নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাত্র এটা ফোনকলতে মৃগাংক-প্রজ্ঞাৰ হোমষ্টে -ত যোগান ধৰে সুৰাৰ পৰা নাৰীলৈ

🔹 মাত্র এটা ফোনকলতে মৃগাংক-প্রজ্ঞাৰ হোমষ্টে -ত যোগান ধৰে সুৰাৰ পৰা নাৰীলৈ

🔹 নম্রতা বৰাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা

🔹 ‘ডিজায়াৰ’ শীর্ষক ফেচবুক পেজৰ জৰিয়তে প্রচাৰ চলায় হোমষ্টেৰ

বিশেষ বাৰ্তা, ৯ জুন : গুৱাহাটীয়েই নহয়, দিল্লী-গোৱা আদিকে ধৰি দেশৰ যি স্থানৰেই নহওক কিয়, মাত্র এটা ফোনকলতে গুৱাহাটী মহানগৰীৰ হোমষ্টে, বাংলো, ভিলা, এপার্টমেণ্ট বা হোটেল য’তেই নহওক নিজৰ ইচ্ছা অনুসৰি পর্যটকে লাভ কৰিব পাৰে সুৰাৰ পৰা সুন্দৰী নাৰীৰ নিষিদ্ধ আতিথ্য ৷ বোকাখাতৰ যুৱতী অধিবক্তা নম্রতা বৰাৰ ৰহস্যজনক মৃত্যুৰ পাছত আৰক্ষীয়ে চলোৱা তদন্তত এতিয়া এফালৰ পৰা খোল খাবলৈ ধৰিছে মৃত নম্রতাৰ অন্যতম ঘনিষ্ঠ সতীর্থ মৃগাংক বৰুৱা আৰু প্রজ্ঞা দিহিঙীয়াৰ গোপন ব্যৱসায়ৰ ৰহস্য৷

উল্লেখ্য যে মুখ্যমন্ত্রীৰ নির্দেশৰ পাছতে মহানগৰ আৰক্ষীয়ে ঘটনাটোক গুৰুত্বসহকাৰে লৈ এফালৰ পৰা অভিযান চলাইছে মৃগাংক–প্রজ্ঞাৰ ব্যৱসায়িক সাম্রাজ্যত৷ অতি কম সময়ৰ ভিতৰতে ধনাঢ্য, আভিজাত ব্যক্তিত পৰিণত হোৱা মৃগাংক–প্রজ্ঞাৰ মূল ব্যৱসায় আছিল হোমষ্টে৷ কিয়নো বিগত দীপাৱলীৰ সময়ছোৱাত কাহিলিপাৰাৰ ট্রিটপ বাংলোত আয়োজন কৰা পার্টীত আনায়াতুল ৱাডুডৰ সৈতে চিনা–পৰিচয় হৈছিল বোকাখাতৰ নম্রতা বৰাৰ৷ মাজে–সময়ে মৃগাংক–প্রজ্ঞাৰ হোমষ্টেত নৈশ পার্টী কৰা নম্রতা বৰাক যোৱা ৩ জুনৰ নিশা কাহিলিপাৰাৰ পৰাই মেঘালয়লৈ যোৱাৰ প্রস্তাৱ দিছিল সতীর্থকেইজনে৷ সেয়ে মহানগৰ আৰক্ষীয়ে মৃগাংক–প্রজ্ঞা মালিকানাধীন গেষ্ট হাউছসমূহত অভিযান তীব্রতৰ কৰি তুলিছে৷

আৰক্ষী সূত্রই সদৰী কৰা মতে, এবছৰলৈ লীজত লোৱা কাহিলিপাৰাৰ গেষ্ট হাউছৰ লগতে উজান বজাৰ, ভিআইপি ৰোড, হেঙেৰাবাৰী আৰু ডাউন টাউনত কেইবাটাও হোমষ্টে–গেষ্ট হাউছ মৃগাংক–প্রজ্ঞাৰ আছিল৷ নিজৰ ব্যৱসায়ৰ প্রচাৰ চলাবলৈ কোনোধৰণৰ ৱেবছাইটৰ সহায় নোলোৱাকৈ সামাজিক মাধ্যম ফেচবুকত ‘ডিজায়াৰ’ শীর্ষক নামেৰে এটা পেজ খুলি লৈছিল মৃগাংক–প্রজ্ঞাই৷ পেজটোত দুয়োৰে নম্বৰ আপলোড কৰি গুৱাহাটী–যোৰহাট-দিল্লী-গোৱা আদি অঞ্চলৰ পর্যটকে বিচৰা মতেই মহানগৰীত আভিজাত বাসস্থান পাব বুলি প্রচাৰ চলাইছিল৷ বিশেষ সূত্রৰ পৰা জানিব পৰা মতে, এনেধৰণৰ গেষ্ট হাউছ অথবা হোমষ্টেৰ বিষয়ে প্রায়েই বিভিন্ন ফেচবুক পেজত বহুতেই তথ্য আপলোড কৰে যদিও সেয়া সাধাৰণ ঘটনা৷ কিন্তু মৃগাংক–প্রজ্ঞা মালিকানাধীন গেষ্ট হাউছসমূহত গ্রাহকে লাভ কৰিছিল বিশেষ সুবিধা৷ পছন্দৰ সুৰাৰ পৰা সুন্দৰী নাৰীলৈকে সকলোখিনি যোগান ধৰা হৈছিল৷ প্রয়োজন মাথোঁ মোটা অংকৰ ধনৰ৷ অকল গুৱাহাটীৰে নহয়, মৃগাংক–প্রজ্ঞাৰ গেষ্ট হাউছৰ এনে সুবিধাৰ বিষয়ে অৱগত হৈ দিল্লী–গোৱাৰো বহু পর্যটকে মহানগৰীলৈ আহিলেই তাতেই থকাৰ বাবে তাঁতবাতি কাঢ়িছিল৷ এইক্ষেত্রত সহায় কৰিছিল বিধায়ক পুত্র আনায়াতুল ৱাডুডে৷ আনায়াতুলৰ ভূমিকা এইক্ষেত্রত কিধৰণৰ আছিল সেয়া স্পষ্ট হোৱা নাই যদিও সূত্রটোৱে দাবী কৰা মতে, মৃগাংক–প্রজ্ঞাৰ একপ্রকাৰ স্পনছ’ৰ আছিল আনায়াতুল ৱাডুড৷ নিজৰ যোগাযোগত থকা বহু ব্যক্তিক মৃগাংক–প্রজ্ঞাৰ হোমষ্টেত থকাৰ সুবিধা কৰি দিয়া আনায়াতুলে মোটা অংকৰ ধন ঘটাৰ ক্ষেত্রত দুয়োকে সহায় কৰি দিছিল৷ যাৰ বাবে আনায়াতুল ৱাডুডৰ ঘনিষ্ঠ বন্ধুত পৰিণত হৈছিল মৃগাংক–প্রজ্ঞা৷ কাকতালীয়ভাৱে এসময়ত এই চক্রটোৰ সৈতে ঘনিষ্ঠ হৈ পৰিছিল অধিবক্তা নম্রতা বৰাও৷

সূত্রটোৱে সদৰী কৰা মতে, গেষ্ট হাউছৰ ব্যৱসায়ৰ পৰা লাভ কৰা ধনৰ এটা অংশ আনায়াতুল ৱাডুডেও লাভ কৰিছিল৷ এই সন্দর্ভত মহানগৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ গেষ্ট হাউছকেইটাৰ সমীপৰ বহু বাসিন্দাই অভিযোগ কৰা মতে, প্রায়েই বিভিন্ন ৰহস্যময় যুৱক–যুৱতীৰ আগমন ঘটা গেষ্ট হাউছকেইটাত নিশা বহুপৰলৈকে পার্টী চলিছিল৷ এই সন্দর্ভত অভিযোগ দিয়াৰ পাছতো মালিকপক্ষই কোনোধৰণৰ ব্যৱস্থা কেতিয়াও গ্রহণ কৰা নাছিল৷ আৰক্ষীয়ে এতিয়া চলোৱা অভিযানটোৰ পাছতে উক্ত অঞ্চলকেইটাৰ বহু বাসিন্দাই স্বস্তিৰ নিশ্বাস পেলাইছে৷ আৰক্ষীয়ে গেষ্ট হাউছকেইটাৰ পৰা বহুসংখ্যক আপত্তিজনক নথি-পত্র জব্দ কৰাৰ লগতে বহুকেইটা গেষ্ট হাউছৰ যাৱতীয় অনুমতিও নাছিল বুলি আৰক্ষী সূত্রটোৱে সদৰী কৰিছে৷

You might also like