নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত সোমবাৰে ক’ৰোনাত মৃত্যু ১৩জনৰঃ পজিটিভ ২,৪০৩

২৪ ঘণ্টাত বিশ্বজুৰি ক’ৰোনাত আক্রান্ত হ’ল তিনি লক্ষাধিক লোক

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ  মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰাজ্যজুৰি অব্যাহত আছে৷ ক্রমাৎ ভয়াৱহ ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ সংক্রমণত আজি পুনৰ ১৩গৰাকী লোকে মৃত্যুক সাবটি লয়৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই তথ্য সদৰী কৰিছে৷ সেই অনুসৰি আজি মৃত্যু হোৱা লোককেইগৰাকী হৈছে শিৱসাগৰৰ দিলীপ কুমাৰ বৰুৱা (৫৯), ধেমাজিৰ নীলম্বৰ মিলি (৭৫), ডিব্রুগড়ৰ প্রফুল্ল কোচ (৬৫), শিৱসাগৰৰ ৰশ্মি হাতীকাকতি (২৬), ধুবুৰীৰ বিনোদ ৰয় (৪১), দৰঙৰ কুমুদ চহৰীয়া (৭৫), যোৰহাটৰ ৰবীন্দ্র কুমাৰ দাস (৬৮), যোৰহাটৰ ৰবীন সোণোৱাল (৬০), গোলাঘাটৰ প্রিয়ংকা শইকীয়া (২৪), কামৰূপ মহানগৰৰ বিপুল চন্দ্র দাস (৪০), ওদালগুৰিৰ হেমচন্দ্র ডেকা (৬৫), নগাঁৱৰ লাৰুগোপাল শর্মা (৭৩) আৰু ওদালগুৰিৰ বিমলেন্দু দত্ত (৫৮)৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ভিড আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮২গৰাকীলৈ বৃদ্ধি পালে৷ ইপিনে, আন এক টুইটযোগে স্বাস্থ্যমন্ত্রীগৰাকীয়্ সদৰী কৰা অনুসৰি সোমবাৰে দিনটোত নতুনকৈ ক’ৰোনাত আক্রান্ত হৈছে ২,৪০৩গৰাকী লোক৷ বিগত ২৪ ঘণ্টাত ৩২,২৪২টা নমুনা পৰীক্ষা কৰা হৈছিল৷ অর্থাৎ আজিৰ দিনটোত আক্রান্তৰ হাৰ হৈছে ৭.৪৫ শতাংশ৷ নতুনকৈ আক্রান্তসকলৰ ভিতৰত ৫৩৮গৰাকী কামৰূপ মহানগৰৰ, ১৮৩গৰাকী ডিব্রুগড়ৰ, ১৮২গৰাকী লখিমপুৰৰ, ১৭৫গৰাকী যোৰহাটৰ আৰু ১১৮গৰাকী গোলাঘাটৰ৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা ১,৪৪,১৬৬গৰাকীলৈ বৃদ্ধি পালে৷ আনহাতে, আজিৰ দিনটোত সুস্থ হৈ ১৯১৮গৰাকী ব্যক্তি হাস্পতালৰ পৰা ঘৰলৈ উভতি যায়৷ ইয়াকে ধৰি মুঠ সুস্থ ৰোগীৰ সংখ্যা হৈছে ১,১৫,০৫১গৰাকী৷
নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত হেমকান্ত শর্মাৰ মৃত্যু
নগাঁও জিলাত ক’ৰোনাৰ ভয়াৱহতা অব্যাহত আছে৷ সোমবাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত চিকিৎসাৰত অৱস্থাত এজন ক’ভিড–১৯ পজিটিভ ৰোগীৰ মৃত্যু হৈছে৷ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকজনৰ নাম হেমকান্ত শর্মা (৬৫) বুলি স্বাস্থ্য বিভাগৰ সূত্রই জনাইছে৷ তেওঁৰ ঘৰ নগাঁও সদৰ সমষ্টিৰ অন্তর্গত বৰজহাত৷ যোৱা ১২ ছেপ্ঢেম্বৰত শর্মাক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ শর্মাৰ জ্বৰ হোৱাৰ লগতে শ্বাস–প্রশ্বাসত কষ্ট পোৱাত পৰিয়ালৰ লোকে নগাঁৱৰ নেহাৰুবালিত ক’ভিড টেষ্ট কৰাইছিল৷ টেষ্টত তেওঁৰ পজিটিভ ওলোৱাত তেওঁক ক’ভিড হাস্পতালখনত ভর্তি কৰোৱা হয়৷ আজি পুৱাৰ ভাগত তেওঁ ক’ভিড হাস্পতালখনত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে৷ ইপিনে, নগাঁও জিলাত আজিপর্যন্ত মুঠ দহগৰাকী লোক ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা বুলি নগাঁও জিলা স্বাস্থ্য বিভাগৰ সূত্রই প্রকাশ কৰিছে৷
জোনাইত দুগৰাকী ব্যক্তিৰ ক’ৰোনা ৰোগত আক্রান্ত হৈ মৃত্যু
ধেমাজি জিলাৰ জোনাই মহকুমাত দেওবাৰে নিশা দুগৰাকীব্যক্তি ক’ভিড–১৯ ৰোগত আক্রান্ত হৈ মৃত্যু হোৱা ঘটনাই ৰাইজৰ মাজত আতংক সৃষ্টি কৰিছে৷ প্রাপ্ত তথ্য মতে, জোনাই সদৰৰ নিকটৱর্তী মুর্কংচেলেক গাঁও নিৱাসী তথা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত উচ্চবর্গ সহায়ক নীলাম্বৰ মিলিয়ে (৭০) বিগত কিছুদিন ধৰি চর্দি, জ্বৰ হৈ থকাত জোনাই প্রাথমিক স্বাস্থ্যকেন্দ্রত স্বাস্থ্য পৰীক্ষা কৰি ক’ৰোনা পৰীক্ষা কৰাত পজিটিভ হয়৷ ডিব্রুগডত চিকিৎসাধীন অৱস্থাত হঠাতে স্বাস্থ্যৰ দ্রুত অৱনতি ঘটি নিশা প্রায় ৮ বজাত মৃত্যু হয়৷ ইফালে ছিগা সন্তপুৰ গাঁৱৰ ললিত দলে (৪৩) নামৰ ব্যক্তিগৰাকী গাডী দুর্ঘটনা হোৱাৰ পৰিপ্রেক্ষিতত জোনাইত চিকিৎসা কৰিবলৈ আহি চিকিৎসকে ক’ৰোনা পৰীক্ষা কৰাত পজিটিভ ধৰা পৰে৷ পাছতে ললিত দলেকো ডিব্রুগডত উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰি চিকিৎসা কৰি থকাৰ সময়তে তেওঁৰো মৃত্যু ঘটে৷ দুয়োগৰাকী ক’ৰোনা ৰোগীৰ মৃতদেহ শেষকৃত্য আজি প্রশাসনৰ ক’ভিড প্রট’কল অনুসৰি পি পি ই কিট পৰিধান কৰি ৰাজহুৱা শ্মশানত সম্পন্ন কৰে৷
নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা ক’ভিডত আক্রান্ত
নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্রৰ পৰা জানিব পৰা গৈছে৷ আনকি বিষয়াজনৰ কন্যাও ক’ভিডত আক্রান্ত হৈছে৷
নগাবাটৰ ফার্মাচিষ্ট ৰবীন সোণোৱালৰ ক’ভিড–১৯ত আক্রান্ত হৈ অকাল বিয়োগ
তিতাবৰৰ নগাবাট অঞ্চলৰ সমাজ হিতৈষী ব্যক্তি তথা পেছাত ফার্মাচিষ্ট ৰবীন সোণোৱালৰ (৫০) কালি নিশা যোৰহাট অসামৰিক চিকিৎসালয়ত ক’ভিড–১৯ত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাত অকাল বিয়োগ ঘটে৷ ৰবীন সোণোৱাল অঞ্চলটোৰ এজন সৰবৰহী ব্যক্তি হোৱাৰ লগতে বহু অনুষ্ঠান–প্রতিষ্ঠানৰ্ সৈতে ওতপ্রোতভাৱে জডিত আছিল৷ প্রয়াত সোণোৱালৰ মৃত্যুত নগাবাটবাসী ৰাইজে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ তদুপৰি সোণোৱালৰ মৃত্যুত নগাবাট ব্যৱসায়ী সন্থাই মৌন প্রার্থনাৰে এদিনৰ বাবে নগাবাটৰ সকলো ব্যৱসায়িক প্রতিষ্ঠান বন্ধ ৰাখে৷
শোণিতপুৰত ক’ৰোনাত আক্রান্ত ২গৰাকী লোকৰ মৃত্যু
শোণিতপুৰত ভয়ানকভাৱে বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা৷ বিগত ২৪ ঘণ্টাত জিলাখনত ৭৮গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াকে লৈ জিলাখনত ক’ৰোনাত আক্রান্ত হোৱা লোকৰ সংখ্যা ৪,৮৫৫গৰাকীলৈ বৃদ্ধি পাইছে৷ ক’ৰোনাত আক্রান্ত হৈ জিলাখনত পুনৰ ২গৰাকী লোকৰ মৃত্যু হৈছে৷ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোককেইগৰাকী হ’ল– ৰাক্ষসমাৰীৰ দিলীপ দত্ত (৫২) আৰু মানশিৰিৰ কৃষ বাচতোলা (৫৪)৷
শিৱসাগৰত পুনৰ ক’ভিড–১৯ত অ’এনজিচিৰ বিষয়াৰ মৃত্যুঃ ৪৯জন আক্রান্ত
শিৱসাগৰত সোমবাৰে দিনটোত পুনৰ এজন লোক ক’ভিড আক্রান্ত হৈ মৃত্যু হয়৷ ডিব্রুগড অসম চিকিৎসা মহাবিদ্যালয়ত কৰুণ মৃত্যুক সাবটি লোৱা ব্যক্তিজন হৈছে বেতবাৰীৰ আলিমূৰ নিৱাসী তথা অ’এনজিচিৰ মুখ্য প্রবন্ধক দিলীপ কুমাৰ বাৰুৱতী (৫৯)৷ বহুমূত্র আৰু ডচ্চ ৰক্তচাপত আক্রান্ত দিলীপ কুমাৰ বাৰুৱতীয়ে কালি সন্ধিয়াৰ ভাগত শ্বাস–প্রশ্বাস লোৱাৰ ক্ষেত্রত গভীৰ জটিলতাৰ সন্মুখীন হৈছিল৷ লগে লগে পৰিয়ালৰ লোকে ৰজাবাৰীস্থিত চুকাফা হাস্পতাললৈ নিয়াত ৰেপিড এণ্টিজেন পৰীক্ষাত পজিটিভ চিনাক্ত হয়৷ ক্রমাৎ বাৰুৱতীৰ অৱস্থা সংকটজনক হৈ পৰাত চিকিৎসকৰ পৰামর্শক্রমে ডিব্রুগড অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও আজি পুৱা ১০.১০বজাত তেওঁৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত পত্নীসহ এজন পুত্র, দুগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যোৱা দিলীপ কুমাৰ বাৰুৱতীৰ শেষকৃত্য ডিব্রুগড চৌকিডিঙী ৰাজহুৱা শ্মশানত পৰিয়ালৰ প্রতিনিধিৰ ডপস্থিতিত ক’ভিড প্রট’কল অনুসৰি আজি নিশা সম্পন্ন কৰাৰ বাতৰি পোৱা গৈছে৷ ইফালে, শিৱসাগৰত বিগত ২৪ ঘণ্টাত ক’ভিড–১৯ত ৪৯গৰাকী আক্রান্ত হোৱাৰ বাতৰি পোৱা গৈছে৷ ইয়াৰে ৩০গৰাকী ৰেপিড এণ্টিজেন পৰীক্ষাত চিনাক্ত হোৱাৰ বিপৰীতে বাকী ১৯গৰাকী পূর্বতে স্বোৱাব প্রদান কৰা৷ ডল্লেখ্য যে বিগত ২৪ ঘণ্টাত নপামৰ ধর্মেশ্বৰ দাসকে ধৰি আজি মৃত্যু হোৱা দিলীপ কুমাৰ বাৰুৱতীসহ দুজন ব্যক্তিৰ মৃত্যু হৈছে৷

You might also like