি গাঁৱৰ শিক্ষক নৱকুমাৰ কলিতা আৰু আদৰ্শ গৃহিণী তুলুমনি কলিতাৰ পুত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ মুঠ ৫৯৫ নম্বৰ পাবলৈ সক্ষম হয় । মেধাবী ছাত্ৰ গৰাকীয়ে ঐচ্ছিক গণিত,সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞানত সৰ্বোচ্চ নম্বৰ লাভ কৰে । “প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰিব বুলি নিশ্চিত আছিলো যদিও প্ৰথম স্থান পাম বুলি ভবা নাছিলো”–ফলাফল পোৱাৰ পিছত এয়া আছিল মেধাবী ছাত্ৰ গৰাকীৰ প্ৰথম প্ৰতিক্ৰিয়া নিয়মীয়া বাৰ্তাৰ ওচৰত।ইফালে ভৱিষ্যতে চিকিৎসক হিচাপে ৰাইজক সেৱা কৰাৰ আশা ব্যক্ত কৰিছে মেধাবী ছাত্ৰ গৰাকীয়ে।। আত্মবিশ্বাস সফলতাৰ মূল চাবি কাঠি বুলি দোহাৰি মেধাৱী ছাত্ৰ জনে প্ৰতিটো বিষয় পুংখানুপুংখ ভাৱে অধ্যয়ন কৰাৰ বাবে এনে সাফল্য অৰ্জন কৰা বুলি কয় । “শিকাৰ ক্ষেত্ৰত মই কেতিয়াও সংকোচ কৰা নাছিলো আৰু বিজ্ঞ জনৰ পৰা নজনা কথা জানিবলৈ প্ৰতিটো মুহূৰ্তত চেষ্টা কৰিছিলো।কোনো দিনে ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি একো কৰা নাছিলো।একাগ্ৰতাৰে কাম কৰিলে ফলাফল আহিব‌ই বুলি বিশ্বাস ৰাখিছিলো।”- স্পষ্ট বাদী মেধাবী ছাত্ৰ ধৃতিৰাজে এনেদৰে ক’লে ফলাফলক লৈ নিজৰ মনৰ কথা। আজিৰ এই কৃতিত্বৰ বাবে পিতৃ-মাতৃ,শিক্ষক-শিক্ষয়িত্ৰী ,বন্ধু-বান্ধৱী সকলৰ দিহা-পৰামৰ্শ ,আশীৰ্বাদৰ কথা প্ৰকাশ কৰে । সামাজিক ঘটনা প্ৰৱাহৰ কিছু কথাই অনুপ্ৰাণিত কৰে যদি অধ্যয়ন আৰু ব্যক্তিগত জীৱনত ক্ষতি কৰিব পৰা বিষয়ৰ পৰা সদায় দূৰত থকাৰ কথা উল্লেখ কৰে । আজৰি পৰত গীত -মাতৰ চৰ্চা কৰে। অত্যন্ত মেধাৱী ছাত্ৰ গৰাকী অকল বিদ্যাতনিক দিশতে নহয় অন্যান্য দিশতো আগবঢ়া । শ্ৰেণীকোঠাৰ বাহিৰতো প্ৰতিযোগিতা মুলক বিভিন্ন পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ধৃতিৰাজ সৰুৰে পৰা মেধা সম্পন্ন । অভিভাৱকে কোনো দিনে পঢ়াৰ কথা ক’ব নলগা ধৃতিৰাজে নিজে মুল পাঠ্যপুঠি খৰচি মাৰি পঢ়াৰ ওপৰত গুৰুত্ব দিছিল । নজনা বিষয় সমূহত বিদ্যালয়ৰ শিক্ষকে ঘৰত আহি বুজাই দিয়া বুলি কয় । ইফালে শীৰ্ষ স্থানেৰে গৌৰাৱান্বিত কৰা ধৃতিৰাজ বাস্তৱ কলিতাই দুবছৰে চোৱা নাই টি ভি । ইফালে আজি মেধাবী ছাত্ৰ ধৃতিৰাজৰ এই সাফল্যক লৈ সমগ্র বৰমপুৰ অঞ্চলত দেখা গৈছে উৎসৱ মুখৰ পৰিবেশ।লক ডাউনৰ বাধ্যবাধকতাৰ বাবে বিদ্যালয়ত বিশেষ কাৰ্যসূচীৰ আয়োজনৰ পৰা বিৰত থাকিলেও ফলাফল ঘোষণা হোৱাৰ পিছৰে পৰা ছাত্ৰ গৰাকীৰ ঘৰলৈ আগমণ ঘটিছে বিভিন্ন ব্যক্তি তথা দল সংগঠনৰ প্ৰতিনিধিৰ।ছিপাঝাৰ আৰু মঙলদৈ সমষ্টিৰ বিধায়ক দ্বয় বিনন্দ কুমাৰ শ‌ইকীয়া আৰু গুৰুজ্যোতি দাস, দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা ,জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্বল প্ৰতীম বৰুৱা ,জিলা প্ৰাথমিক শিক্ষা বিষয়া,আদিৰ উপৰিও শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদৰ জিলা সমিতি,জিলা কংগ্ৰেছ, দৰং জিলা আছুকে ধৰি দৰং জিলাৰ এশৰো অধিক বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধিয়ে আহি মেধাবী ছাত্ৰগৰাকীক আদৰণি জনাই।

You might also like