নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্যোগৰ তীব্র আশংকাঃ বৰষুণত পাহাৰ খহি নদীৰ বুকুত উটি গ’ল গেৰুকামুখ প্রকল্পৰ গার্ডৱাল

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত পুনৰ সংঘটিত হয় ভয়ংকৰ অঘটন৷ উত্তৰ অসম আৰু অৰুণাচল প্রদেশত বিগত এমাহ ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত সোৱণশিৰি নদীৰ জলপৃষ্ঠ উত্তাল হৈ থকাই নহয়, তীব্র বেগত পাহাৰৰ পৰা ভৈয়ামলৈ পানী নামি আহিছে৷ লখিমপুৰ আৰু ধেমাজি জিলাৰ লগতে উত্তৰ অসমৰ ৰাইজৰ বান্ধবিৰোধী দল–সংগঠনৰ প্রবল প্রতিবাদকো নেওচি শাসনাধিষ্ঠিত চৰকাৰৰ কৃপাত গেৰুকামুখত এন এইচ পি চিয়ে নির্মাণকার্য অব্যাহত ৰখা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত সম্প্রতি ৰুষ্ট প্রকৃতিৰ কোপদৃষ্টিত দর্প চূর্ণ হৈছে এন এইচ পি চিৰ মইমতালি৷

বিগত দুমাহত চাৰিবাৰকৈ প্রকল্পটোৰ মূল বান্ধৰ কাষৰ পাহাৰ খহি পৰাৰ পিছতে তুমুল প্রতিক্রিয়া মাৰ নৌযাওঁতেই পাঁচ দিন ধৰি নেৰানেপেৰা বৰষুণত প্রকল্পটোৰ মূল বান্ধৰ কাষৰ পাহাৰ খহি পুৱাবেলাতে প্রকল্পটোৰ পাৱাৰ হাউছৰ কাষৰ গার্ড ৱালখনৰ কেইবামিটাৰ অংশ উটুৱাই নিয়ে ৰুষ্ট সোৱণশিৰিৰ বানে৷ নদীপৃষ্ঠৰ পৰা প্রায় ২০ মিটাৰ ওখ আৰু অত্যন্ত মজবুতভাৱে নির্মাণ কৰা গার্ড ৱালৰ বহু অংশ সম্প্রতি উটুৱাই নিয়া কার্যই বান্ধটোৰ ভৱিষ্যতক লৈ আতংকিত কৰি তুলিছে উত্তৰ পৰীয়া জনতাক৷ গার্ডৱাল খহি পৰাৰ ফলত এন এইচ পি চিৰ বহু মূল্যৱান যন্ত্রপাতি পানীত ডুব যোৱাৰ ফলত নষ্ট হোৱা বুলি জানিব পৰা গৈছে৷ প্রাপ্ত তথ্য মতে, কালি মাজনিশা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ হূদপিণ্ড স্বৰূপ মূল শক্তিগৃহ সোৱণশিৰি নদীৰ উত্তাল বানে সম্পূর্ণৰূপে ডুবাই পেলাইছে আৰু শক্তিগৃহটোৰ এক মিটাৰ উচ্চতাৰে পানী বৈ আছে৷ এন এইচ পি চি কর্তৃপক্ষই মূল শক্তিগৃহ সুৰক্ষা দিবৰ বাবে আপ্রাণ চেষ্টা চলাই আছে৷

উল্লেখ্য যে লকডাউনৰ সময়ছোৱাৰ আৰু কৃষক নেতা অখিল গগৈৰ কাৰবন্দী হৈ থকাৰ পূর্ণ সুযোগ গ্রহণ কৰি এন এইচ পি চিয়ে মূল বান্ধৰ লগতে পাৱাৰ হাউছৰ টার্বাইন স্থাপনৰ বাবে নির্মাণকার্য পূর্ণোদ্যমে অব্যাহত ৰাখিছিল৷ টার্বাইন স্থাপনৰ বাবে বহু মূল্যৱান যন্ত্রপাতি ব্যৱহাৰ কৰি নির্মাণকার্য অব্যাহত ৰখাৰ সময়তে চলিত মাহতেই এনেদৰে প্রকৃতিৰ প্রচণ্ড বাধাৰ সন্মুুখীন হ’ব লগা হৈছে এন এইচ পি চি৷ ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতাসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পটোৰ ভৱিষ্যতক কেন্দ্র কৰি উত্তৰপৰীয়া জনতাক শংকিত কৰি ৰখাৰ সময়তে নির্মীয়মাণ অৱস্থাতে প্রকল্পৰ এনে ছবিয়ে বাৰুকৈয়ে আতংকিত কৰি তুলিছে লখিমপুৰ, ধেমাজি, মাজুলীৰ লগতে বান্ধবিৰোধী ৭০টাৰো অধিক দল–সংগঠনৰ নেতা–কর্মীক৷ সদৌ অসম ছাত্র সন্থাৰ উপ–সভাপতি চিত্রৰঞ্জন বসুমতাৰী আৰু ধেমাজি জিলাৰ আছুৰ সভাপতি দিপক শর্মা আজি গোগামুখত উপস্থিত হৈ প্রেছ বিবৃত্তিৰ জৰিয়তে শীঘ্রেই বৃহৎ আন্দোলন আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে৷

You might also like