নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ বধাকৰাত মথাউৰিলৈ সোৱণশিৰিৰ ভাবুকি

🔹 শংকিত নৈপৰীয়া ৰাইজৰ ক্ষোভ
বিশেষ বাৰ্তা, ২৯ আগষ্ট : ৰাজ্যৰ চৌদিশে এটিয়া ভদীয়া বানৰ তাণ্ডৱ। বানৰ প্ৰকোপৰ সমানে খহনীয়ায়ো সৃষ্টি কৰিছে উপৰ্যুপৰি দুৰ্যোগ। ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে বানৰ কবলত পৰিছে লখিমপুৰ জিলাও। জিলাখন বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে এই বানত। পথ, সুৰক্ষা বান্ধ আদিৰ ক্ষতি হোৱাৰ সমানে মথাউৰিৰ প্ৰতিও ভাবুকি আনিছে কেইবাখনো নৈয়ে। জিলাখনৰ আন কেইবাখনো নৈৰ লগতে সোৱণশিৰি নৈয়েও কেইবাঠাইতো মথাউৰিৰ প্ৰতি ভাবুকি আনিছে। বিশেষকৈ নগৰৰ সমীপত বধাকৰা অঞ্চলত নৈখন আগুৱাই আহি মথাউৰিত খুন্দিয়াইছে। অঞ্চলটোৰ বহু কৃষিভূমি ইতিমধ্যে নৈখনে গ্ৰাস কৰাৰ পাছত এইবাৰ মথাউৰিৰ প্ৰতি ভাবুকি আনিছে। মথাউৰিটো খহাব লাগিলে বৃহৎ এক অঞ্চলসহ লখিমপুৰ নগৰ পৰ্যন্ত বিপদাপন্ন হ’ব। উক্ত এলেকাত মথাউৰিটোৰ সুৰক্ষাৰ ব্যবস্থা ল’বলৈ ৰাইজে বহুদিনৰ পৰা দাবী জনাই আহিছে যদিও চৰকাৰ অথবা সংশ্লিষ্ট বিভাগে কাণসাৰ দিয়া নাই। পৰিণতিত নৈখনে ভয়াৱহ দুৰ্যোগৰ আশংকা নমাইছে। যাৰ বাবে এতিয়া শংকিত নদীপৰীয়া ৰাইজ। এনে ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হৈ ৰাইজ ক্ষুদ্ধ হৈ পৰিছে। একাংশ লোকে চৰকাৰ, জনপ্ৰতিনিধিৰ বিৰুদ্ধে ধ্বনি দি তৎকালীনভাৱে মথাউৰিটোৰ সুৰক্ষাৰ ব্যৱস্থা কৰি ৰাইজৰ জীৱন-সম্পত্তি ৰক্ষাৰ দাবী জনায়। ৰাইজৰ জীৱন-সম্পত্তি ৰক্ষা নকৰিলে উক্ত এলেকাৰ ৰাইজে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ দিয়ে।

 

প্ৰেৰক জীৱন গোস্বামী

You might also like