নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত ৰাইজে খেদি খেদি আটক কৰিলে দুই ভণ্ড কবিৰাজক

হোজাইৰ চহৰৰ বিভিন্ন অঞ্চলত কবিৰাজী কৰাৰ চলেৰে ঠগ প্ৰবঞ্চনা কৰি সোনৰ অলংকাৰ, ধন লুটি নি এক আতংকময় পৰিবেশ সৃষ্টি কৰাৰ সময়তে চহৰখনৰ কৃষ্ণ নগৰ অঞ্চলৰ স্থানীয় ৰাইজে খেদি খেদি জমিৰ আলী আৰু আক্রম হুছেইন নামৰ দুই ভণ্ড কাবিৰাজক আটক কৰি হোজাই আৰক্ষীক গতাই দিয়ে।

জানিব পৰা মতে হোজাইৰ যোগিজান বেলতলা অঞ্চলৰ জমিৰ আলী আৰু আক্রম হুছেইন নামৰ দুই ভণ্ড কবিৰাজে এমাহ মান পূৰ্বে হোজাই চহৰৰ এটা ঘৰত পুৰুষ মানুহ নথকাৰ সুযোগ লৈ এজন বয়োজ্যেষ্ঠ মহিলাৰ ঘৰত সোমাই কবিৰাজি কৰাৰ চলেৰে সোণৰ আঙুঠি, কাণৰ পুলি আৰু নগদ ধন লৈ মহিলা জনীক কিবা বস্তু খুৱাই অচেতন কৰি পলায়ন কৰে।

একেই বৃত্তিৰ চলেৰে হোজাই চহৰৰ কৃষ্ণনগৰৰ এটা ঘৰৰ গেট খুলি ভণ্ড কবিৰাজ দুটাই মহিলা গৰাকীক কোনোবাই বান মাৰিছে বুলি কোৱাৰ লগতে এক লাখ টকা দিলেও মহিলা গৰাকী সুস্থ নহব বুলি কৈ তেওঁক ভাল কৰি দিয়াৰ প্ৰস্তাৱ দিয়ে।

উল্লেখযোগ্য যে এক মাহ পূৰ্বে ভণ্ড কবিৰাজ দুটাই যিগৰাকী মহিলাৰ অলংকাৰ লৈ গৈছিল সেই মহিলা গৰাকীৰ বোৱাৰীৰ ঘৰত আজি ভণ্ড কবিৰাজ দুটা প্ৰৱেশ কৰিছিল। শাহুয়েকে ঘটনাৰ পিছত বোৱাৰীক দিয়া বিৱৰণ মতে ভণ্ড কবিৰাজ দুজনৰ চেহেৰাৰ আকৃতি মিল খোৱাত বোৱাৰী জনীয়ে কবিৰাজ দুটাক বাড়ীৰ চৌহদৰ পৰা ওলাই দিয়ে যদিও অলপ পিছত পুনৰ সেই ঘৰত প্ৰৱেশ কৰি পানী খাব আৰু লেট্ৰিন কৰিব বুলি কবিৰাজে কোৱাত বোৱাৰী গৰাকীয়ে বুদ্ধি কৰি সকলো ব্যৱস্থা কৰি দি শাহুয়েকক খবৰ দিয়ে।

শাহুয়েক অহাৰ পিছতেই তেওঁৰ ঘৰত সংঘটিত কৰা দুয়োকে চিনি পোৱাত দুয়োকে গেট বন্ধ কৰি ওলাই যাবলৈ বাধা দিয়ে যদিও দুয়ো ভণ্ড কবিৰাজ নিজকে বচাবলৈ পলাই সাৰিবলৈ চেষ্টা কৰাত স্থানীয় স্থানীয় ৰাইজে খেদি খেদি ভণ্ড কবিৰাজ জমিৰ আলী আৰু আক্রম হুছেইনক আটক কৰি আৰক্ষীক খবৰ দিয়াত ঘটনা স্থলীৰ পৰা দুয়ো ভণ্ড কবিৰাজক থানাত লৈ যায়। দুয়ো কবিৰাজৰ পৰা আৰক্ষীয়ে কবিৰাজী সামগ্ৰী উদ্ধাৰ কৰে।

নিয়মীয়া বাৰ্তা, হোজাইঃ Date of published : 1 July, 2025

You might also like