নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামিলনাডুলৈ নাবালিকাক ফুচুলাই নি অন্তঃসত্ত্বা কৰি পলাল নলবাৰীৰ ইনামুল

বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰঃ নলবাৰী সৰিয়হতলিৰ এগৰাকী  দশম শ্ৰেণীৰ ছাত্ৰী কিশোৰীক চাৰি মাহ পূৰ্বে একেটা অঞ্চলৰে এটা লম্পট যুৱকে পলুৱাই নি অন্তঃসত্ত্বা অৱস্থাত কিছুদিন পূৰ্বে ঘৰত চমজাই দি পলায়ন কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত কালি কিশোৰীগৰাকীৰ মাতৃয়ে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে। ঘটনাৰ বিবৰণি মতে জিলাখনৰ সৰিয়হতলিৰ ফৰিদা বেগম আৰু হাইদৰ আলীৰ কন্যা দশম শ্ৰেণীৰ ছাত্ৰী হাছমীনা বেগমক (১৭) প্ৰেমৰ ছলনাৰে ফুচুলাই চাৰি মাহ পূৰ্বে পলুৱাই নিয়ে গাঁৱৰে ইনামুল হক নামৰ এজন যুৱকে। পিছত দুয়ো তামিলনাডুলৈ পলাই যোৱা বুলি কিশোৰীগৰাকীৰ পৰিয়ালে জানিব পাৰে। সেই সময়ত কিশোৰী গৰাকী সন্ধানহীন হোৱা বুলি থানাত এজাহাৰ দাখিল কৰিছিল যদিও কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। ইয়াৰ পিছত যোৱা ১৩ জুলাইত কিশোৰীগৰাকীক গোপনে তেওঁৰ পৰিয়ালত থৈ যায়। নলবাৰী চহৰত ফুলৰ ব্যবসায় কৰা পিতৃ হাইদৰ আলীয়ে জনোৱা মতে কিশোৰীগৰাকীয়ে কোনে পলুৱাই নিছে ভয়তে পৰিয়ালক জনোৱা নাছিল। কাৰণ লম্পত ইনামুলে কাৰোবাক জনালে কিশোৰী গৰাকীক প্ৰাণে মাৰাৰ ভাবুকি দিছিল। অৱশেষত কালি কিশোৰীগৰাকীয়ে সকলো কথা বিৱৰি কোৱাত ইনামুলৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত ন্যায় বিচাৰি এজাহাৰ দাখিল কৰিছে। জানিব দিয়া মতে কিশোৰীগৰাকী ইতিমধ্যে অন্তঃসত্তা হৈছে। লম্পট ইনামুল পলাতক আছে বুলি জানিব পৰা গৈছে। নাবালিকাক তামিলনাডুলৈ ফুচুলাই নি তাতে আবদ্ধ কৰি পিছত অন্তঃসত্ত্বা কৰি যুৱক ইমামুলে পলায়ন কৰা ঘটনাই সমগ্ৰ জিলা খনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ইপিনে নাবলিকা গৰাকীৰ পিতৃ মাতৃয়ে অভিযোগ কৰা অনুসৰি ইমামুল পুৰ্বৰে পৰা চুৰি কাৰ্য্যত জড়িত৷এই ঘটনাৰ উচিত তদন্ত আৰু দোষীৰ শাস্তি বিচাৰিছে অঞ্চলটোৰ ৰাইজে ।।।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like