নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৱাই কোলাত কেঁচুৱা লৈ নিজৰ ই-ৰিক্সাখনৰ সৈতে ওলাই যায় ঐপুলি

🔹 জীৱন যুদ্ধত জোনাইৰ এগৰাকী যুৱতী
নিয়মীয়া বাৰ্তা, ১০ আগষ্ট : মনত অদম্য ইচ্ছাশক্তি আৰু সাহস থাকিলে পুৰুষৰ সমানে সমানে মহিলায়ো কৰিব পাৰে সকলো কাম। তাৰ এক জ্বলন্ত উদাহৰণ দাঙি ধৰিছে জোনাইৰ এগৰাকী মহিলাই। নাম তেওঁৰ ঐপুলি পাচুং। বিবাহপাশত আবদ্ধ হোৱাৰ ঠিক এবছৰ পিছতে স্বামীক হেৰুওৱা ঐপুলিয়ে ৰৈ যোৱা নাই জীৱন যুদ্ধত। অবিৰতভাৱে কৰি গৈছে জীয়াই থকাৰ এক সংগ্রাম। ২০২০ চনত চিলাপথাৰত এগৰাকী ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল এইগৰাকী যুৱতী। কিন্তু বিয়াৰ ঠিক এবছৰ পিছতে স্বামীক হেৰুৱাইছিল তেওঁ। স্বামীক হেৰুওৱাৰ পিছতো জোনাইৰ ২নং মিলনপুৰস্থিত নিজ মাতৃগৃহত থাকি চলাই গৈছে জীয়াই থকাৰ সংগ্ৰাম। পুৱাই নিজৰ তিনি বছৰীয়া কন্যা সন্তানটিক কোলাত লৈ নিজৰ ই-ৰিক্সাখন লৈ ওলাই যায় তেওঁ। নিজৰ অদম্য সাহসেৰে ই-ৰিক্সাখনৰ চকা ঘূৰাই ঘূৰাই তাই দিনটোত কৰি গৈছে এই জীৱন যুদ্ধ। পুৱাই কোলাত নিজৰ কেঁচুৱাটো লৈ ওলাই গৈ দিনটোত ভাৰা মাৰি পোৱা টকাৰে ঐপুলিয়ে নিজ মাতৃগৃহৰ লগতে স্বামীগৃহক পোহপাল দি আহিছে। অৱশ্যে তেওঁৰ এনে অদম্য কৰ্মৰাজিক বহু মানুহে প্ৰশংসা কৰিছে যদিও গাঁও অথবা কিছু অঞ্চলত ই-ৰিক্সাখন লৈ গ’লে মহিলায়ো এনেদৰে ৰিক্সা চলায়নে বুলি ইতিকিং কৰা বুলি উল্লেখ কৰে। পুৰুষ-মহিলা বুলি কোনো কথা নাই, মনত অদম্য ইচ্ছাশক্তি আৰু সাহস থাকিলে মহিলায়ো কৰিব নোৱাৰা কাম এই পৃথিৱীত নাই- এই আদৰ্শৰে তেওঁ দিনে-নিশাই চলাই গৈছে জীয়াই থকাৰ সংগ্ৰাম।
প্ৰেৰক কৰবী দলে
You might also like