নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৰেগাঁও-বাসুগাঁৱত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন

নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰ : বিশ্ববৰেণ্য-সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আজি মৃত্যু বাৰ্ষিকী । বিভিন্ন ঠাইৰ লগতে কোকৰাঝাৰ জিলাৰ কালীপুখুৰী ভি চি ডি চিৰ অন্তৰ্গত জৰেগাঁও কিৰণ সংঘৰ উদ্যোগত পুৱা ড০ ভূপেন হাজৰিকা প্ৰতিমূৰ্তিৰ সম্মুখত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ আদি কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয়। বন্তি প্ৰজ্বলন কৰে গাঁৱৰ বয়োজেষ্ঠ বিশিষ্ট ব্যক্তি, সমাজকৰ্মী অবিনাশ ৰায়ে আৰু মাল্যাৰ্পণ কৰে চিৰ তৰুণ হিচাপে খ্যাত তথা জৰেগাঁৱত ১৯৭৭ চনত ভূপেন হাজৰিকাক আমন্ত্ৰণ কৰি অনাৰ মূল ব্যক্তি, শিল্পী-সাহিত্যিক কান্তেশ্বৰ ৰায়ে । ইয়াৰ অন্তত ড০ ভূপেন হাজৰিকাৰ জীৱন-কৃতিৰ ওপৰত বক্তব্য দাঙি ধৰে কান্তেশ্বৰ ৰায়, অবিনাশ চন্দ্ৰ ৰায় আৰু কালীপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী পূৰবী ৰায় আৰু বামুণবাখাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কৰ্ণ মোহন ৰায়ৰ লিখিত মনোভাব পাঠ কৰে কলেন্দ্ৰ ৰায়ে । কমসংখ্যক মানুহ হ’লেও গুৰুগম্ভীৰ অনুষ্ঠানটি বছৰে বছৰে পালিত হৈ থাকক, বক্তাসকলে তাকে কামনা কৰে । গাঁৱৰে বয়োজেষ্ঠ ব্যক্তি, সমাজকৰ্মী চণ্ডীচৰণ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁতধৰে শিল্পী কলেন্দ্ৰ ৰায়ে । অনুষ্ঠানটিত ড০ ভূপেন হাজৰিকাৰ গীতেৰে পৰিৱেশটি জীপাল কৰি তোলে পম্পী ৰায়, অমৰ বৰ্মন, বেণু মাধব ৰায়, বিনোদ ৰায়, ভৃগু মুনি ৰায়, অৰ্জুন ৰায়, নৱ কুমাৰ ৰায়, মাজিন চন্দ্ৰ ৰায়, জোনমনি শৰ্মা, কলেন্দ্ৰ ৰায় ইত্যাদি । অনুষ্ঠানটিত ভূপেন হাজৰিকা গীতৰ ওপৰত নৃত্য পৰিৱেশন কৰে বাসুগাঁও গুৰুকুল নেচনেল স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী নীলাক্ষি ৰায়ে আৰু কালীপুখুৰী চিলাৰায় জাতীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ পিন্টু শৰ্মাই কবিতা আবৃত্তি কৰে । উল্লেখ্য যে বাসুগাঁও ড০ ভূপেন হাজৰিকা স্মৃতি সংৰক্ষণ সমিতিৰ উদ্যোগতো পুৱাৰে পৰা বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, জীৱন-কৃতিৰ ওপৰত বক্তব্য, গীত-নৃত্য পৰিৱেশনৰ লগতে বাসুগাঁও এ এছ এ বি ৰোডৰ উপ-পথত আজি নতুনকৈ ড০ ভূপেন হাজৰিকা পথৰ নতুনকৈ নামফলক দিয়া হয় । চিত্তৰঞ্জন বৰ্মনৰ নেতৃত্বত স্থানীয় ৰাইজৰ সহযোগত নামফলকটি আঁৰি দিয়াৰ প্ৰাকমূহূৰ্তত ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয় ।

প্ৰেৰক ভৃগু মুনি ৰায়

You might also like